আঞ্চলিক সংবাদ

May 20, 2025 12:33 PM

views 33

অসম বিশ্ববিদ্যালয়ত হেমচন্দ্ৰ বৰুৱাৰ প্রতিমূর্তি স্থাপনৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ আহ্বান

শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ মুকলি কৰাৰ লগতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এটা প্রতিমূর্তি স্থাপন কৰাৰ বাবে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে আহ্বান জনাইছে। কালি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত বাংলা ভাষাৰ ১১ গৰাকী ছহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত অংশ লৈ...

May 20, 2025 12:30 PM

views 29

আভ্যন্তৰীণ জলপথৰ দ্রুত উন্নয়ন আৰু ৰূপান্তৰৰ বাবে কেন্দ্ৰীয় চৰকাৰ অগ্ৰসৰ হৈছে বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথৰ দ্রুত উন্নয়ন আৰু ৰূপান্তৰৰ বাবে কেন্দ্ৰীয় চৰকাৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে। গুৱাহাটীৰ সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধী...

May 20, 2025 12:21 PM

views 30

ৰাজ্যত বিগত ৪ বছৰত ৰাজহ সংগ্ৰহ ৮৩ শতাংশ বৃদ্ধি হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ

অসম চৰকাৰে কৰ ব্যৱস্থাৰ ক্ষেত্ৰত কৰা সংস্কাৰৰ বাবে বিগত ৪ বছৰত ৰাজ্যখনত ৰাজহ সংগ্ৰহ ৮৩ শতাংশ বৃদ্ধি হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি ২০২০-২১ বৰ্ষত কৰ, আবকাৰী, পৰিবহণ, পঞ্জীয়ন, খনি আৰু খনিজ, বন আৰু অন্য বিভাগসমূহৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ ১৯ হাজাৰ ৯৩০ কোটি টকা আছি...

May 20, 2025 12:19 PM

views 28

বিটিআৰ নিৰ্বাচনত ইউ পি পি এলৰ সৈতে বিজেপিৰ মিত্ৰতা অব্যাহত থাকিব বুলি মুখ্যমন্ত্রীৰ প্রকাশ

বিটিআৰ নিৰ্বাচনত বিজেপিয়ে অকলে প্রতিদ্বন্দ্বিতা কৰিব যদিও ইউ পি পি এলৰ সৈতে মিত্ৰতাসূচক দৃষ্টিভংগী অব্যাহত থাকিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে দুয়োটা দলে অকলে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব যদিও পৰস্পৰক সমালোচনাৰ পৰা বিৰত থাকিব...

May 19, 2025 9:32 PM

views 33

২৫ মে’ৰ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ মে'ৰ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২২ সংখ্যক খণ্ড। জনসাধাৰণে তেওঁলোকৰ দিহা পৰামৰ্শ টোল ফ্রি নম্বৰ ১৮০০ ১১ ৭৮০০ ৰ জৰিয়তে জনাব পাৰিব। লগতে মাই গভ মুকলি মঞ্চ আৰু নমো এপৰ জৰিয়তেও...

May 19, 2025 9:20 PM

views 33

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীক

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত যক্ষ্মা ৰোগৰ প্ৰতিকাৰ তথা প্ৰতিৰোধ সন্দৰ্ভত নতুন দিল্লীৰ চফদজং চিকিৎসালয়ৰ হাওফাওৰ ৰোগ বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ ৰোহিত কুমাৰ আৰু সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ একে বিভাগৰ সহযোগী অধ্যাপক ডাঃ সৌৰভ মিটালৰ সৈতে...

May 19, 2025 9:01 PM

views 42

নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা হেগত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

ইউৰোপত ত্ৰিদেশীয় ভ্রমণসূচীৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা হেগত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীক নেডাৰলেণ্ডছত থকা ভাৰতৰ ৰাষ্ট্রদূত কে আৰ টুহিন আৰু দেশখনৰ পৰৰাষ্ট্ৰ কাৰ্যালয়ৰ সঞ্চালক গেব্রিয়েলা চানচিচিয়ে আদৰণি জনায়। আজি পুৱা ড০ জয়শংকৰ নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা ...

May 19, 2025 8:50 PM

views 25

পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত সাৰংগপানি শৰ্মাই আজি ডালিমবাৰীৰ আদৰ্শ বিদ্যালয় পৰিদৰ্শন

 পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত সাৰংগপানি শৰ্মাই আজি ডালিমবাৰীৰ আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে শৈক্ষিক বাতাবৰণ সন্দৰ্ভত আলোচনা কৰে। জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উন্নীতকৰণৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা দিশসমূহ ক্ৰমান্বয়ে পূৰণ কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ ল...

May 19, 2025 8:45 PM

views 42

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যোৱানিশা দুলীয়াজানৰ এটা তেলডিপোত দুটা ফৈদৰ মাজত হোৱা হতাহতিৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেল ডিপোটোৰ কৰ্মচাৰীক শাৰীৰিক প্ৰহাৰ কৰা বুলি প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰীয়ে ৰুজু কৰা...

May 19, 2025 8:15 PM

views 21

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত কাইলৈ আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত কাইলৈ আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ বাবে প্রতিষ্ঠানটোত সকলো প্রস্তুতি সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশ লোৱাৰ কথা। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছতে ড° শৰ্মাই প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।