আঞ্চলিক সংবাদ

February 19, 2025 3:35 PM February 19, 2025 3:35 PM

views 9

অসম বিধানসভাৰ বাজেট অধিবেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হুলস্থুলীয়া পৰিবেশৰ মাজত আৰম্ভ

অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী হুলস্থলীয়া পৰিবেশৰ মাজত আৰম্ভ হয়। শূন্যকালত বিৰোধী পক্ষই কয়লা ছিণ্ডীকেট, অসম চুক্তিৰ ৬ নম্বৰ দফা, দিটেনছন কেন্দ্ৰক সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে আৰু বিষয়কেইটা সন্দৰ্ভত আলোচনাৰ দাবী জনাই সদনৰ মজিয়ালৈ উঠি গৈ ধৰ্ণা দিবলৈ ধৰে। ইয়াৰ বিপৰীতে...

February 19, 2025 3:10 PM February 19, 2025 3:10 PM

views 16

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলি-আয়ে- লৃগাং পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মিচিং জনজাতীয় লোকসকলে মাহজোৰা প্ৰস্তুতিৰ অন্তত কৃষিভিত্তিক উৎসৱ আলি-আয়ে- লৃগাং পালন কৰিছে। এই উৎসৱক লৈ মিচিং বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে। অসমীয়া সমাজ জীৱনৰ সমন্বয়ৰ সেঁতু গঢ়ি মিচিং জনজাতীয় লোকসকলে প্ৰতিবছৰে এই উৎসৱ পালন কৰি আহিছে। আলি মানে হৈছে ...

February 19, 2025 2:24 PM February 19, 2025 2:24 PM

views 12

বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ ৫২টা পৰামৰ্শৰ ৩৮টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ ৫২টা পৰামৰ্শৰ ৩৮টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হৈছে। একেদৰে ৰাজ্...

February 19, 2025 10:55 AM February 19, 2025 10:55 AM

views 8

অসম সাহিত্য সভাত এজন ব্যক্তিয়ে কোনো কাৰণতে এটাতকৈ অধিক পদ নাপাব: ড০ বসন্ত কুমাৰ গোস্বামী

  অসম সাহিত্য সভাত এজন ব্যক্তিয়ে কোনো কাৰণতে এটাতকৈ অধিক পদ নাপাব বুলি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে ঘোষণা কৰিছে। সভাপতি হিচাপে প্ৰথমবাৰলৈ কালি যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত এখন সংবাদ মেল সম্বোধন কৰি ড০ গোস্বামীয়ে প্ৰকাশ কৰে যে সাহিত্য সভাৰ নতুন কার্যনির্বাহক সমিতিত এটা ...

February 18, 2025 8:03 PM February 18, 2025 8:03 PM

views 12

ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথক গ্ৰেপ্তাৰ

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথক গ্ৰেপ্তাৰ কৰে। পলাতক অৱস্থাত থকা ডাঃ নাথক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গুৱাহাটীৰ ৰূপনগৰৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পাছত ডাঃ নাথক বিশেষ ন্যায়াধীশৰ আদালতত হা...

February 18, 2025 7:53 PM February 18, 2025 7:53 PM

views 3

ইউটিউবাৰ আছিছ চাঞ্চলানিৰ অন্তৱৰ্তীকালিন জামিন মঞ্জুৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ইউটিউবাৰ আছিছ চাঞ্চলানিৰ অন্তৱৰ্তীকালিন জামিন মঞ্জুৰ কৰে। সামাজিক মাধ্যমত অশোভনীয় মন্তব্য আগবঢ়োৱাৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ শাখাই আছিছৰ লগতে আন কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি হাজিৰ হ'বলৈ চমন জাৰি কৰিছিল। কিন্তু এই নিৰ্দেশৰ পাছত অভিযুক্ত ইউটিউবাৰ আছিছ চাঞ্চলানি ...

February 18, 2025 7:49 PM February 18, 2025 7:49 PM

views 18

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিনেতা বিজু ফুকনৰ জন্ম বার্ষিকীত শ্রদ্ধা জ্ঞাপন

অসমীয়া চলচ্চিত্ৰৰ একালৰ সুদৰ্শন নায়ক, খ্যাতনামা অভিনেতা, বিজু ফুকনৰ জন্ম বার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুণমুগ্ধসকলে অভিনেতাগৰাকীৰ স্মৃতিত শ্রদ্ধা জ্ঞাপন কৰিছে। ডাঃ বেজবৰুৱা চলচ্চিত্ৰত এটা সৰু চৰিত্ৰৰে চলচ্চিত্ৰ জগতত ভূমুকি মৰা এইগৰাকী অভিনেতাই পাছলৈ বৰুৱাৰ সংসাৰ, আজলি নবৌ, আৰু বোৱাৰ...

February 18, 2025 7:44 PM February 18, 2025 7:44 PM

views 15

এদিনৰ বিৰতিৰ মূৰত কাইলৈ দিশপুৰত অসম বিধানসভাৰ বাজেট অধিবেশন

এদিনৰ বিৰতিৰ মূৰত অসম বিধানসভাৰ বাজেট অধিবেশন কাইলৈৰ পৰা দিশপুৰত অনুষ্ঠিত হ'ব। কাইলৈ সদনত প্রশ্নোত্তৰ কালৰ পাছতেই ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। আমাৰ সংবাদদাতাই জনোৱা মতে, কালি কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিবেশনৰ প্ৰথম দিনাৰ বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শ...

February 18, 2025 1:30 PM February 18, 2025 1:30 PM

views 12

কালিৰে পৰা ৩৩ সংখ্যক কেন্দ্রীয় কার্বি দেহাল কাৰ্চিদম উৎসৱৰ আয়োজন

কার্বি বাংথে আছেম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বৰচিলা আঞ্চলিক সমিতিৰ সহযোগত গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ ডিগাৰুৰ ঐতিহাসিক বৰচিলা দেহাল থানত কালিৰে পৰা ৩৩ সংখ্যক কেন্দ্রীয় কার্বি দেহাল কাৰ্চিদম উৎসৱৰ আয়োজন কৰা হৈছে। আজি দিনৰ ভাগত হ'বলগীয়া মুকলি সভাত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়কৰ লগতে ভালেসং...

February 18, 2025 1:27 PM February 18, 2025 1:27 PM

views 65

কাৰ্বি জনগোষ্ঠীৰ লোক উৎসৱ দেহাল কাছিৰদম উলহ মালহেৰে উদযাপন

ৰাজ্যৰ কাৰ্বি জনগোষ্ঠী লোকসকলে আজি তেওঁলোকৰ লোক উৎসৱ দেহাল কাছিৰদম আধ্যাত্মিক পৰম্পৰা ৰীতি-নীতিৰে উলহ মালহেৰে উদযাপন কৰিছে। ফাগুন মাহৰ প্ৰথম সপ্তাহৰ মঙলবাৰটোক পৱিত্ৰ দিন হিচাপে গণ্য কৰি কাৰ্বি লোকসকলে তেওঁলোকৰ উপাস্য দেৱতাক সকলোৰে মঙ্গল কামনা কৰি পূজা অৰ্চনা কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ...