আঞ্চলিক সংবাদ

June 12, 2025 9:32 PM

views 16

শুৱালকুছিৰ মেগা হেণ্ডলুম ক্লাষ্টাৰৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শুৱালকুছিৰ মেগা হেণ্ডলুম ক্লাষ্টাৰৰ অগ্ৰগতিৰ বুজ লয় আৰু দুগ্ধ পালকসকলক পাঁচ টকা ৰাজ সাহায্য প্রদানকে ধৰি বিভিন্নি বিষয়লৈ আলোচনা কৰে। তেওঁ লগতে হস্ততাঁত আৰু দুগ্ধ খণ্ডৰ জৰিয়তে আত্মনিৰ্ভৰশীলতা সুনিশ্চিত কৰাৰ বাবে দুয়োখন আঁচনি অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰ...

June 12, 2025 9:08 PM

views 19

বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ সুবিধার্থে ভাৰতীয় ৰে’লৱেৰ আহমেদাবাদৰ পৰা দুখন বিশেষ ৰে’লৰ ব্যৱস্থা

গুজৰাটত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে'লৱেই যাত্ৰীসকলৰ সুবিধার্থে আহমেদাবাদৰ পৰা দুখন বিশেষ ৰে'লগাড়ীৰ চলাচল কৰোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰে এখন ৰে'লগাড়ী দিনৰ চাৰে ১১ বজাত আহমেদাবাদৰ পৰা নতুন দিল্লীলৈ আৰু আনখন দিনৰ ১২ বজাত আহমেদাবাদৰ পৰা মুম্বাইলৈ ৰাওনা হ'ব।

June 12, 2025 9:01 PM

views 16

ৰাষ্ট্ৰজোৰা প্ৰাক্-খাৰিফ বিকশিত কৃষি সংকল্প অভিযানৰ সামৰণি

ৰাষ্ট্ৰজোৰা প্ৰাক্-খাৰিফ বিকশিত কৃষি সংকল্প অভিযানৰ আজি সামৰণি পৰে। এই অভিযানৰ জৰিয়তে কৃষি বিজ্ঞানীসকলক খেতিয়কসকলৰ ওচৰ চপাই নিয়াৰ ব্যৱস্থা চেষ্টা কৰা হৈছে। এই অভিযানে খেতিয়কসকলক বিজ্ঞানীসকলৰ সৈতে মত-বিনিময় কৰাৰ আৰু কৃষিৰ বিষয়ে প্ৰত্যক্ষভাৱে তথ্য লাভৰ সুযোগ প্ৰদান কৰিছে।

June 12, 2025 8:34 PM

views 14

গুৱাহাটীৰ গান্ধীবস্তি তিনিআলিত সংঘটিত অগ্নিকাণ্ডত ৫০টাৰো অধিক ঘৰ ভস্মীভূত

গুৱাহাটী মহানগৰীৰ চানমাৰিৰ গান্ধীবস্তি তিনিআলিত আজি এটা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত ভালেকেইটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুয়ে ভয়াবহ ৰূপ ধাৰণ কৰি ৫০টাৰো অধিক ঘৰ ভস্মীভূত কৰে। অগ্নিনির্বাপক বাহিনীৰ ৪ খনকৈ গাড়ীৰ জৰিয়তে পাছত জুই নুমুওৱা হয়।

June 12, 2025 8:21 PM

views 15

শ্বহীদ সুজিত নাৰ্জাৰীৰ স্মৃতিত বড়োলেণ্ডৰ বিভিন্ন ঠাইত বড়োলেণ্ড শ্বহীদ দিৱস পালন

নিখিল বড়ো ছাত্ৰ সন্থা এবছুৰ নেতৃত্বত সুকীয়া বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত হোৱা গণ আন্দোলনৰ প্রথম শ্বহীদ সুজিত নাৰ্জাৰীৰ স্মৃতিত আজি বড়োলেণ্ডৰ বিভিন্ন ঠাইত বড়োলেণ্ড শ্বহীদ দিৱস পালন কৰা হৈছে। বাক্সাৰ খাৰুৱাজানত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম আৰু বিটিআৰ প্রধান প্রমোদ বড়...

June 12, 2025 8:15 PM

views 14

অসম বিধানসভাৰ বিভাগীয় বিষয়ৰ স্থায়ী সমিতিৰ দলৰ নগাওঁ জিলা ভ্ৰমণ

অসম বিধানসভাৰ বিভাগীয় বিষয়ৰ স্থায়ী সমিতিৰ এটা দলে নগাওঁ জিলা ভ্ৰমণ কৰি বিভিন্ন বিভাগৰ উন্নয়নমূলক কামকাজৰ অগ্ৰগতিৰ বুজ লয়। ২০২৪-২৫ বিত্তীয় বৰ্ষত সমিতিয়ে দিয়া পৰামৰ্শ ভিত্তিত বিভিন্ন বিভাগে ৰূপায়ণ কৰা প্ৰকল্প আঁচনি আৰু ব্যৱস্থাসমূহৰ খতিয়ান লোৱাৰ বাবে বিধায়ক সঞ্জয় কিষাণৰ নেতৃত্বৰ দলটোৱে কেই...

June 12, 2025 8:10 PM

views 33

ভ্ৰাম্যমাণ থিয়েটাৰ সৃষ্টিকর্তা অচ্যুত লহকৰৰ নৱম মৃত্যু বার্ষিকী উপলক্ষে পাঠশালাত বিশেষ কার্যসূচী

ভ্ৰাম্যমাণ থিয়েটাৰ সৃষ্টিকর্তা অচ্যুত লহকৰ আজি নৱম মৃত্যু বার্ষিকী। স্বাধীন ভাৰতৰ অন্যতম জনপ্রিয় গণমাধ্যম ভ্রাম্যমাণ থিয়েটাৰৰ জন্মদিন নাট্য জগতত অভূতপূৰ্ব কৃতিত্ব অর্জন কৰা প্ৰয়াত নাট্যব্যক্তিত্বজনৰ মৃত্যু তিথি উপলক্ষে আজি পাঠশালাত বিশেষ কার্যসূচী গ্ৰহণ কৰা হয়। আজিৰপৰা প্ৰায় ৬০বছৰ আগতে গান্ধী ...

June 12, 2025 8:05 PM

views 16

শিল্পী খগেন মহন্তৰ মৃত্যু দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত, অসমৰ লোক সংগীত আৰু বিহুৰ অপ্ৰতিদ্বন্দ্বী শিল্পী খগেন মহন্তৰ মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হয়। আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে ১৯৬৫ চনৰ পৰা গীত পৰিৱেশন আৰম্ভ কৰা শিল্পীগৰাকীয়ে ১৯৭২ চনত প্ৰথম শ্ৰেণীৰ সুগম...

June 12, 2025 7:49 PM

views 40

দৰং জিলাত বিকশিত কৃষি সংকল্প অভিযান ২০২৫ৰ কাৰ্যসূচীৰ সামৰণি

দৰং জিলাত বিকশিত কৃষি সংকল্প অভিযান ২০২৫ৰ কাৰ্যসূচীৰ আজি সামৰণি পৰে। যোৱা ২৯ মে’ তাৰিখৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ উদ্যোগত দেশজুৰি আয়োজিত এই অভিযানৰ অংশ হিচাপে দৰং জিলাৰো ছটা উন্নয়নত খণ্ডত ২০০ খন গাঁৱত কৃষি প্রযুক্তি, ভূমি স্বাস্থ্য সুৰক্ষা আৰু বিভিন্ন চৰকাৰী আঁচনিৰ ব...

June 12, 2025 7:38 PM

views 23

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উলহ-মালহেৰে পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উলহ-মালহেৰে পালন কৰা হয়। এই উপলক্ষে মহাপুৰুষজনাৰ জন্মভূমি লখিমপুৰৰ লেটেকুপুখুৰীত আজি পুৱাৰে পৰা নাম প্রসংগ, ঘোষা কীর্তন, ধর্মালোচনা সভাকে ধৰি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সত্ৰনগৰী মাজুলীতো কমলাবাৰী, বেঙেনাআটী, চ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।