আঞ্চলিক সংবাদ

July 30, 2025 9:00 PM

views 17

এলভিচ আলী হাজৰিকা দুবাৰকৈ সফলতাৰে ইংলিচ চেনেল সাতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়াৰূপে পৰিগণিত

এলভিচ আলী হাজৰিকা ইংলিচ চেনেল দুবাৰকৈ সফলতাৰে সাতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়াৰূপে পৰিগণিত হৈছে। হাজৰিকাই আজি ১৩ ঘণ্টাজোৰা সাতোৰৰ অন্তত এই কৃতীত্ব অৰ্জন কৰে। ইয়াৰ পূৰ্বে তেওঁ ২০২৩ চনৰ জুলাইত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাতোৰবিদৰূপে ইংলিচ চেনেল ইপাৰ সিপাৰ পাৰ কৰিছিল।

July 30, 2025 8:57 PM

views 14

তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ যক্ষ্মা ৰোগ চিনাক্তকৰণ যন্ত্ৰ উদ্ভাৱন

দেশৰ স্বাস্থ্য খণ্ডলৈ আশাব্যঞ্জক বতৰা কঢ়িয়াই তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষকৰ এটা দলে স্মার্টফোনৰ সহায়ত পৰিচালনা কৰিব পৰা সুলভ মূল্যৰ এটা যক্ষ্মা ৰোগ চিনাক্তকৰণ যন্ত্ৰ উদ্ভাৱন কৰিছে। অধ্যাপক পবিত্ৰ নাথৰ নেতৃত্বত পৰিচালিত গৱেষণাটোত বিকাশ সাধন হোৱা সহজে বহনীয় এই যন্ত্ৰটো পৰিচালন...

July 30, 2025 8:45 PM

views 21

অসম বিশ্ববিদ্যালয়ত মাচুল বৃদ্ধিৰ বিৰুদ্ধে ছাত্র- ছাত্রীসকলৰ প্রতিবাদ সাব্যস্ত

অসম বিশ্ববিদ্যালয়ত স্নাতক, স্নাতকোত্তৰ আৰু সংহত পাঠ্যক্ৰমৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ছাত্র- ছাত্রীসকলে প্রতিবাদ সাব্যস্ত কৰিছে। আজি পুৱাৰে পৰা বিশ্ববিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত ছাত্র সংগঠন, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশ্ববিদ্যালয়ৰ শাখাৰ লগতে বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে কৰ্তৃপক্ষৰ বিৰুদ্ধে প্...

July 30, 2025 8:43 PM

views 29

ডিব্ৰুগড়ত বিশ্ব শিশু সৰবৰাহ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি সজাগতামূলক কাৰ্যসূচীৰ আয়োজন

অসম গ্ৰামোন্নয়ন কেন্দ্ৰৰ উদ্যোগত আজি ডিব্ৰুগড়ত বিশ্ব শিশু সৰবৰাহ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি এটা সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'লৱে ষ্টেচনত অনুষ্ঠিত কাৰ্যসূচীত ৰেল বিভাগৰ সুৰক্ষা বাহিনী, ৰে'লৱে পৰিসৰত চাহ বিক্রেতা, সহযোগী যান-বাহন পৰিচালক আৰু যাত্ৰীসকলক শিশু সৰবৰাহৰ ভ...

July 30, 2025 8:41 PM

views 29

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিকাচ কমিটিৰ এটা ৭ জনীয়া দলৰ আজি ধেমাজি জিলা ভ্রমণ

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিকাচ কমিটিৰ এটা ৭ জনীয়া দলে আজি ধেমাজি জিলা ভ্রমণ কৰি জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। বিধায়ক নুৰুল হুদাৰ নেতৃত্বৰ দলটোৱে ধেমাজি উন্নয়ন খণ্ডত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা, কৃষি উন্নয়ন আঁচনি, অট্টালিকা নির্মাণ প্রকল্পকে ধৰি বিভিন্ন কাম-কাজৰ পৰ্যালোচনা ক...

July 30, 2025 8:39 PM

views 20

বৰাক উপত্যকাৰ পৰিবহন ব্যৱস্থাক অধিক উন্নত কৰাৰ বাবে দাবী পৰিমল শুক্লবৈদ্যৰ

শিলচৰৰ সাংসদ তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৰাক উপত্যকাৰ পৰিবহন ব্যৱস্থাক অধিক উন্নত কৰাৰ বাবে দাবী জনাইছে। সাংসদগৰাকীয়ে আজি লোকসভাত অসামৰিক বিমান পৰিবহন মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি শিলচৰ আৰু নতুন দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিবলৈ দাবী উত্থাপন কৰে। তেওঁ কয় যে শিলচৰ ...

July 30, 2025 8:33 PM

views 17

ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত

ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। এনে ব্যৱস্থাৰ অংশ হিচাপে আৰক্ষীয়ে আজি নিচেই পুৱা শ্ৰীভূমি জিলাত আন্তৰাষ্ট্ৰীয় সীমান্তৰ সমীপত ৭ জন বাংলাদেশী নাগৰিকক আটক কৰে আৰু বাংলাদেশলৈ ঘুৰাই পঠিয়ায়।

July 30, 2025 8:31 PM

views 21

জালাহ সংহত শিশু উন্নয়ন প্ৰকল্পৰ নতুন কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি

বাক্সা জিলাৰ জালাহত আজি ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জালাহ সংহত শিশু উন্নয়ন প্ৰকল্পৰ নতুন কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ কার্যবাহী সদস্য গৌতম দাস, বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিগত সময়ত উদ্বোধন কৰা চাৰ...

July 30, 2025 8:29 PM

views 13

জৌলাও স্বৌমব্লা বসুমতাৰীৰ ২৯ সংখ্যক মৃত্যু তিথি আজি সন্ত্রাসবাদ বিৰোধী দিৱস হিচাপে উদযাপন

উগ্ৰপন্থীৰ গুলীত মৃত্যুবৰণ কৰা নিখিল বড়ো ছাত্ৰ সন্থা- এবছুৰ প্ৰাক্তন সভাপতি জৌলাও স্বৌমব্লা বসুমতাৰীৰ ২৯ সংখ্যক মৃত্যু তিথি আজি সন্ত্রাসবাদ বিৰোধী দিৱস হিচাপে উদযাপন কৰা হয়। গয়াবাৰীত থকা ছাত্ৰ নেতাজনৰ সমাধিস্থলীত এবছুৰ পতাকা অর্থ উত্তোলন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে অনুষ্ঠানটো আৰম্ভ কৰে। প্ৰয়...

July 30, 2025 8:27 PM

views 12

অহা ১ আগষ্টৰ পৰা হ’বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্র শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি

ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্ম বন্ধৰ পাছত অহা ১ আগষ্টৰ পৰা হ'বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্র শিক্ষা বিভাগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সৈতে হোৱা বৈঠকৰ পাছত সমগ্ৰ শিক্ষাৰ কামৰূপ মহানগৰ জিলাৰ মিছন সমন্বয়কে এটা নিৰ্দেশনাযোগে জিলাখনৰ বি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।