আঞ্চলিক সংবাদ

May 24, 2025 12:43 PM

views 161

বতৰৰ-বতৰা:

■ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনিৰে দুই-এজাক বৰষুণ পৰাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ...

May 24, 2025 12:24 PM

views 22

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন কেন্দ্ৰৰ লগতে গুৱাহাটীৰ মুঠ ২৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। গুৱাহাটীৰ পৰীক্ষা কেন্দ্ৰসমূহত মুঠ ১০ হাজাৰ ৫৮৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিত...

May 24, 2025 12:38 PM

views 35

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। ইয়াত ভাগ ল’ব বিশিষ্ট গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° চন্দন শৰ্মা আৰু সংবাদ মাধ্যম বিশেষজ্ঞ ৰামন বৰাই। অ...

May 24, 2025 12:12 PM

views 25

শংকৰজ্যোতি বৰুৱাক হাতকেৰেয়া লগাই আদালতত হাজিৰ কৰোৱা বিষয় সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

মানৱ অধিকাৰ আয়োগে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে হাতকেৰেয়া লগাই আদালতত হাজিৰ কৰোৱা বিষয়টো সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ডিব্ৰুগড় জিলা আয়ুক্তক সবিশেষ নথি-পত্রসহ শীঘ্ৰে এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। আনহাতে নির্দেশ...

May 24, 2025 11:58 AM

views 27

প্রথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫২ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদান কাৰ্যসূচীৰ পৰ্যালোচনা শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে কালি অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্ৰকাশন পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। সমগ্র শিক্ষা অসমৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত প্রথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫২ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদান কাৰ্যসূচীৰ পৰ্যালোচনা কৰা হয়।   ...

May 24, 2025 11:52 AM

views 32

গৃহমন্ত্রীক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়ত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়লৈ আলোচনা কৰে।   মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটে লাভ কৰা অভূতপূর্ণ সফলতাৰ বিষয়ে গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে। ড০ শৰ...

May 24, 2025 11:33 AM

views 26

নতুন ভাৰতৰ বুকুত বর্তমান উত্তৰ-পূৰ্বাঞ্চল উন্নয়নশীল অঞ্চলৰূপে পৰিগণিত হৈছে: সর্বানন্দ সোণোৱাল

● কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে দেশ-বিদেশৰ বিনিয়োগকাৰীসকলক উত্তৰ-পূব ভাৰতৰ অভূতপূৰ্ব বিকাশৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত অনুষ্ঠিত ৰাইজিং নর্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয়, যে নতুন ভাৰতৰ বুকুত বর্তম...

May 23, 2025 7:59 PM

views 30

অহা ২৫ মে’ত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা

 কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা অহা ২৫ মে'ত অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন কেন্দ্ৰৰ লগতে গুৱাহাটীৰ মুঠ ২৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। গুৱাহাটীৰ পৰীক্ষা কেন্দ্ৰসমূহত মুঠ ১০ হাজাৰ ৫৮৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষ...

May 23, 2025 7:57 PM

views 21

শোণিতপুৰ জিলাত ত্ৰিৰংগ যাত্রা আয়োজন

ভাৰতীয় সেনাবাহিনীৰ সাহসিকতাক সন্মান জনাই আজি শোণিতপুৰ জিলাত ত্ৰিৰংগ যাত্রা আয়োজন কৰা হয়। এই যাত্ৰাত বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, ৰঙাপাৰাৰ বিধায়ক কৃষ্ণকমল তাঁতী, বিজেপি জিলাৰ সভানেত্ৰী আদিৰ লগতে ভালসংখ্যক লোকে অংশগ্ৰহণ কৰে। তামুলপুৰ জিলাতো আজি সচেতন নাগৰিক মঞ...

May 23, 2025 7:52 PM

views 27

কিৰণ তামুলী শিশু সাহিত্য বঁটাৰ বাবে লেখক, প্রকাশক আৰু চিত্ৰশিল্পীৰ পৰা শিশু গ্ৰন্থৰ আহ্বান

অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যে গঠন হোৱা কিৰণ তামুলী শিশু সাহিত্য ন্যাসে চতুৰ্থবাৰৰ বাবে কিৰণ তামুলী শিশু সাহিত্য বঁটাৰ বাবে লেখক, প্রকাশক আৰু চিত্ৰশিল্পীৰ পৰা শিশু গ্ৰন্থৰ আহ্বান কৰিছে। এই বঁটাৰ বাবে ২০২০ ৰ পৰা ২০২৪ চনৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ গ্ৰহণ কৰা হ'ব। আগ্ৰহীসকলে ইয়াৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।