আঞ্চলিক সংবাদ

June 25, 2025 9:59 PM June 25, 2025 9:59 PM

views 5

নতুন দিল্লীত The Emergency Diaries-Years that forged a leader” শীৰ্ষক গ্ৰন্থ উন্মোচন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত The Emergency Diaries-Years that forged a leader” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে। দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত ইয়াৰ বিৰুদ্ধে এগৰাকী যুৱ ৰাষ্ট্ৰীয় স্বয়ংসেৱক হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাক এই গ্ৰন্থখনত স্থান দিয়া হৈছে। গণতন্ত্ৰৰ প্ৰমূল্যস...

June 25, 2025 9:14 PM June 25, 2025 9:14 PM

views 58

১৯৭৫ চনত দেশত জৰুৰী অৱস্থা ঘোষণাৰ ৫০ বছৰ পূৰ্ণ হোৱা দিনটো দেশত সংবিধান হত্যা দিৱস হিচাপে পালন

১৯৭৫ চনত দেশত জৰুৰী অৱস্থা ঘোষণাৰ ৫০ বছৰ পূৰ্ণ হোৱা দিনটো আজি দেশত সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হৈছে। সেই সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰি সমগ্ৰ দেশতে ৰাজনৈতিক দলৰ নেতা-কৰ্মী, সাংবাদিক, শ্রমিক-সংগঠনৰ নেতাকে ধৰি প্ৰায় ডেৰ লাখ লোকক কাৰাৰুদ্ধ আৰু সংবাদ মাধ্যমৰ স্বাধীন...

June 25, 2025 9:12 PM June 25, 2025 9:12 PM

views 5

গুৱাহাটীৰ সাতগাঁও হাইস্কুলত অত্যাধুনিক ছাত্রী প্ৰসাধন আৰু অনাময় গৃহ মুকলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে গুৱাহাটী মহানগৰৰ সাতগাঁও হাইস্কুলত আজি অত্যাধুনিক ছাত্রী প্ৰসাধন আৰু অনাময় গৃহ মুকলি কৰে। এই হাইস্কুলৰ পৰাই শিক্ষামন্ত্ৰী ডাঃ পেগুৱে অনলাইনৰ জৰিয়তে ১৮ খন শিক্ষানুষ্ঠানত নিৰ্মাণ কৰা অত্যাধুনিক প্রসাধন আৰু অনাময় গৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানত ভাষণ দি শিক্...

June 25, 2025 9:10 PM June 25, 2025 9:10 PM

views 4

শিৱসাগৰৰ ভটিয়াপাৰত থকা ১৪৭ নম্বৰ তৈলখাদৰ গেছ নিৰ্গমণ অহা দুই-এদিনৰ ভিতৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আশা

শিৱসাগৰৰ ভটিয়াপাৰত থকা ১৪৭ নম্বৰ তৈলখাদত অ’এনজিচিৰ গেছ নিৰ্গমণৰ ঘটনাৰ ১৪ দিনৰ পাছতো অঞ্চলটোৰ ৭৫০গৰাকী ব্যক্তি এতিয়াও আশ্রয় শিবিৰৰ খাদ্যৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। অধিকাংশ পৰিয়ালেই নিজৰ ঘৰলৈ ঘূৰি গৈছে যদিও অঞ্চলটোত জুই জ্বলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা থকাৰ কাৰণে প্ৰশাসনে তেওঁলোকৰ খাদ্যৰ ব্যৱস্থা কৰিছে। ...

June 25, 2025 9:08 PM June 25, 2025 9:08 PM

views 7

ধেমাজিত আৰক্ষী বিভাগৰ সৌজন্যত সমাজত বাল্যবিবাহৰ প্ৰভাৱ আৰু প্ৰতিকাৰ শীৰ্ষক সজাগতা সভা

ধেমাজি জিলাৰ আৰক্ষী বিভাগৰ সৌজন্যত আজি জিলাখনত সমাজত বাল্যবিবাহৰ প্ৰভাৱ আৰু প্ৰতিকাৰ শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এই সভাত সামাজিক ব্যাধিস্বৰূপ বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰা হয়। ধেমাজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধী...

June 25, 2025 9:06 PM June 25, 2025 9:06 PM

views 3

কাইলৈ পুৱা ৩.২৭ বজাত অম্বুবাচীৰ নিবৃত্তি; মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তৰ ভিৰ

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ কাইলৈ পুৱা সামৰণি পৰিব। পুৱা ৩ বাজি ২৭ মিনিটত অম্বুবাচীৰ নিবৃত্তিৰ পাছত দেৱীস্নান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ'ব। মা কামাখ্যাৰ দৰ্শনৰ বাবে দেশী-বিদেশী ভক্তই অপেক্ষা কৰি আছে। কামাখ্যা ধা...

June 25, 2025 9:03 PM June 25, 2025 9:03 PM

views 11

ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰামধেনু যুগৰ মননশীল গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি ৰামধেনু যুগৰ মননশীল গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী পালন কৰা হৈছে। এহাত দবা, গোলাম, অশান্ত ইলেক্‌ট্রন আদি গল্পৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা সৌৰভ কুমাৰ চলিহাৰ ২০১১ চনৰ আজিৰ দিনটোত দেহাৱসান ঘটিছিল। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, পঞ্চায়ত আৰু গ্ৰা...

June 25, 2025 9:02 PM June 25, 2025 9:02 PM

views 3

দুলীয়াজান-ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ, কেইবাখনো দূৰণিবটীয়া ৰে’লগাড়ী বৈদ্যুতিক ইঞ্জিনেৰে চলোৱাৰ সিদ্ধান্ত

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনস্থ দুলীয়াজান-ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেই কেইবাখনো দূৰণিবটীয়া ৰে’লগাড়ী সম্পূৰ্ণকৈ বৈদ্যুতিক ইঞ্জিনেৰে চলোৱাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা ১২৪২৪ আৰু ১...

June 25, 2025 8:58 PM June 25, 2025 8:58 PM

views 7

অহা ১ জুলাইৰ পৰা ভাৰতীয় ৰে’লৰ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাৰা বৃদ্ধি

ভাৰতীয় ৰে'ল বিভাগে অহা ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাৰা সামান্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ক’ভিড মহামাৰীৰ পাছত ভাৰতীয় ৰে’লে এয়ে প্ৰথমবাৰৰ বাবে যাত্ৰী ভাৰা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি এক্সপ্ৰেছ আৰু মেইল গাড়ীৰ ক্ষেত্ৰত শ্লিপাৰ শ্ৰেণীৰ ভাৰা প্ৰতি কিলোমিটাৰত ১ পইচাকৈ আৰু...

June 25, 2025 8:56 PM June 25, 2025 8:56 PM

views 5

ৰাজ্যত সংবিধান হত্যা দিৱস পালন, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

১৯৭৫ চনত দেশত জৰুৰী অৱস্থা ঘোষণাৰ ৫০ বছৰ পূৰ্ণ হোৱা দিনটো আজি সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হৈছে। দেশৰ আন অংশৰ লগতে অসমতো আজি সংবিধান হত্যা দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এই দিৱসত অংশ লৈ জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ পাছতো কংগ্ৰেছৰ এই ধৰণৰ মানসিকতাৰ পৰিৱৰ্তন হোৱা ন...