আঞ্চলিক সংবাদ

March 27, 2025 8:31 PM

views 19

দৰং জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনত অসম মন্ত্ৰী সভাৰ বৈঠকত অনুমোদন

দিছপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত দৰং জিলাত ৫৭২ কোটি টকা ব্যয় সাপেক্ষে এখন চিকিৎসা মহাবিদ্যালয় স্থাপনত অনুমোদন জনায়। চিকিৎসা মহাবিদ্যালয়খনৰ লগতে এখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় আৰু  এখন জি এন এম নাৰ্ছিং স্কুল স্থাপনতো আজিৰ বৈঠকত অনুমোদন জনোৱা হ...

March 27, 2025 8:30 PM

views 33

অসম মন্ত্ৰীৰ বৈঠকত ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ গৃহ শাখাৰ পৰা স্বাস্থ্য আৰু শিক্ষা বিভাগৰ নিৰ্মাণকাৰ্য পৃথক কৰাৰ সিদ্ধান্ত

অসম চৰকাৰে ৰাজ্যখনত স্বাস্থ্য আৰু শিক্ষা বিভাগৰ নিৰ্মাণৰ কামসমূহ অধিক পাৰদৰ্শিতাৰে চোৱাচিতা কৰাৰ বাবে ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ গৃহ শাখাৰ পৰা স্বাস্থ্য আৰু শিক্ষা বিভাগৰ নিৰ্মাণকাৰ্য পৃথক কৰাৰ সিদ্ধান্ত লৈছে। আজি আবেলি দিশপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ ব...

March 27, 2025 8:28 PM

views 13

কেন্দ্ৰীয় চৰকাৰে ধান আৰু সৰিয়হৰ ক্ষেত্ৰত নিৰ্দিষ্ট কৰা ন্যূনতম সমৰ্থন মূল্যতকৈ ৰাজ্যৰ কৃষকক অতিৰিক্ত মূল্য প্রদানত অসম মন্ত্ৰীসভাৰ অনুমোদন

দিছপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কেন্দ্ৰীয় চৰকাৰে ধান আৰু সৰিয়হৰ ক্ষেত্ৰত নিৰ্দিষ্ট কৰা ন্যূনতম সমৰ্থন মূল্যতকৈ ৰাজ্যখনৰ কৃষকসকলক অতিৰিক্ত মূল্য প্রদানতো অনুমোদন জনায়। সেই অনুসৰি ধানৰ প্ৰতি কুইণ্টলত কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট কৰা ২ হেজাৰ ৫৫০ ট...

March 27, 2025 8:25 PM

views 9

চলিত বছৰৰ গুণোৎসৱত শিৱসাগৰ জিলা প্রথম, গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড় জিলা তৃতীয় স্থানত

চলিত বছৰৰ গুণোৎসৱৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। এইবাৰৰ গুণোৎসৱত শিৱসাগৰ জিলাই প্রথম, গোলাঘাট জিলাই দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে স্বচ্ছ আৰু সূচাৰূৰূপে গুণোৎসৱৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গোলাঘাট জিলাই প্ৰথম, কামৰূপ মহানগৰে দ্বিতীয় আৰু যোৰহাট জিলাই তৃতীয় স্থান লাভ...

March 27, 2025 8:23 PM

views 18

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশ্ব নাট্য দিৱস পালন

আজি বিশ্ব নাট্য দিৱস। ১৯৬১ চনত আজিৰ দিনটোৰ পৰা আন্তঃৰাষ্ট্ৰীয় নাট্য প্রতিষ্ঠানে ইউনেস্কোৰ সহযোগত নাট্যকলা আৰু সৃজনীশীলতাক উদযাপনৰ বাবে এই দিৱস পালনৰ সিদ্ধান্ত লোৱা হৈছিল। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব নাট্য দিৱস উপলক্ষে বিভিন্ন নাট্যনুষ্ঠানৰ আয়োজন কৰা হৈছে। দিৱস উপলক্ষে সমাহাৰ নাট্...

March 27, 2025 8:21 PM

views 16

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ ৩ দিন বাকী, ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত ৰাখিছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া ৩৩ টা সমষ্টিৰ বাবে আজিও কেইবাগৰাকীও নেতাই প্ৰচাৰ অভিযানত অংশ লয়। সমষ্টিকেইটাত বিজে...

March 27, 2025 8:17 PM

views 7

গুৱাহাটীৰ এইমছত চেণ্টাৰ ফৰ এক্সপিৰিয়েন্সিয়েল লাৰ্নিং এণ্ড ছিমুলেছন নামৰ আধুনিক চিকিৎসা প্রশিক্ষণ কেন্দ্ৰ মুকলি

এইমছ গুৱাহাটীত আজি চেণ্টাৰ ফৰ এক্সপিৰিয়েন্সিয়েল লাৰ্নিং এণ্ড ছিমুলেছন নামৰ এটা আধুনিক চিকিৎসা প্রশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। এইমছ গুৱাহাটীৰ সঞ্চালক ডাঃ অশোক পৌৰাণিকে কেন্দ্ৰটো মুকলি কৰে। কেন্দ্ৰটো উদ্বোধন কৰি দিয়া ভাষণত সঞ্চালকগৰাকীয়ে কয়, যে এই কেন্দ্ৰৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো চিকিৎসক,...

March 27, 2025 8:15 PM

views 16

দৰং জিলাৰ মঙলদৈত ৪দিনীয়াকৈ একবিংশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ

দৰং জিলাৰ মঙলদৈত আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে একবিংশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হৈছে। দৰং জিলা জ্ঞান বিজ্ঞান সমিতি আৰু মঙলদৈ মহাবিদ্যালয়ৰ আতিথ্যত জ্ঞান বিজ্ঞান সমিতি অসমৰ এই সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিশুসকলে অংশ লৈছে। আজি উদ্বোধনীৰ দিনা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা শিশু প্রতিনিধ...

March 27, 2025 8:12 PM

views 16

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ডাঃ মৃদুপৱন নাথৰ জামিন নাকচ

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ডিফু চিকিৎ‍সা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথৰ জামিন আজি গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰে । ইয়াৰ ফলত অভিযুক্ত ডাঃ নাথ কাৰাগাৰৰ পৰা মুকলি হোৱা পথ ৰুদ্ধ হৈছে। উল্লেখযোগ্য যে, চৰকাৰী চাকৰিৰ লগতে গুৱাহাটীত নাৰ্চিং হোম চ...

March 27, 2025 8:10 PM

views 17

নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিত কুমাৰ ভাগৱতীৰ কন্যাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

অসম ৰাজ্যিক মানৱাধিকাৰ আয়োগে চিকিৎসালয়ৰ গাফিলতিত নিজ কন্যাৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিত কুমাৰ ভাগৱতীয়ে দাখিল কৰা এটা অভিযোগ সংক্ৰান্তত নগাঁৱৰ জিলা আয়ুক্তক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত চলোৱাৰ নিৰ্দেশ দিছে। ২০২৪ চনৰ ১৬ ডিচেম্বৰত তেওঁৰ কন্যা অংগনা ভৰদ্বাজৰ নগাঁৱৰ কপিল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।