আঞ্চলিক সংবাদ

April 15, 2025 6:46 PM April 15, 2025 6:46 PM

views 7

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সংবাদ চলন্তিকাত আজি ডিমাছা, মৰাণ, মিছিং আৰু তিৱাসকলৰ বিহু পালন

অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয়ে অনাদিকালৰে পৰা বিহু পালন কৰি আহিছে। বাপতিসাহোন বিহুটি ডিমাছা, মৰাণ, মিছিং আৰু তিৱা সকলেনো কেনেকৈ পালন কৰে এই বিষয়ে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আকাশবাণী গুৱাহাটী সংবাদ চলন্তিকাত শুনিবলৈ পাব। আমাৰ ডিমা হাচাও, তিনিচুকীয়া, ধেমাজি আৰু মৰিগাঁও জিলাৰ সংবাদ দাতাসকলৰ প...

April 15, 2025 6:36 PM April 15, 2025 6:36 PM

views 11

বিশিষ্ট সাহিত্যিক ড০ নগেন শ‍ইকীয়াৰ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন

ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি, সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শ‍ইকীয়াই আজি তেখেতৰ বাসগৃহ বর্ণমালাত কেইবাগৰাকীও শুভাকাংক্ষীয়ে শুভেচ্ছা জনায়। বৰেণ্য সাহিত্যিকগৰাকীয়ে অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনাই আটাইৰে কুশল-মংগল কামনা কৰে। তেওঁ পূৰ্বৰ তিক...

April 15, 2025 7:16 PM April 15, 2025 7:16 PM

views 15

সকলো চৰকাৰী কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰৰ অধিসূচনা জাৰি

অসম চৰকাৰে আজি পহিলা ব'হাগৰ দিনাই সমগ্ৰ ৰাজ্যতে অসমীয়া ভাষা ব্যৱহাৰৰ বাবে অধিসূচনা জাৰি কৰিছে। চৰকাৰী ভাষা আইন-১৯৬০ৰ ৭ আৰু ৩ নম্বৰ ধাৰা অনুসৰি বৰাক উপত্যকা, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাৰ্বত্য জিলা আৰু বড়োলেণ্ড আঞ্চলিক পৰিষদৰ অধীনৰ অঞ্চলৰ বাহিৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোবোৰ জিলাতে আজিৰে পৰা সকলো চৰকাৰ...

April 15, 2025 1:29 PM April 15, 2025 1:29 PM

views 10

হোজাই জিলাত গাঁও পঞ্চায়ত নিৰ্বাচনৰ বাবে ১৯৯৩ জনৰ মনোনয়ন পত্র দাখিল

ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ বাবেও জিলা প্রশাসনসমূহ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। হোজাই জিলাত এই নির্বাচনক নৈ প্রস্তুতি চলি আছে। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে প্ৰকাশ কৰা মতে জিলাখনত নিৰ্বাচনৰ বাবে ৪ হাজাৰতকৈ অধিক কৰ্মচাৰী নিয়োগ কৰা হ'ব। ইতিমধ্যে দুজন নির্বাচনী ...

April 15, 2025 1:24 PM April 15, 2025 1:24 PM

views 4

তিনিচুকীয়া জিলাৰ বজা আলী পথৰ ৰেলৱে পুখুৰীত মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া জিলাৰ বজা আলী পথৰ ৰেলৱে পুখুৰীত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। কালি সন্ধিয়াৰে পৰা নিখোজ হৈ থকা ধীৰাজ সাহানী নামৰ ১৯ বছৰীয়া যুৱকজনৰ মৃতদেহ আজি এছ ডি আৰ এফে উদ্ধাৰ কৰে। যুৱকজনৰ সন্ধানত এছ ডি আৰ এফে যোৱা নিশাৰে পৰা অভিযান চলাই আছিল।

April 15, 2025 1:17 PM April 15, 2025 1:17 PM

views 8

মেঘালয়ৰ তিৱা জনগোষ্ঠীৰ লোকসকলে ১৭ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ ছগ্ৰা উৎসৱ পালন কৰিব

মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ পৰম্পৰাগত ছগ্ৰা উৎসৱ অহা ১৭ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ পালন কৰিব। উল্লেখযোগ্য যে সুদীর্ঘ ২৫ বছৰৰ পাছত এইবেলি মেঘালয়ৰ লুম্ফৈ গাঁৱত লুপ্ত পাবলৈ ধৰা বসন্ত উৎসৱ ছগ্ৰা পালন কৰা হ'ব। জাগীৰোডৰ গোভা দেওৰজা দীপ সিং দেওৰজাৰ অনুমতি লৈ এই উৎসৱ পালন কৰিবলৈ লোৱা ...

April 15, 2025 1:09 PM April 15, 2025 1:09 PM

views 2

বহাগৰ পহিলা দিনটো পৰম্পৰাগতভাৱে ৰাজ্যজুৰি মানুহ বিহু পালন

বহাগৰ পহিলা দিনটোত আজি পৰম্পৰাগতভাৱে ৰাজ্যজুৰি মানুহ বিহু পালন কৰা হৈছে। এই উপলক্ষে সমগ্র ৰাজ্যতে উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল, পেঁপা, গগনাৰ শব্দই মুখৰিত কৰি তুলিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশিস লৈছে। বিভিন্ন ঠাইত...

April 14, 2025 7:48 PM April 14, 2025 7:48 PM

views 8

পৰিবহন আইন উলংঘা কৰি চলাচল কৰা ডাম্পাৰসমূহৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ কঠোৰ ব্যৱস্থা

গুৱাহাটী মহানগৰীত পৰিবহন আইন উলংঘা কৰি চলাচল কৰা ডাম্পাৰসমূহৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীখনত পথ সুৰক্ষা নিশ্চিত কৰাৰ লগতে যান-বাহন আইন কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ আইন উলংঘাকাৰী চালকসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে তালাচী অভিযান তীব্ৰ কৰি তোলা হৈছে। আৰক্ষীয়ে কালি পৰ্যন...

April 14, 2025 7:43 PM April 14, 2025 7:43 PM

views 11

ডিফু অগ্নিনির্বাপক বাহিনী সেৱা কেন্দ্ৰৰ উদ্যোগত অগ্নিনির্বাপক সপ্তাহ পালন

কাৰ্বি আলং জিলাৰ ডিফু অগ্নিনির্বাপক বাহিনী সেৱা কেন্দ্ৰৰ উদ্যোগত আজিৰে পৰা অগ্নিনির্বাপক সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰ ভাগত চাফাই কাৰ্যসূচীৰ লগতে গছ-পুলি ৰোপন কৰা হয়। অগ্নিনির্বাপক সপ্তাহৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত অগ্নিকাণ্ড আৰু ল'বলগীয়া সাৱধানতা সন্দৰ্ভত এলানি ...

April 14, 2025 7:35 PM April 14, 2025 7:35 PM

views 13

নৱবৰ্ষ আদৰণি উৎসৱ বৈশাগু উপলক্ষে বড়ো জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিবেশ

ৰাজ্যখনৰ বড়ো জনগোষ্ঠীৰ লোকসকলে পালন কৰা নৱবৰ্ষ আদৰণি উৎসৱ বৈশাগু উপলক্ষে জনগোষ্ঠীটোৰ বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। খাম, চেৰজা, চিফুং আৰু জাবশিঙৰ ছন্দত চৌদিশ মুখৰ হৈ উঠিছে। বৈশাগু উপলক্ষে আজি কোকৰাঝাৰ নগৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত থকা বাওখুংগ্ৰী পাহাৰ বগোৱা কাৰ্যসূচী অনুষ্...