আঞ্চলিক সংবাদ

February 17, 2025 10:17 AM

views 16

কোকৰাঝাৰত আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আজি কোকৰাঝাৰত অনুষ্ঠিত হ'ব। বিটিচিৰ বিধায়িনী ভৱনত দুপৰীয়া ১২ বজাত ৰাজ্যপালৰ ভাষণেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ'ব। বিধানসভাৰ বিশেষ অধিৱেশনৰ বাবে কোকৰাঝাৰ নগৰ সজাই-পৰাই তোলা হৈছে। বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মন্ত্ৰী...

February 16, 2025 8:03 PM

views 10

কাৰ্বি আংলং জিলাৰ তাৰালাংছ’ত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছ'ত আজিৰে পৰা ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীৰংহাঙ...

February 16, 2025 7:58 PM

views 10

৫৬৪ গৰাকী প্ৰাৰ্থীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰে আজি অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ৫৬৪ গৰাকী প্ৰাৰ্থীক বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ প্ৰদান কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্রসমূহ প্ৰদান কৰে। নিযুক্তি পত্ৰ প্ৰদান...

February 16, 2025 7:54 PM

views 30

ডিব্ৰুগড়ত মহিলা আৰু শিশু কল্যাণ সম্পৰ্কীয় বিভিন্ন আঁচনিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী অন্নপূর্ণা দেৱী যাদৱৰ পর্যালোচনা

কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ দপ্তৰৰ মন্ত্ৰী অন্নপূর্ণা দেৱী যাদৱে আজি ডিব্ৰুগড়ত মহিলা আৰু শিশু কল্যাণ সম্পৰ্কীয় বিভিন্ন আঁচনিসমূহৰ বিষয়ে পর্যালোচনা কৰে। ডিব্ৰুগড় আৱৰ্ত ভৱনত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী শ্ৰীমতী যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচ...

February 16, 2025 7:50 PM

views 13

শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সপ্তদশ প্রতিষ্ঠা দিৱস উদযাপন

শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে আজি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সপ্তদশ প্রতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ইংৰাজী, অসমীয়া চিকিৎসা বিজ্ঞানৰ আধুনিক অভিধান শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। এই গ্ৰন্থখনৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী, গৱেষক তথ...

February 16, 2025 7:40 PM

views 29

অসমলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰৰ ভ্রমণজনিত সতর্কতা বিধি পুনৰীক্ষণৰ বাবে কেইবাখনো ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

অসমলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰত অসমৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত বাহাল থকা ভ্রমণজনিত সতর্কতা বিধি পুনৰীক্ষণৰ বাবে কেইবাখনো ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে ৰাজ্যখনলৈ বিদেশী বিনিয়োগকাৰ...

February 16, 2025 7:37 PM

views 14

সোমবাৰে কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাইলৈ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰত অনুষ্ঠিত হ'ব। বিটিচিৰ বিধায়িনী ভৱনত ৰাজ্যপালৰ অভিভাষণেৰে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব। বিধানসভাৰ বিশেষ অধিৱেশনৰ বাবে কোকৰাঝাৰ নগৰ সজাই পৰাই তোলা হৈছে। এই অধিৱেশনত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ প্ৰশাসনীয় ব্যৱস্থাৰ উ...

February 16, 2025 7:32 PM

views 25

১৪ এপ্ৰিলৰ পৰা চৰকাৰী অধিসূচনা আৰু নিৰ্দেশনাসমূহ ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰা হ’ব

অহা ১৪ এপ্ৰিলৰ পৰা চৰকাৰী অধিসূচনা আৰু নিৰ্দেশনাসমূহ ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰা হ'ব। বৰাক উপত্যকাত এনে কাম-কাজৰ ক্ষেত্ৰত অসমীয়া আৰু ইংৰাজীৰ লগতে বাংলা, আৰু বিটিআৰত অসমীয়া আৰু ইংৰাজীৰ উপৰি বড়ো ভাষা ব্যৱহাৰ কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দিশপুৰত অনুষ্ঠিত মন্ত...

February 16, 2025 6:56 PM

views 23

অসম আন্দোলনৰ অগ্ৰণী নেতা ভূপেন দাসৰ মৃত্যু

চিৰাং জিলাৰ বিজনীৰ বিশিষ্ট সমাজকৰ্মী, ক্রীড়া সংগঠক তথা অসম আন্দোলনৰ অগ্ৰণী নেতা ভূপেন দাসৰ যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত দাসৰ বয়স আছিল ৬০ বছৰ। যকৃৎ ৰোগত আক্ৰান্ত দাসক কিছুদিন পূর্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। সদ্য প্রয়া...

February 16, 2025 6:51 PM

views 17

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত শিমলু উৎসৱৰ আয়োজন

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যলৈ পৰ্যটক তথা দৰ্শনাৰ্থীক আকৰ্ষণৰ লক্ষ্যৰে অভয়াৰণ্যখনত শিমলু উৎসৱৰ আয়োজন কৰা হৈছে। শিমলু গছেৰে ভৰপুৰ অৰণ্যখনত ফাগুনৰ শিমলু ফুলাৰ বতৰ চমু চাপি অহাৰ লগে লগে এই উৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে চাইক্লিঙৰ শুভাৰম্ভ কৰে। এই ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।