আঞ্চলিক সংবাদ

April 29, 2025 11:16 AM April 29, 2025 11:16 AM

views 11

ৰাষ্ট্ৰপতি ভৱনত ৭১গৰাকী ব্যক্তিক ২০২৫ বৰ্ষৰ পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি ৭১ গৰাকী ব্যক্তিক ২০২৫ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰে। দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা- পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই তিনিটা শিতানত প্ৰদান কৰা হয়৷ অসমৰ সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো আৰু ডিমা হাচাও জিল...

April 29, 2025 11:14 AM April 29, 2025 11:14 AM

views 3

সন্ত্ৰাসবাদী কাৰ্যকলাপক সমৰ্থন জনাই মন্তব্য দিয়া ২৭জন লোকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

অসম আৰক্ষীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সমৰ্থন জনাই মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অভিযান চলাই এই পর্যন্ত ২৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই যোৱা ২৪ ঘণ্টাত ৮ জন লোকক গ্ৰেপ্তাৰ কৰে। গোৱালপাৰা, তামুলপুৰ, ধুব...

April 29, 2025 11:11 AM April 29, 2025 11:11 AM

views 7

জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা আদালত অৱমাননাৰ গোচৰত অন্তৰ্ৱৰ্তী স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা আদালত অৱমাননাৰ গোচৰত অন্তৱৰ্তী স্থগিতাদেশ জাৰি কৰিছে। অৱশ্যে জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্য আৰু অধিবক্তা পল্লৱী তালুকদাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়...

April 29, 2025 11:09 AM April 29, 2025 11:09 AM

views 2

দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী ছেভেন এছ চেম্পিয়নশ্বিপৰ সামৰণী অনুষ্ঠান; ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী ছেভেন এছ চেম্পিয়নশ্বিপৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই প্ৰতিযোগিতাক কেৱল এটা ক্রীড়া কাৰ্যসূচী নহয়, বৰং যুৱ শক্তি, অনুশাসন, নিষ্ঠা আৰু দল...

April 29, 2025 11:06 AM April 29, 2025 11:06 AM

views 6

আই পি এল ক্রিকেটত গুজৰাট টাইটানছক ৮ উইকেটত পৰাস্ত ৰাজস্থান ৰয়েলছৰ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা এখন খেলত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক ৮ উইকেটত পৰাস্ত কৰে। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰাজস্থানে ২৫ টা বল বাকী থাকোতেই ২১০ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয়। যশস্বী জয়ছোৱালে ৪০ টা বলত ৭০ আৰু অধিনায়ক ৰিয়ান পৰাগে ১৫ টা বলত ৩২...

April 29, 2025 11:05 AM April 29, 2025 11:05 AM

views 7

আই পি এল ক্ৰিকেটত শতক অৰ্জন কৰা সর্বকনিষ্ঠ খেলুৱৈ বৈভৱ সূৰ্যবংশী

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ মাজৰ খেলখনত  ৰাজস্থানৰ বৈভৱ সূৰ্যবংশীয়ে কেইবাটাও অভিলেখ সৃষ্টি কৰিবলৈ সমৰ্থ হয়। ৩৮টা বলত ১০১ ৰান কৰা বৈভৱ আই পি এলৰ ইতিহাসত শতক অৰ্জন কৰা সর্বকনিষ্ঠ খেলুৱৈত পৰিণত হয়। তদুপৰি বৈভৱ প...

April 29, 2025 11:03 AM April 29, 2025 11:03 AM

views 13

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া, বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৮ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৯ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজান...

April 29, 2025 11:00 AM April 29, 2025 11:00 AM

views 2

গোলাঘাটৰ সৰুপথাৰৰ ঔটেঙাতল চুবুৰীত ডায়েৰীয়াসদৃশ ৰোগত দুগৰাকী মহিলাৰ মৃত্যু, বহু লোক আক্ৰান্ত

গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত ছেৱাগুৰিৰ ঔটেঙাতল চুবুৰীত ডায়েৰীয়াসদৃশ ৰোগত বহু লোক আক্ৰান্ত হোৱাৰ লগতে এই ৰোগৰ ফলত দুগৰাকী মহিলাৰ মৃত্যু হৈছে। চাৰিদিন পূৰ্বে গাঁওখনৰ একাংশ লোক এনে ৰোগত আক্ৰান্ত হৈ সৰুপথাৰ আৰু গোলাঘাটত চিকিৎসাধীন হৈছিল। ইয়াৰে ৰুফিনা কৰ্মকাৰ আৰু পূর্ণিমা কেৰকেটা নামৰ মহিলা ...

April 28, 2025 8:36 PM April 28, 2025 8:36 PM

views 7

পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ; বিশ্বনাথ-শোণিতপুৰ-নগাঁৱত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুটা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ লগতে নির্দলীয় প্রার্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ, শোণিতপুৰ আৰু নগাঁৱত প্ৰচাৰ সভাত অংশ লয়। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত ...

April 28, 2025 8:34 PM April 28, 2025 8:34 PM

views 4

ৰাষ্ট্ৰপতি ভৱনত দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰে। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই তিনিটা পৰ্যায়ত প্রদান কৰা হয়। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।