আঞ্চলিক সংবাদ

June 29, 2025 8:26 PM June 29, 2025 8:26 PM

views 30

বদৰপুৰ-লামডিং ৰে’লপথৰ জাতিংগা-লামপুৰ-নিউ হাফলং অংশত ৰে’ল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই আজি বদৰপুৰ-লামডিং ৰে'লপথৰ জাতিংগা-লামপুৰ-নিউ হাফলং অংশত ৰে'ল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ কৰিছে। আজি দিনত শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লগাড়ীখন এই ৰে'লপথেৰে সুকলমে যাত্ৰা কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে জাতিংগা-লামপুৰ অঞ্চলত ভূমিস্খলনৰ ফলত বদৰপুৰ-লামডিং ৰে’লপথেৰে ...

June 29, 2025 8:15 PM June 29, 2025 8:15 PM

views 2

কাছাৰৰ কাটিগড়াত দুজন বাংলাদেশী নাগৰিকক আটক

কাছাৰৰ কাটিগড়াত আজি পুৱা দুজন বাংলাদেশী নাগৰিকক আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হ'বলৈ চেষ্টা কৰি থকা অৱস্থাত আটক কৰা হয়। কাটিগড়া সীমান্তত চলাচল কৰি থকা তিনিজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ দুজনক স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে আটক কৰে যদিও এজন পলায়ন কৰিবলৈ সমৰ্থ হয়। আটক কৰা লোকদুজন কেইবা বছৰ পূৰ্বে অ...

June 29, 2025 8:07 PM June 29, 2025 8:07 PM

views 9

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সোমবাৰে গোলাঘাট জিলা ভ্ৰমণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গোলাঘাট জিলা ভ্ৰমণ কৰিব। পুৱাৰ ভাগত তেওঁ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলিয়া নামঘৰ আৰু আঠখেলিয়াৰ ত্ৰিশূলধাৰী মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই গোলাঘাট জিলা ক্রীড়া সন্থাৰ ইনড'ৰ ষ্টেডিয়াম উন্মোচন কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ নৱনিৰ্মিত গো...

June 29, 2025 7:49 PM June 29, 2025 7:49 PM

views 10

তামুলপুৰ জিলাৰ দৰঙাত ৰাণ ফ’ৰ হেপিনেছ শীৰ্ষক অৰ্ধ-মাৰাথন দৌৰ প্ৰতিযোগিতা

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙাত আজি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত নিচামুক্ত ভাৰত অভিযানৰ অন্তৰ্গত ২১ কিলোমিটাৰৰ ৰাণ ফ'ৰ হেপিনেছ শীৰ্ষক অৰ্ধ-মাৰাথন দৌৰ প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হয়। প্রতিযোগিতা মুকলি কৰি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্ত্তীয়ে এনে কাৰ্যসূচীয়ে ড্রাগছ, বাল্য বিবাহ, পথ সুৰক্ষা আদি...

June 29, 2025 7:34 PM June 29, 2025 7:34 PM

views 3

ধেমাজি জিলাত ‘গ্রীষ্মানন্দ’ শীর্ষক  শিশু কল্যাণমুখী, শিক্ষা সহায়ক কাৰ্যসূচী গ্ৰহণ

ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ সৌজন্যত আৰু সমগ্ৰ শিক্ষা, ধেমাজিৰ সহযোগত গ্রীষ্মবন্ধ উপলক্ষে ধেমাজি জিলাত ‘গ্রীষ্মানন্দ’ শীর্ষক এটা শিশু কল্যাণমুখী, শিক্ষা সহায়ক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ১ জুলাইৰ পৰা হ'বলগীয়া গৰম বন্ধৰ দিনবোৰত ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত তথা সামাজিক জীৱনশৈলীৰ সুস্থ বিকাশ ঘটোৱাৰ লগতে ...

June 29, 2025 7:31 PM June 29, 2025 7:31 PM

views 6

উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান উদযাপন

লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথ জিলা সাহিত্য সভাৰ সহযোগত আজি উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান উদযাপন কৰা হয়। পুৱা সভাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত সাহিত্য অকাডেমী বঁটাৰে সন্মানিত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ জুৰি দত্তই বিশ...

June 29, 2025 7:29 PM June 29, 2025 7:29 PM

views 11

দৰং জিলাত জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ গুৰুতৰ ৰূপ ধাৰণ

চলিত মাহৰ দ্বিতীয় সপ্তাহটোত দৰং জিলাত শেহতীয়াকৈ জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। জিলা স্বাস্থ্য বিভাগৰ উদ্ধৃতি দি আমাৰ দৰং জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনত এই পর্যন্ত এই দুয়োবিধ ৰোগত তিনিজন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগতে জাপানীজ এনচেফেলাইটিছ ৰোগত আঠজন আৰু এনচেফেলাইটিছ সদৃশ ৰো...

June 29, 2025 7:23 PM June 29, 2025 7:23 PM

views 8

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ জিলাৰ গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰি উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা কৰে। ড° শৰ্মাই প্ৰথমে ৰংঘৰ পৰিদৰ্শন কৰি প্ৰস্তাৱিত অত্যাধুনিক প্ৰকল্পৰ প্রস্তুতি সম্পর্কে বুজ লোৱাৰ লগতে কৃত্রিম বানৰ উৎপত্তি আৰু সমাধান সন্দৰ...

June 29, 2025 12:21 PM June 29, 2025 12:21 PM

views 15

উত্তৰ-পূব সীমান্ত ৰে’লৱেই আজি বদৰপুৰ-লামডিং অংশৰ জাতিংগা-লামপুৰ ষ্টেচনৰ মাজেৰে কেইবাখনো ৰে’ল চলাচলৰ পৰিকল্পনা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই আজি বদৰপুৰ-লামডিং অংশৰ জাতিংগা-লামপুৰ ষ্টেচনৰ মাজেৰে কেইবাখনো ৰে'ল চলাচল কৰোৱাৰ পৰিকল্পনা কৰিছে। প্ৰথম অৱস্থাত মালবাহী ৰে'ল চলাই ট্ৰেকৰ সবিশেষ পৰীক্ষা কৰি উঠাৰ পাছত যাত্ৰীবাহী ৰে'ল চলোৱা হ'ব। উল্লেখযোগ্য যে এই অঞ্চলটোত ভূমিস্খনৰ ফলত জমা শিল, মাটি আঁতৰোৱাৰ কাম সম্পূৰ্ণ কৰাৰ ...

June 29, 2025 12:17 PM June 29, 2025 12:17 PM

views 11

অসম প্ৰকাশন পৰিষদে হেমকোষ আৰু চন্দ্ৰকান্ত অভিধান প্ৰকাশ কৰি বিদ্যালয় আৰু মহাবিদ্যালয়ত বিনামূলীয়াকৈ বিতৰণ কৰিবঃ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা

অসম প্ৰকাশন পৰিষদে হেমকোষ আৰু চন্দ্ৰকান্ত অভিধান প্ৰকাশ কৰি বিদ্যালয় আৰু মহাবিদ্যালয়ত বিনামূলীয়াকৈ বিতৰণ কৰিব। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে। তেওঁ কয় যে হেমকোষ অসমৰ বাবে জাতীয় সম্পদ। যিহেতু হেমকোষ এতিয়া কপিৰাইটৰ ভিতৰত নপৰে, সেইবাবে যিকোনো ব্যক্তিয়...