আঞ্চলিক সংবাদ

June 13, 2025 7:49 PM

views 11

ধুবুৰীৰ আইন-শৃংখলা আৰু সাম্প্ৰদায়িক সম্প্রীতি অটুট ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী চহৰৰ আইন-শৃংখলা আৰু সাম্প্ৰদায়িক সম্প্রীতি অটুট ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিছে। সন্ধিয়া আৰু নিশাৰ ভাগত দুষ্কৃতিকাৰীক দেখা মাত্ৰকে গুলীওৱাৰ আনুষ্ঠানিক নিৰ্দেশ আজি সন্ধিয়াৰ ভিতৰতে জাৰি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছ...

June 13, 2025 12:43 PM

views 9

আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ২৪১ যাত্ৰীৰ আটাইকেইগৰাকীৰেই মৃত্যু

আহমেদাবাদ বিমান বন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মৰাৰ ঠিক পাছতেই দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ২৪১ গৰাকী আৰোহীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। বয়িং 787-8 শ্ৰেণীৰ বিমানখনত ২৪২ গৰাকী যাত্ৰী আৰু চালক দলৰ সদস্য আছিল। বিমানখনত ১৬৯ গৰাকী ভাৰতীয়, ৫৩ গৰাকী ব্ৰিটিছ, এগৰাকী কানাডিয়ান আৰু ৭গৰাকী পর্ত...

June 13, 2025 12:41 PM

views 11

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আনুষ্ঠানিক তদন্ত আৰম্ভ বিমান দুর্ঘটনা তদন্ত সংস্থাৰ

বিমান দুর্ঘটনা তদন্ত সংস্থাই (এ এ আই বি) আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে কৈছে, যে আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাই ধার্য কৰা আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুযায়ী দুৰ্ঘটনাৰ তদন্ত কৰা হ'ব। তেওঁ কয়, যে চৰকাৰে বিষয়টো বিশদভাৱে ...

June 13, 2025 12:36 PM

views 15

আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলী পৰিদৰ্শন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি দুৰ্ঘটনাৰ কেইঘণ্টামান পাছতেই আহমেদাবাদ পৰিদৰ্শন কৰে। তেওঁ উদ্ধাৰ আৰু সাহায্য অভিযানৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈ...

June 13, 2025 12:34 PM

views 65

ৰাজ্যসভাৰ অসমৰ দুয়োখন আসনতে এন ডি এৰ প্ৰাৰ্থীৰ বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ

অসমৰ ৰাজ্যসভাৰ দুয়োখন আসনতে এন ডি এৰ প্ৰাৰ্থীয়ে বিনাপ্রতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে। ৰাজ্যসভাৰ খালী হোৱা আসন দুখনৰ বিপৰীতে অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ কনাড পুৰকায়স্থই মনোনয়ন দাখিল কৰিছিল। এই আসন দুখনৰ বাবে বিৰোধীয়ে কোনো প্রার্থী প্ৰক্ষেপ নকৰাত কালি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা দ...

June 13, 2025 12:31 PM

views 5

ৰাজ্যৰ ভৌগোলিক পৰিৱেশ আৰু জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাবৰ্ষৰ দিন সলনিৰ চিন্তা-চৰ্চা শিক্ষা বিভাগৰ

ৰাজ্যৰ ভৌগোলিক পৰিৱেশ আৰু জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে শিক্ষাবৰ্ষৰ দিন সলনি কৰিবলৈ চিন্তা-চৰ্চা কৰিছে বুলি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে। পূৰ্বে অসমত জানুৱাৰীত আৰম্ভ হোৱা শিক্ষাবর্ষ কেন্দ্ৰীয় শিক্ষা ব’ৰ্ডৰ নীতি অনুযায়ী এপ্ৰিলৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও শেহতীয়াকৈ ৰাজ্যখনৰ...

June 13, 2025 12:28 PM

views 22

শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন

শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ কালি প্ৰথমবাৰৰ বাবে উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে পালন কৰা এই অনুষ্ঠানত মহাপুৰুষজনাৰ এটি বৰগীত সিংহলী ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা হয়। কেন্দ্ৰটোৰ পৰিচালক আৰু প্ৰথম ...

June 13, 2025 12:26 PM

views 12

ধ্রুপদী নৃত্যশিল্পী ড° সোনাল মানসিঙক ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান

২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ধ্রুপদী নৃত্যশিল্পী ড° সোনাল মানসিঙক কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই পদ্ম বিভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পীগৰাকীক এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে। বঁটা প্ৰদান কৰি দিয়...

June 13, 2025 12:23 PM

views 80

মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ বাবে আৱেদনৰ অন্তিম দিন ১৫ আগষ্ট

মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ বাবে ১৫ আগষ্ট আবেদনৰ অন্তিম দিন ধার্য কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে উদ্বোধন কৰা এই আঁচনিৰ জৰিয়তে গৱেষক শিক্ষাৰ্থীসকলক ২৫ হাজাৰ টকাৰ আৰু দিব্যাংগ গৱেষকসকলক ৪০ হাজাৰ টকাৰ এককালীন আর্থিক সাহায্য প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে আবেদন কৰিবলৈ অস...

June 13, 2025 12:21 PM

views 21

ৰাজ্যত গ্ৰীষ্মৰ প্ৰকোপ অব্যাহত; কেইবাখনো জিলাত পাৰাস্তম্ভ ৩৮ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম

ৰাজ্যত যোৱা কিছুদিন ধৰি গ্ৰীষ্মৰ প্ৰকোপ অব্যাহত আছে। কালি ডিব্ৰুগড়, যোৰহাট, উত্তৰ লখিমপুৰ আৰু ওদালগুৰি জিলাৰ মাজবাটত পাৰাস্তম্ভই ৩৮ ডিগ্রী চেলছিয়াছ অতিক্রম কৰে। একেদৰে নগাঁও আৰু কামৰূপ জিলাত পাৰাস্তম্ভই ৩৭ দশমিক ৫ ডিগ্রী চেলছিয়াছ অতিক্ৰম কৰে। পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত জনজীৱন একপ্ৰকাৰ স্থবিৰ হৈ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।