আঞ্চলিক সংবাদ

March 27, 2025 8:08 PM

views 13

গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ যোগদলত সংঘটিত পথ দুৰ্ঘটনাত ৩জন যুৱকৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ যোগদলত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন যুৱকৰ মৃত্যু হয়। নিহত যুৱককেইজন মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মুস্তাক আহমেদ, ছাকিল আহমেদ আৰু ছৰিফুল ইছলাম বুলি জানিব পৰা গৈছে। ঈদৰ বাবে নিজৰ দোকানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ দোকমোকালিতে এই যুৱক তিনিজন মৈৰাবাৰীৰ পৰা গুৱাহাটী মহানগৰ...

March 27, 2025 8:06 PM

views 7

অনলাইন ট্রেডিঙৰ নামত বিত্তীয় অনিয়মত লিপ্ত ছাকিৰ আৰু জাবিৰ নামৰ দুজন লোকক কলকাতাত শ্ৰীভূমি আৰক্ষীৰ গ্ৰেপ্তাৰ

শ্রীভূমি আৰক্ষীয়ে আজি অনলাইন ট্রেডিঙৰ নামত বিত্তীয় অনিয়মত লিপ্ত হোৱা ছাকিৰ আৰু জাবিৰ নামৰ দুজন লোকক কলকাতাত গ্ৰেপ্তাৰ কৰি জিলাখনলৈ লৈ আহিছে। বিত্তীয় কেলেংকাৰীৰ মূল অভিযুক্ত এই দুজন লোকে অনলাইন ট্রেডিঙৰ নামত কেইবা কোটি টকা গ্ৰাহকৰ পৰা সৰকাই পলায়ন কৰিছিল। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত শ্ৰীভূমি আৰক্ষ...

March 27, 2025 12:21 PM

views 37

আকাশবাণী ডিব্ৰুগড়ৰ অংশকালীন ঘোষক-ঘোষিকা তথা প্ৰসাৰণ সহযোগী চন্দন দাস আৰু অৰুণীতা দেৱীৰ বিদায় সম্বৰ্ধনা

■ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত তিনি দশকৰো অধিক কাল ধৰি সেৱা আগবঢ়াই অহা অংশকালীন ঘোষক-ঘোষিকা তথা প্ৰসাৰণ সহযোগী চন্দন দাস আৰু অৰুণীতা দেৱীক কালি বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদায়ী অনুষ্ঠানত তেওঁলোকলৈ সম্বৰ্ধনা শৰাই আৰু গ্ৰন্থ আগবঢ়োৱা হয়। একেটা অনুষ্ঠানতে প্ৰায় ২৪ বছৰৰ সেৱা আগবঢ়াই দুবছৰ পূৰ্বে অৱ...

March 27, 2025 12:03 PM

views 36

হোজাই জিলাত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ প্রতিনিধি দলৰ চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন

■ অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ এটা প্রতিনিধি দলে কালি হোজাই জিলাত উপস্থিত হৈ জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়ুক্ত আৰু জিলাখনৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত এখন ...

March 27, 2025 11:49 AM

views 18

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ২৯ মার্চত ‘আপুনি কেনে আছে’ শীৰ্ষক অন্তৰংগ অনুষ্ঠান

■ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ২৯ মার্চ তাৰিখে গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন ভৱনত ‘আপুনি কেনে আছে' শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ ১০.৩০ বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬টা দশকৰ নজহা-নপমা স্মৃতি ৰোমন্থনৰ লগতে কেই...

March 27, 2025 11:40 AM

views 16

১ এপ্ৰিলৰ পৰা আকাশবাণী গুৱাহাটীৰ ‘জিলাৰ ৰেহৰূপ’ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰ হ’ব

● শ্ৰোতাসকলৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জনপ্ৰিয় অনুষ্ঠান ‘জিলাৰ ৰেহৰূপ’ পুনৰ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰৰ দিহা কৰা হৈছে। সেই অনুসৰি অহা ১ এপ্ৰিলৰ পৰা জিলাৰ ৰেহৰূপ অনুষ্ঠান প্রতিদিনে পুৱাৰ আঞ্চলিক বাতৰিৰ ঠিক পাছতেই অর্থাৎ ৯ বাজি ১৫ মিনিটৰ পৰা ৯ বাজি ২০ মিন...

March 27, 2025 11:34 AM

views 35

বিশ্ব নাট্য দিৱস উপলক্ষে সন্ধিয়া ৬.৪৫ বজাত কলাক্ষেত্ৰত ‘ন্যায়’ নামৰ নাটখন মঞ্চস্থ হ’ব

■ বিশ্ব নাট্য দিৱস উপলক্ষে সমাহাৰ নাট্য গোষ্ঠীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আজি ড° সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত ‘ন্যায়' নামৰ নাটকখন মঞ্চস্থ কৰিব। বিশিষ্ট লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অৱণী কুমাৰ ভাগৱতীয়ে সন্ধিয়া ৬ বাজি ৪৫ ম...

March 27, 2025 11:27 AM

views 39

৩ এপ্ৰিলত ২০২৪ বৰ্ষৰ অসম গৌৰৱ সন্মানসমূহ প্ৰদান কৰা হ’ব: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত কালি কেইবাখনো গুৰুত্বপূর্ণ বৈঠকত অংশগ্রহণ কৰে। তেওঁ অহা ৩ এপ্ৰিলত হ'বলগীয়া অসামৰিক সন্মান প্ৰদান কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। উল্লেখযোগ্য যে সমাজৰ প্ৰতি আগবঢ়োৱা প্ৰশংসনীয় সেৱাৰ স্বীকৃতি স্বৰূপে বিভিন্ন...

March 27, 2025 11:18 AM

views 15

অসমে ভাৰত আৰু জাৰ্মানীৰ মাজৰ সম্পৰ্কত নতুন গতি প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব: ৰাজ্যপাল

■ দক্ষিণ-পূব এছিয় ৰাষ্ট্ৰসমূহৰ প্ৰৱেশদ্বাৰ ৰূপে অসমে ভাৰত আৰু জাৰ্মানীৰ মাজৰ সম্পৰ্কত নতুন গতি প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। ৰাজভৱনত কালি ভাৰতত জাৰ্মানীৰ ৰাষ্ট্রদূত ড° ফিলিপ একাৰমেনৰ সৈতে হোৱা বৈঠকত ৰাজ্যপালগৰাকীয়ে এই কথা প্ৰকাশ কৰে। ব...

March 27, 2025 11:13 AM

views 24

আজি ঘোষণা কৰা হ’ব ‘গুণোৎসৱ, ২০২৫’-ৰ ফলাফল

● গুণোৎসৱ, ২০২৫-ৰ ফলাফল আজি ঘোষণা কৰা হ'ব। এই উপলক্ষে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত চলিত বৰ্ষৰ গুণগত মানৰ ঐক্যসাজ প্ৰদান আৰু মুক্ত, নিকা তথা স্বচ্ছভাৱে মূল্যায়ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে বাছনিকৃত তিনিখন জিলাক প্রশংসামূলক বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি অনুষ্ঠানত আৰোহণ ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।