আঞ্চলিক সংবাদ

April 25, 2025 11:38 AM April 25, 2025 11:38 AM

views 6

পহলগামৰ ঘটনাক ডিব্ৰুগড়ৰ চেণ্টাৰ ফ’ৰ ইছলামিক ষ্টাডিজ, ডুমডুমা চেম্বাৰ্ছ অৱ কমার্ছৰ গৰিহণা

জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তান সমর্থিত সন্ত্রাসবাদীয়ে কৰা নৃশংস আক্ৰমণত ডিব্ৰুগড়ৰ সামাজিক অনুষ্ঠান চেণ্টাৰ ফ'ৰ ইছলামিক ষ্টাডিজে বিৰোধিতা কৰিছে। সভাপতি চেহিৰ আহমদ আৰু সম্পাদক এম হাছিম আলীয়ে এনে দুষ্কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নিৰীহ লোকসকলৰ দুখ-যন্ত্ৰণাত সহমর্মিতা প্রকাশ কৰিছে। ইছলামিক ...

April 25, 2025 11:35 AM April 25, 2025 11:35 AM

views 5

ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পহলগামত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

পহলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত কালি তিনিচুকীয়া জিলাৰ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱা শ্রদ্ধা তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ডুমডুমাৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে এই বৰ্বৰ ঘটনাত জড়িত লোকসকল যাতে কোনো কাৰণতে...

April 25, 2025 11:33 AM April 25, 2025 11:33 AM

views 7

পহলগামত নিহত অৰুণাচলৰ টাগে হেইলিয়াঙৰ পৰিয়ালৰ এগৰাকীক চৰকাৰী চাকৰি, ৫০ লাখ টকাৰ সাহায্য

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত অৰুণাচল প্ৰদেশৰ জিৰো চহৰৰ ভাৰতীয় বায়ুসেনাৰ বিষয়া টাগে হেইলিয়াঙৰ নশ্বৰদেহ কালি তেওঁৰ গৃহ চহৰলৈ অনা হয়। শ্বহীদগৰাকীৰ নশ্বৰদেহ প্রথমে বায়ুসেনা বাহিনীৰ বিমানযোগে গুৱাহাটীলৈ অনা হয় আৰু তাৰ পৰা এম্বুলেঞ্চযোগে জিৰোৰ টাজাং জিলালৈ নিয়া হয়। প্রয়াত টাগ...

April 25, 2025 11:30 AM April 25, 2025 11:30 AM

views 11

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহ আজি অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়ৰ খেলপথাৰৰ সমাৱৰ্তন হ'লত বিয়লি ৩ বজাত আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচার্য তথা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই সভাপতিত্ব কৰি যোৱা বছৰকেইটাত বিশ্ববিদ্যালয়খনৰ পৰা পি এইচ ডি, এম ফিল, স্নাতকোত্তৰ আৰু স্নাতক ড...

April 25, 2025 11:29 AM April 25, 2025 11:29 AM

views 10

ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

ৰাজ্যত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। কালি গোলাঘাটৰ বৰজান চাহবাগিচা খেলপথাৰত কংগ্ৰেছৰ হৈ দলীয় সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেওঁ পহলগামৰ ঘটনাক গৰিহণা দিয়াৰ লগতে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ল'...

April 25, 2025 11:21 AM April 25, 2025 11:21 AM

views 8

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক অস্বীকাৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বিতীয় মণ্ডলৰ অধীনত অনুষ্ঠিত এই বছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি অথবা এইকেইদিনত ঘোষণা হোৱাৰ সম্ভাৱনা আছে বুলি কেইবাটাও সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি পৰিষদে অস্বীকাৰ কৰিছে। পৰিষদৰ দ্বিতীয় মণ্ডলৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাসে জনোৱা অনুসৰি এই ...

April 25, 2025 11:15 AM April 25, 2025 11:15 AM

views 7

শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি জীৱন যুদ্ধত জয়ী হোৱা কেইবাগৰাকীও লোকৰ কাহিনীৰে অহা ২৭ এপ্ৰিলত আকাশবাণী গুৱাহাটীৰ ‘বিশেষ সংবাদ চলন্তিকা’

সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিছনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্রত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি, তাৰ কাহিনী লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ২৭ এপ্ৰিল, দেওবাৰে সন্ধিয়া ...

April 25, 2025 11:12 AM April 25, 2025 11:12 AM

views 50

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া, বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনিৰে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৩ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্...

April 25, 2025 11:10 AM April 25, 2025 11:10 AM

views 3

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত সাঁচি গছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশলবিষয়ক কৰ্মশালাৰ সামৰণি

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত যোৱা ২২ এপ্ৰিলৰ পৰা সাঁচি গছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশলৰ বিষয়ে অনুষ্ঠিত প্রশিক্ষণ কর্মশালাৰ কালি সামৰণি পৰে। মেঘালয়ৰ শ্বিলঙত অৱস্থিত উত্তৰ-পূব অঞ্চলৰ সামুহিক সম্পদ ব্যৱস্থাপনা সমিতিৰ অৰ্থ সাহায্যত চাৰিখন ৰাজ্যৰ কুৰি গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্...

April 25, 2025 11:08 AM April 25, 2025 11:08 AM

views 7

তিনিচুকীয়া নগৰৰ বান পৰিস্থিতি পৰিদৰ্শন জিলা আয়ুক্ত স্বপ্নীল পালৰ

তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালে কালি তিনিচুকীয়া নগৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। কালি পুৱা হোৱা বৰষুণৰ ফলত তিনিচুকীয়া নগৰত উদ্ভৱ হোৱা আকস্মিক বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তেওঁ তিনিচুকীয়া পৌৰসভাৰ নলা-নৰ্দমা নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে কথা পাতে। পৰিদৰ্শন কালত জিলা আয়ুক...