আঞ্চলিক সংবাদ

April 24, 2025 12:02 PM

views 8

হিমাচল প্ৰদেশত অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ পাৱাৰ লিফটিং চেম্পিয়নশ্বিপত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ আর্শ্বাদ হুছেইনৰ সোণৰ পদক অৰ্জন

হিমাচল প্ৰদেশৰ ধৰ্মশালাত যোৱা ১৯ এপ্ৰিলৰ পৰা অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ পাৱাৰ লিফটিং চেম্পিয়নশ্বিপৰ ৯৩ কিলোগ্রাম অনূৰ্ধ্ব শাখাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ মেনেজমেণ্ট ষ্টাডিজৰ সহকাৰী অধ্যাপক ড০ আর্শ্বাদ হুছেইনে সোণৰ পদক অৰ্জন কৰিছে। ড০ হুছেইনে তেওঁৰ প্ৰশিক্ষক খ্যাতিসম্পন্ন পা...

April 24, 2025 11:59 AM

views 23

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ হোৱাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনিৰে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৩ ডিগ্রী চেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্...

April 23, 2025 8:02 PM

views 25

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে সপ্তম খেলো ইণ্ডিয়া যুৱ মহোৎসৱলৈ শতাধিক ল’ৰা-ছোৱালীৰ বৃহৎ দল প্ৰেৰণ কৰিব

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিহাৰ আৰু নতুন দিল্লীত হ'বলগীয়া আসন্ন সপ্তম খেলো ইণ্ডিয়া যুৱ মহোৎসৱলৈ শতাধিক ল'ৰা-ছোৱালীৰ এটা বৃহৎ দল প্ৰেৰণ কৰিব। অসমে ৪ৰ পৰা ১৫ মেলৈ হ'বলগীয়া এই প্রতিযোগিতাৰ ২৭টা শিতানৰ ভিতৰত ১৭টাত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। অসমে সাঁতোৰ, ভাৰোত্তোলন, এথলেটিকছ, শুটিং, ব...

April 23, 2025 7:54 PM

views 26

বাংলাদেশ সীমান্তৱৰ্ত্তী কুকুৰমাৰা চৰত ৪ হাজাৰৰো অধিক য়াবা টেবলেট জব্দ

মানকাচৰ আৰক্ষীয়ে আজি বাংলাদেশ সীমান্তৱৰ্ত্তী কুকুৰমাৰা চৰত অভিযান চলাই ৪ হাজাৰৰো অধিক য়াবা টেবলেট জব্দ কৰে। মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপক বৰগোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিয়লি প্রায় ৫ বজাত কুকুৰমাৰাৰ নুৰ কালাম নামৰ এজন লোকৰ ঘৰত অভিযান চলাই এই টেবলেটখিনি জব্দ কৰে। জব্দ কৰা নিচাজাতীয় টে...

April 23, 2025 7:51 PM

views 32

নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ বুজজিৰ চুক্তিত স্বাক্ষৰ

অসমৰ জনজাতি আৰু বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক আৰু ভাষিক সংৰক্ষণৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে সদৌ অসম ছাত্ৰ সন্থাই আজি নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে এখন বুজজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ আপুৰুগীয়া পুথি আৰু লিখিত সাহিত্যসমূহৰ ডিজিটেল ৰূপান্তৰ আৰু সংৰক্ষণৰ বাবে ব্যৱস...

April 23, 2025 7:44 PM

views 26

পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা অসমৰ এটা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা

জম্মু-কাশ্মীৰৰ পেহেলগামত মঙলবাৰে হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীতে উপস্থিত থকা অসমৰ এটা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা পৰে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যই পত্নী-পুত্ৰৰ সৈতে বেইচৰণ উপত্যকাত ভ্ৰমণৰ বাবে গৈছিল। সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত দেৱাশীষ ভট্টাচাৰ্যৰ পৰিয়ালটোৱে আন ...

April 23, 2025 7:18 PM

views 53

JEE আৰু NEET-ৰ বাবে বিনামূলীয়া আৱাসিক শিক্ষা প্ৰদান অইল প্ৰজ্ঞান ছুপাৰ-থাৰ্টিৰ

অইল ইণ্ডিয়া লিমিটেডৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ দ্বাৰা পৰিচালিত আর্থিকভাৱে দুৰ্বল মেধাৱী শিক্ষার্থীসকলক অইল প্ৰজ্ঞান ছুপাৰ-থাৰ্টিৰ জৰিয়তে অভিযান্ত্ৰিক সংযুক্ত প্ৰৱেশ পৰীক্ষা চমুকৈ JEE আৰু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ NEET-ৰ বাবে বি...

April 23, 2025 7:02 PM

views 48

যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন

সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজি যোৰহাট নির্বাচনী জিলা দ্বিতীয় পৰ্যায়ৰ মহিলা প্রিজাইডিং বিষয়া আৰু প্ৰথম প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। প্রশিক্ষকসকলে নিৰ্বাচনৰ নীতি-নির্দেশনা তথা বেলট বাকচ ব্যৱহাৰ সন্দৰ্ভত প্রশিক্ষণ দিয়ে। এই প্রশ...

April 23, 2025 6:58 PM

views 36

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

◊ ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত মুখ্যমন্ত্ৰীগৰাকীয়ে টীয়কৰ ৰজাবাৰী খেলপথাৰ আৰু সৰুপথাৰৰ ধোন্দাচাম ক্রীড়া সন্থা খেলপথাৰত দুখ...

April 23, 2025 6:55 PM

views 29

পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণতৰ ঘটনাক গৰিহণা দি শিৱসাগৰ নাগৰিক সমাজৰ প্ৰতিবাদী কাৰ্যসূচী

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৮ গৰাকী নিৰীহ লোক নিহত হোৱাৰ ঘটনাক গৰিহণা দি আজি শিৱসাগৰ নাগৰিক সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে নাগৰিক সমাজে নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে হত্যা-হিংসা বন্ধ কৰাৰ দাবী জনায়। ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।