আঞ্চলিক সংবাদ

May 21, 2025 9:26 PM

views 30

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত বন আৰক্ষীৰ গুলীত চোৰাংচিকাৰীৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত আজি বন আৰক্ষীৰ গুলীত এটা চোৰাংচিকাৰীৰ মৃত্যু হৈছে। বনাঞ্চলখনৰ দোৱামাৰি বন শিবিৰ এলেকাত চোৰাংচিকাৰীটোৰ মৃতদেহ উদ্ধাৰ হয়। চোৰাংচিকাৰীটোৰ পৰা আৰক্ষীয়ে এটা ৰাইফল উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত বন বিভাগ আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

May 21, 2025 9:21 PM

views 26

প্ৰকৃতি সংৰক্ষণ আৰু নাৰী সৱলীকৰণৰ এক যুগান্তকাৰী সমন্বয়েৰে শিলচৰ চহৰত আজিৰে পৰা WOMEN FOR TREES শীৰ্ষক সেউজ অভিযান আৰম্ভ

প্ৰকৃতি সংৰক্ষণ আৰু নাৰী সৱলীকৰণৰ এক যুগান্তকাৰী সমন্বয়েৰে শিলচৰ চহৰত আজিৰ পৰা WOMEN FOR TREES শীৰ্ষক এক অভিনৱ সেউজ অভিযান আৰম্ভ হৈছে। কেন্দ্ৰীয় গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰিকল্পনাৰ অধীনত, অটল মিছন ফৰ ৰিজুভেনেশ্বন এণ্ড আৰবান ট্রান্সফর্মেশন আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ যৌথ প...

May 21, 2025 9:20 PM

views 20

নুনমাটি থানাৰ পূৰ্বৰ সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক আজি ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা

বিশেষ ন্যায়াধীশৰ আদালতে উৎকোচ লোৱাৰ গোচৰত নুনমাটি থানাৰ পূৰ্বৰ সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক আজি ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা বিহিছে। ২০১৬ চনৰ ২১ অক্টোবৰত এজন লোকৰ পৰা ৫ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাই সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক হাতে-লোটে ...

May 21, 2025 9:13 PM

views 33

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে ২১ মে'ৰ দিনাখন এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে ২০০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে ৫৪ শতাংশ। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্রভূত বৰঙণি আগবঢ়াইছে। উন্ন...

May 21, 2025 8:01 PM

views 21

মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্ৰাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত

মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্ৰাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডুমা কালি কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ ৰাজ্যমন্ত্রী জয়ন্ত চৌধুৰীৰ উপস্থিতিত মিজোৰামক পূৰ্ণ সাক্ষৰতাপ্রাপ্ত ৰাজ্য হিচাপে ঘোষণা কৰে। আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অ...

May 21, 2025 7:38 PM

views 27

বৰাক নদীৰ ওপৰত থকা দলংখনত অত্যাৱশ্যকীয় মেৰামতিৰ বাবে ৬০ দিনলৈ সকলো ধৰণৰ যাতায়াত বন্ধ থাকিব

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে জাৰি কৰা নিৰ্দেশ অনুসৰি বৰাক নদীৰ ওপৰত থকা দলংখনত অত্যাৱশ্যকীয় মেৰামতিৰ বাবে ৬০ দিনলৈ সকলো ধৰণৰ যাতায়াত বন্ধ থাকিব। আজিৰে পৰা ২০ জুলাই পর্যন্ত মেৰামতি, দীৰ্ঘম্যাদী সুৰক্ষা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিকল্প পথ হিচ...

May 21, 2025 7:20 PM

views 35

সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ দুৰ্যোগ প্রশমন বিভাগ সাজুঃ কেশৱ মহন্ত

সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ দুৰ্যোগ প্রশমন বিভাগ সাজু হৈছে বুলি দুৰ্যোগ প্রশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। তেওঁ কয়, যে ইতিমধ্যে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু জিলা আয়ুক্তসকলক ইয়াৰ বাবে যাৱতীয় নিৰ্দেশ দিয়া হৈছে। বানৰ সময়ত যোগাযোগৰ বাবে নিয়ন্ত্রণ কক্ষ মুকলি কৰ...

May 21, 2025 7:10 PM

views 28

অভিনেত্ৰী চুমি বৰাৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অনলাইন ট্রেডিঙৰ নামত বিত্তীয় অনিয়মত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী চুমি বৰাৰ জামিন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰত অভিনেত্ৰীগৰাকীয়ে জামিন লাভ কৰে। প্ৰায় ৮ মাহ ধৰি অভিনেত্ৰীগৰাকী কাৰাগাৰত আছিল। অৱশ্যে জামিন লাভ কৰিলেও কাইলৈহে চুমি...

May 21, 2025 6:57 PM

views 24

দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত আজি পুৱাৰ ভাগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাজ্যত সংগীত উৎসৱ পৰ্যটন অর্থনীতি গঢ়াৰ বাবে উন্নতমানৰ সংগীতানুষ্ঠান আয়োজনৰ স্থানসমূহ বিশ্বমানৰ পোহৰ আৰু...

May 21, 2025 6:53 PM

views 23

বৰপেটা ৰোডত জিলাখনৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ সাধনৰ উদ্দেশ্যে কর্মশালা অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত আজি বৰপেটা ৰোডত জিলাখনৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ সাধনৰ উদ্দেশ্যে এখন কর্মশালা অনুষ্ঠিত হয়। বৰপেটা ৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত কর্মশালাখনত এনে উদ্যোগৰ লগতে ব্যৱসায়িক ক্ষেত্ৰখনৰ সৈতে জড়িত প্রায় ৪০০ প্র...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।