আঞ্চলিক সংবাদ

June 2, 2025 9:18 PM

views 31

অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত আলোচনা

অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে আজি বিয়লি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকৰ বিষয়ে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ে নিয়োগ ...

June 2, 2025 9:15 PM

views 42

শক্তিপীঠ কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত হ'ব। ২২ জুনৰ বিয়লি ২ বাজি ৫৬ মিনিচত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। আজি গুৱাহাটীৰ পল্টন বজাৰ...

June 2, 2025 9:13 PM

views 39

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে কাইলৈ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব। কাইলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত গগৈয়ে বিদায়ী সভাপতি ভূপেন বৰাৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰিব। ইয়াৰ আগতে আজি গৌৰৱ গগৈয়ে কলিয়াবৰৰ পৰা বটদ্ৰৱালৈ আহে আৰু বটদ্ৰবা থানত সেৱা জনায...

June 2, 2025 9:09 PM

views 33

বজালীত আজিৰে পৰা মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাহজোৰা সজাগতা কাৰ্যসূচী

বজালী জিলাত আজিৰে পৰা মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাহজোৰা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে। বজালীৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত আয়োজন কৰা এই সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে আজি পাটাছাৰকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত পোষ্টাৰ অংকন আৰু ক...

June 2, 2025 9:07 PM

views 33

শিৱসাগৰ নগৰৰ সমীপৰ ভটিয়াপাৰত মাদক দ্রব্য জব্দৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ

শিৱসাগৰ আৰক্ষীয়ে আজি নগৰখনৰ সমীপৰ ভটিয়াপাৰত মাদক দ্রব্য জব্দ কৰাৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখী এখন বাহনত তালাচী চলাই মাদক দ্রব্যখিনি জব্দ কৰে। ধৃত যুৱক দুজনে চাবোনৰ বাকচত মাদক দ্রব্যখিনি লুকুৱাই আনিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

June 2, 2025 8:31 PM

views 27

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ‘পাব্লিক স্পীক’ অনুষ্ঠান

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত ডিজিটেল ব্যৱসায়ত দুষ্টচক্ৰৰ পৰা গ্ৰাহকসকলৰ সুৰক্ষা এই সন্দৰ্ভত গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ গ্ৰাহক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব অনুপম মিশ্ৰ আৰু গ্ৰাহক আইন, অধিকাৰ আৰু সুৰক্ষাৰ বিশেষজ্ঞ পু...

June 2, 2025 8:14 PM

views 41

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ ৩ দিনীয়া কাৰ্যসূচীৰে গছপুলি ৰোপণ আৰু বনানিকৰণৰ বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৃষকৰ বাবে পুলি বাগান স্থাপন, গছপুলি ৰোপণ আৰু বনানিকৰণৰ বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত বিভিন্ন জিলাৰ ভালেসংখ্যক কৃষক আৰু উদ্যমী ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। অসম কৃষি বনানিকৰণ উন্নয়নৰ পৰিষদৰ অৰ্থস...

June 2, 2025 8:02 PM

views 33

কেইবাখনো জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে

কিছু দিন ধৰি ধাৰাষাৰ বৰষুণৰ পাছত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ কিছু ফৰকাল হৈছে যদিও কেইবাখনো জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বছৰৰ প্ৰথমটো বানত ৰাজ্যখনৰ ১৯ খন জিলাৰ তিনি লাখ ৬৪ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা ৫২ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্...

June 2, 2025 8:00 PM

views 37

জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বানপীড়িত এলেকাসমূহৰ পশুধনৰ বাবে ৭০০ কুইণ্টল পশুখাদ্য বিতৰণ

কামৰূপ মহানগৰৰ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বানপীড়িত এলেকাসমূহৰ পশুধনৰ বাবে আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰায় ৭০০ কুইণ্টল খাদ্য বিতৰণ কৰা হয়। সমষ্টিটোৰ ধাৰাপুৰ, মাজিৰগাঁও, কেন্দুকুছি, আগচীয়া, গড়ল আৰু মির্জাপুৰৰ বিভিন্ন অঞ্চলত পশু খাদ্য বিতৰণ কাৰ্যসূচীত জালুকবাৰী সমজিলাৰ আয়ুক্ত ড০ জীৱন কৃ...

June 2, 2025 7:58 PM

views 23

বানৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা প্রশাসনৰ ১১৫ খন বিদ্যালয় স্বাভাৱিক অৱস্থা ঘূৰি নহা পৰ্যন্ত বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি

নগাঁও জিলা প্রশাসনে বানৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ ১১৫ খন বিদ্যালয় স্বাভাৱিক অৱস্থা ঘূৰি নহা পৰ্যন্ত বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। জিলাখনত সাম্প্রতিক বানত যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ উপৰি ভালেসংখ্যক বিদ্যালয় বানত বুৰ যোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্র-ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।