আঞ্চলিক সংবাদ

February 17, 2025 6:54 PM

views 31

অনলাইন বিত্তীয় অনিয়মৰ গোচৰত ৩ জন অভিযুক্তৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন বিত্তীয় অনিয়মৰ গোচৰত তিনিজন অভিযুক্তৰ জামিন নাকচ কৰিছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে বিশাল ফুকন, চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰাৰ জামিন নাকচ কৰে। উল্লেখযোগ্য যে ট্রেডিং অর্থাৎ অনল...

February 17, 2025 6:51 PM

views 23

বিধানসভাত অসম লোকসেৱা আয়োগৰ ২০১৩-২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্রতিবেদন দাখিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্রতিবেদন দাখিল কৰে। প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত আয়োজন কৰা অসম বিধানসভা অধিৱেশনে বড়ো জনগোষ্ঠী আৰু বিটিআৰ এল...

February 17, 2025 6:43 PM

views 28

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ

কোকৰাঝাৰৰ বিটিচিৰ বিধায়িনী ভৱনত আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, কল্যাণমূলক আঁচনি তথা সম্প্রতি ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বিষয়ত আলোকপাত কৰে। শ্ৰীআচাৰ্যই কয়,...

February 17, 2025 6:18 PM

views 15

তাৰালাংছত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছত কালিৰে পৰা ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীৰংহাঙ...

February 17, 2025 6:16 PM

views 38

তিতাবৰৰ ঐতিহাসিক ধলি পথাৰত ১৪ মাৰ্চৰ পৰা ৩ দিনীয়াকৈ তৃতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব

অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত, ভাৰতীয় চলচ্চিত্র মহাসংঘৰ সহযোগত আৰু ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আতিথ্যত অহা ১৪ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ তিতাবৰৰ ঐতিহাসিক ধলি পথাৰত তৃতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। কালি এই মহোৎসৱৰ ঘাইখুঁটা স্থাপন অনুষ্ঠান সম্পন্ন হয়। এই মহোৎসৱৰ প্ৰতিদ...

February 17, 2025 6:03 PM

views 29

বাক্সা জিলাৰ ধমধমাৰ লে ডিপ’ত ৫ জনীয়া ডকাইটৰ দলৰ ২ লাখতকৈও অধিক টকা লুট

বাক্সা জিলাৰ ধমধমাৰ লে ডিপ’ত কালি নিশা ৫ জনীয়া ডকাইটৰ দল এটাই দুই লাখতকৈও অধিক টকা লুট কৰে। ধর্মধমাত থকা ভাৰত পেট্ৰ’লিয়াম ডিপত দুৰ্বৃত্তৰ দলটোৱে বাইকেৰে আহি কেশ্ব কাউণ্টাৰৰ দৰ্জা ভাঙি ধনখিনি লুট কৰি নিয়ে বুলি জানিব পৰা গৈছে। কেশ্ব কাউণ্টাৰত শুই থকা কৰ্মচাৰীজনক দলটোৱে কম্বলেৰে হেচা মাৰি ধৰি টকাখিন...

February 17, 2025 6:01 PM

views 27

যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী যুটীয়া অভিযানত ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক

মহানগৰীৰ সমীপৱৰ্তী যোৰাবাটত বশিষ্ঠ আৰক্ষী আৰু যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী যুটীয়া অভিযানত আজি দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়। ধৃত সৰবৰাহকাৰী দুজন ১৩ মাইলৰ গৌতম দাস আৰু ৰিভয়ৰ বিৰু বড়ো বুলি জানিবলৈ পোৱা গৈছে। আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ পৰা ৩৬.৫০ গ্রাম নিষিদ্ধ ড্ৰাগছ আৰু নগদ টকা তথা ম'বাইল ফোন...

February 17, 2025 5:59 PM

views 22

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে য়াৰেংজুংলা লংকুমেৰ শপতগ্ৰহণ

য়াৰেংজুংলা লংকুমেই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৱে আজি দিনৰ ১০ বজাত ন্যায়ালয়ৰ নতুন ভৱনৰ ১ নম্বৰ আদালতত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমতী লংকুমেৰক শপতগ্ৰহণ কৰোৱায়। শপতগ্রহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়াল...

February 17, 2025 5:37 PM

views 21

কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ

অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হৈছে। অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আজি কোকৰাঝাৰত অনুষ্ঠিত হৈছে। বিটিচিৰ বিধায়িনী ভৱনত ক্ষন্তেক আগতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপাল গৰাকীয়ে তেওঁৰ ভাষণত কোকৰাঝাৰত এই কাৰ্যসূচী আৰম্ভণি কৰা ব্যৱস্থাক ভূয়সী প্ৰশংসা...

February 17, 2025 1:04 PM

views 17

ৰাভা-হাছং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন অহা এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত কৰাৰ বাবে অসম মন্ত্রীসভাৰ সিদ্ধান্ত

অসম মন্ত্রীসভাই অহা এপ্ৰিলৰ ভিতৰত ৰাভা-হাচং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে মিচিং স্বায়ত্ব পৰিষদ, ঠেঙাল-কছাৰী স্বায়ত্ব পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদ, দেউৰী স্বায়ত্ব পৰিষদ আৰু বড়ো কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন অহা ছেপ্তেম্বৰত অনুষ্ঠিত কৰাৰ বাবে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।