আঞ্চলিক সংবাদ

February 16, 2025 6:48 PM

views 27

বাক্সা জিলাৰ আনন্দ বজাৰত সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

বাক্সা জিলাৰ আনন্দ বজাৰত থকা শংকৰদেৱ শিশু নিকেতনত আজি দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, বন্তি প্রজ্বলন, শ্বহীদ তর্পণ, গছপুলি ৰোপণ, নাম-কীৰ্তনকে ধৰি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দিনৰ ভাগত মৰিগাওঁৰ শ্ৰীশ্ৰীলাইআটি সত...

February 16, 2025 6:44 PM

views 27

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ অংশ হিচাপে খানাপাৰাত মন্ত্ৰী কেশৱ মহন্তৰ প্ৰদৰ্শনথলী পৰিদৰ্শন

গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া বিনিয়োগ আৰু আন্তঃগাঁথনি বিষয়ক শীর্ষ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি পূর্ণগতিত অব্যাহত আছে। মন্ত্ৰী কেশৱ মহন্তই আজি পুৱা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰদৰ্শনী উপ-সমিতিৰ বিষয়াসকলৰ সৈতে প্ৰদৰ্শনথলী পৰিদৰ্শন কৰে। মন্ত্ৰ...

February 16, 2025 7:29 PM

views 13

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চ পৰ্যায়ৰ সমিতিৰ পৰামৰ্শ সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত এলানি বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্য চৰকাৰৰ অধীনত থকা পৰামৰ্শ...

February 16, 2025 6:37 PM

views 10

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যৰ অংশগ্রহণ

কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ তৃতীয় সমাৱৰ্তন অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যই অংশগ্রহণ কৰে। ৰাজ্যপালগৰাকীয়ে এই অনুষ্ঠানত স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীসকলক ডিগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত ৩৫২৭ গৰাকী ছাত্ৰ-ছাত...

February 16, 2025 12:21 PM

views 18

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তত অসম আৰক্ষীৰ বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ লগতে নগদ ধন জব্দ

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ১২ নম্বৰ ক'লাজান গাঁৱৰ এজন লোকৰ বাসগৃহত কালি মেৰাপানী আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ লগতে নগদ ধন জব্দ কৰে। আৰক্ষীয়ে অঞ্চলটোৰ এগৰাকী মহিলাৰ গৃহত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ হেৰইনৰ লগতে চাৰে ৫ লাখ টকাৰো অধিক নগদ ধন জব্দ কৰাৰ উপৰি তিনিজন লোকক গ্ৰেপ্...

February 16, 2025 12:18 PM

views 17

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ  নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত অৱস্থিত কুন্দি-কু অর্থাৎ দেওশালৰ নৱনিৰ্মিত কুন্দিকু গৃহ উদ্বোধন

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত অৱস্থিত কুন্দি-কু অর্থাৎ দেওশালৰ নৱনিৰ্মিত কুন্দিকু গৃহ উদ্বোধন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত সমন্বয় আৰু আধ্যাত্মিকতাৰ মিলন দেখি আনন্দিত হোৱা বুলি উল্লে...

February 16, 2025 12:13 PM

views 17

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত মুখ্যমন্ত্রী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। এই বৈঠকত সাংবিধানিক ৰক্ষা কবচ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত আলোচনা কৰা হ'ব। দিছপুৰৰ লো...

February 16, 2025 12:10 PM

views 18

অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ৫৬৪ গৰাকী প্ৰাৰ্থীক বিভিন্ন বিভাগত ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰদান

ৰাজ্য চৰকাৰে আজি অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ৫৬৪ গৰাকী প্ৰাৰ্থীক বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰিব। আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্রসমূহ প্রদান কৰিব। অনুষ্ঠানত জনস্বাস্থ...

February 16, 2025 12:08 PM

views 28

যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান ভ্ৰমণ আৰু দেশখনৰ সৈতে সংযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্রীৰ তদন্তৰ নিৰ্দেশ

যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান ভ্ৰমণ আৰু দেশখনৰ সৈতে সংযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী দল গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কালি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰি কয়, যে বিষয়টো সন্দৰ্ভত স্পষ্ট হোৱাৰ বাবে এই তদন্তৰ প্ৰয...

February 16, 2025 12:05 PM

views 15

যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম শীঘ্ৰে পুনৰ আৰম্ভ হ’ব

যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম শীঘ্ৰে পুনৰ আৰম্ভ হ'ব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে অহা ২৮ ফেব্ৰুৱাৰীত দলখন নিৰ্মাণৰ বাবে ব্যয় পুনৰীক্ষণ বৈঠক আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰি মন্ত্ৰ্যালয়ৰ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া ব্যয় ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।