আঞ্চলিক সংবাদ

May 26, 2025 8:47 PM

views 16

ভাৰতীয় সেনাৰ অদম্য সাহস আৰু পৰাক্ৰমৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড়ত তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ

ভাৰতীয় সেনাৰ অদম্য সাহস আৰু পৰাক্ৰমৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড়ত আজি তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সচেতন মহিলা মঞ্চ ডিব্ৰুগড়ৰ সৌজন্যত অনুষ্ঠিত এই কাৰ্যসূচীত অপাৰেচন সিন্দূৰৰ সফলতাৰ বাবে ভাৰতীয় সেনাক শ্রদ্ধা জনোৱা হয়। অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন, পর্যটন উদ্যোগ নিগমৰ অধ্যক্ষ ঋতুপৰ্...

May 26, 2025 8:41 PM

views 30

লখিমপুৰত ৩ হাজাৰ গৰাকী অংগনৱাড়ী কৰ্মীৰ মাজত স্মার্ট ফোন বিতৰণ

লখিমপুৰত আজি ৩ হাজাৰ গৰাকী অংগনৱাড়ী কৰ্মীৰ মাজত স্মার্ট ফোন বিতৰণ কৰা হয়। মহিলা আৰু শিশু কল্যাণ বিভাগে জিলাখনৰ লখিমপুৰ, নাওবৈচা আৰু ৰঙানদী সমষ্টিৰ ৩ হাজাৰ অংগনৱাড়ী কৰ্মীক স্মার্ট ফোন প্ৰদান কৰে। অনুষ্ঠানত লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে বিধায়ক মানৱ ডেকা উপস্থিত থাকে। অংগনৱাড়ী ...

May 26, 2025 8:29 PM

views 32

ধেমাজিত নৱনিৰ্মিত ধেমাজি জনজাতি জিৰণী চ’ৰাৰ গৃহ উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত নৱনিৰ্মিত ধেমাজি জনজাতি জিৰণী চ'ৰাৰ গৃহ উদ্বোধন কৰে। অনুসূচিত জাতিৰ পৰিচালন সঞ্চালক বিভাগৰ ২০২২-২৩ বৰ্ষৰ আঁচনিৰ ৩ কোটি টকা আবণ্টনেৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা জিৰণী চ'ৰাই জিলাখনৰ লোকসকলক উপকৃত কৰিব ব...

May 26, 2025 8:14 PM

views 23

সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত পৰৱৰ্তী তিনিমাহৰ বাবে আগতীয়াকৈ চাউল আবণ্টন

সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত পৰৱৰ্তী তিনিমাহৰ বাবে আগতীয়াকৈ চাউল আবণ্টন দিছে। ডিব্ৰুগড় জিলা প্রশাসনেও এই যোজনাৰ অধীনত পৰৱৰ্তী তিনিমাহলৈ হিতাধিকাৰীসকলক একেবাৰতে চাউল বিতৰণ কৰাৰ ব্যৱস্থা ল...

May 26, 2025 8:06 PM

views 30

অসম আৰক্ষীৰ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত

অসম আৰক্ষীয়ে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। অভিযানৰ অংশ হিচাপে গোলাঘাট জিলাত ৭০জনতকৈও অধিক সন্দেহজনক লোকক আটক কৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অনা হৈছে। ইয়াৰ ৪০গৰাকী লোকক নিশা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা অন্য স্থানলৈ নিয়াৰ তথ্য লাভ কৰা হৈছে। গোলাঘাট আৰক্ষীয়ে মেৰাপানী, নুমলীগড...

May 26, 2025 7:43 PM

views 38

গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ গগৈক নিযুক্তি দিয়া হৈছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে আজি সাংসদ গৌৰৱ গগৈক সভাপতিৰ নতুন দায়িত্ব অর্পণ কৰিছে। আনহাতে, জাকিৰ হুছেইন শিকদাৰ, ৰজলীনা তিৰ্কি আৰু প্ৰদীপ সৰকাৰক কমিটীৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে...

May 26, 2025 7:09 PM

views 23

শিল্পী গায়ত্রী হাজৰিকাক মৰণোত্তৰভাৱে সংগীত সৰস্বতী উপাধিৰে বিভূষিত কৰাৰ সিদ্ধান্ত সোণোৱাল কছাৰী সাহিত্য সভাৰ

সোণোৱাল কছাৰী সাহিত্য সভাই শিল্পী গায়ত্রী হাজৰিকাক মৰণোত্তৰভাৱে সংগীত সৰস্বতী উপাধিৰে বিভূষিত কৰাৰ সিদ্ধান্ত লৈছে। সভাৰ বৈঠকত সৰ্বসম্মতিক্রমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ ২০২৫-২০২৭ বৰ্ষৰ নৱনিৰ্বাচিত পূৰ্ণাংগ সমিতিখনে কালি ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। এই অনুসৰি মোহন সোণোৱালক সভাপতি আ...

May 26, 2025 7:01 PM

views 22

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ কথা অসম সচিবালয়ৰ জাননীত প্ৰকাশ

অসম চৰকাৰে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ ঘোষণা কৰাৰে পৰা প্ৰশাসনিক ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন সাধন কৰাৰ লগতে ভালেসংখ্যক প্রশাসনিক বিষয়া নিযুক্তি দিছে। দিছপুৰৰ অসম সচিবালয়ে আজি এখন জাননীৰ জৰিয়তে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপে নিযুক্তি দিয...

May 26, 2025 1:07 PM

views 28

লীলা উপাধ্যায়ক চাংলাং আৰু নামচাই জিলাৰ আদালতৰ চৰকাৰী পেনেল অধিবক্তা নিযুক্তি

তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ জ্যেষ্ঠ অধিবক্তা লীলা উপাধ্যায়ক অৰুণাচল প্ৰদেশৰ চাংলাং আৰু নামচাই জিলাৰ আদালতৰ গোচৰসমূহৰ প্ৰতিনিধিত্ব কৰিবলৈ চৰকাৰী পেনেল অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ জিলা দুখনৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ, মুখ্য ন্যায়িক দণ্ডাধীশ, অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশ আৰু ...

May 26, 2025 1:03 PM

views 30

আকাশবাণীৰ পাব্লিক স্পীকত আজি অগ্নি সুৰক্ষা সুনিশ্চিত কৰা : জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সন্দৰ্ভত আলোচনা প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত অগ্নি সুৰক্ষা সুনিশ্চিত কৰা : জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সন্দৰ্ভত দিল্লী অগ্নিসেৱাৰ সঞ্চালক অতুল গাৰ্গ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ অগ্নিসেৱা বিভাগৰ সঞ্চালকপ্ৰধান প্ৰশান্ত লংকাৰৰ সৈতে হোৱা বিশেষ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।