আঞ্চলিক সংবাদ

April 23, 2025 6:40 PM

views 27

বসু দা নামেৰে জনপ্ৰিয়, অভিনেতা ফেইলাও বসুমতাৰীৰ অন্ত্যেষ্টিক্রিয়া বড়ো ৰীতি-নীতিৰে সম্পন্ন

বসু দা নামেৰে জনপ্ৰিয়, অভিনেতা ফেইলাও বসুমতাৰীৰ অন্ত্যেষ্টিক্রিয়া আজি বাক্সা জিলাৰ বাঘাজানীৰ নিজা বাসগৃহত সম্পূর্ণ বড়ো ৰীতি-নীতিৰে সম্পন্ন হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ তৰফৰ পৰা শিল্পীগৰাকীয়ে শ্বাস-প্রশ্...

April 23, 2025 6:23 PM

views 36

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে বৰপেটাত জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ বেলট পেপাৰ ছপাশাল পৰিদৰ্শন

বৰপেটা জিলাত অহা ৭ মে’ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধি দলে বেলট পেপাৰ ছপাশাল পৰিদৰ্শন কৰে। জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাৰ নেতৃত্বত দলটোৱে দায়িত্বপ্রাপ্ত ছপাশালে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি বেলট পেপাৰ ছপোৱাৰ কাম হৈছে নে নাই পৰিদৰ্শন ...

April 23, 2025 6:15 PM

views 28

উচ্চ শিক্ষা বিভাগৰ অসমীয়া ভাষাত প্ৰথমখন বিজ্ঞপ্তি প্রকাশ

মন্ত্রীসভাই অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাছত উচ্চ শিক্ষা বিভাগে অসমীয়া ভাষাত প্ৰথমখন বিজ্ঞপ্তি প্রকাশ কৰিছে। ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে কালি সমৰ্থ প'ৰ্টেলৰ মাধ্যমেৰে মানবিশিষ্ট কাৰ্য পৰিচালনা বিধি প্ৰকাশ কৰা হৈছে। এই প্...

April 23, 2025 6:13 PM

views 22

আজিৰে পৰা অনুষ্ঠিত বি টি আৰ বিধায়িনী পৰিষদৰ দুদিনীয়া বাজেট অধিবেশন

বি টি আৰ বিধায়িনী পৰিষদৰ দুদিনীয়া বাজেট অধিবেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। অধিবেশনৰ প্ৰথম দিনা আজি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ২০২৫-২৬ বৰ্ষৰ বাবে পৰিষদৰ ৮৪৩ কোটি টকাৰ বাজেট উত্থাপন কৰে। বাজেটত চৰকাৰ পৰিচালিত অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত বিশেষ আবণ্টন দিয়া হৈছে। বাজেটখনক ভাইব্রেন...

April 23, 2025 9:05 PM

views 17

ৰাষ্ট্ৰপতি মুৰ্মুৰ অসম ভ্রমণ বাতিল

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ অসম ভ্রমণ বাতিল কৰা হৈছে। ৰাজ্যত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুয়ে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰাৰ কথা আছিল। ২৫ এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকী উপস্থিত থাকিবলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান...

April 23, 2025 1:28 PM

views 10

কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ উদ্দেশ্যে পেৰা চাইক্লিষ্ট ৰাকেশ বণিকৰ যাত্ৰা আৰম্ভ

নগাঁও জিলাৰ কলিয়াবৰৰ আমবাগান নিবাসী পেৰা চাইক্লিষ্ট ৰাকেশ বণিকে মস্কো চহৰৰ পৰা চাইকেল চলাই কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ উদ্দেশ্যে আজি কলিয়াবৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। ‘ভগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ শীৰ্ষক শ্ল'গানেৰে এখন কৃত্রিম ভৰিৰ সহায়ত চাইকেল চলাই পূর্বে অভিলেখ স্থাপন কৰা ৰাকেশে এইবাৰৰ ভ্ৰমণত অসমৰ পৰ...

April 23, 2025 1:27 PM

views 27

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদৰ কেইবাজোপাও পুৰণি গছ উভালি পৰাৰ ফলত ষ্টুডিঅ’ আৰু কাৰ্যালয়ত বিদ্যুৎ যোগান ব্যাহত

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদৰ প্ৰস্থান পথত থকা কেইবাজোপাও পুৰণি গছ যোৱানিশা উভালি পৰাৰ ফলত কেন্দ্ৰৰ ষ্টুডিঅ' আৰু কাৰ্যালয়লৈ বিদ্যুৎ যোগান যোৱা মাজনিশাৰ পৰা ব্যাহত হৈছে। যোৱা দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে এই গছ কেইজোপাৰ শিপাৰ মাটি উটি যোৱাৰ ফলত এই গছ কেইজোপা উভালি পৰে আৰু কাষৰ বিদ্যুতৰ খুটা ...

April 23, 2025 1:09 PM

views 25

২০২৪-২৫ পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১১ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২০২৪-২৫ পৰ্যটন বৰ্ষত এতিয়ালৈকে ৪ লাখৰো অধিক দেশী-বিদেশী পৰ্যটকে ভ্ৰমণ কৰিছে। এই বৰ্ষটোত উদ্যানখনে ১১ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। অহা ৩০ এপ্ৰিলত উদ্যানখনত হাতী ছাফাৰী বন্ধ হোৱাৰ লগতে ১৫ মেত উদ্যানখনৰ কঁহৰা বনাঞ্চলত পৰ্যটকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে।

April 23, 2025 1:04 PM

views 22

ৰাজ্যত বিগত ১০ বছৰত বনানিকৰণৰ বাবদ প্রায় ৪২০ কোটি টকা ব্যয়

ৰাজ্যত বিগত ১০ বছৰত বনানিকৰণৰ বাবদ প্রায় ৪২০ কোটি টকা ব্যয় কৰা হৈছে। ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষলৈ ৰাজ্যিক পৰিপূৰক বনানিকৰণ নিধি ব্যৱস্থাপনা আৰু পৰিকল্পনা প্ৰাধিকৰণ অৰ্থাৎ কাম্পাৰ অধীনত গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ বাবে ২৬ হাজাৰ ৬২৮ লাখ টকাৰো অধিক ব্যয় কৰা হৈছে। ৰোপণ কৰা গছপুলি...

April 23, 2025 12:30 PM

views 27

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিজেপিৰ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।