আঞ্চলিক সংবাদ

July 3, 2025 1:21 PM July 3, 2025 1:21 PM

views 2

ৰাজ্যৰ নগৰাঞ্চলৰ সুপৰিকল্পিত-দ্ৰুত বিকাশৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ ব্যৱস্থা

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰাঞ্চলৰ সুপৰিকল্পিত আৰু দ্ৰুত বিকাশৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে ১০ চহৰ এক ৰূপায়ণ শীৰ্ষক এটা প্ৰকল্পৰ ব্যৱস্থা কৰা হৈছে । অসমৰ ১০ খন আগশাৰীৰ চহৰৰ উপযুক্ত নগৰ পৰিকল্পনা, গোটা আৱৰ্জনা ব্যৱস্থাপনা, নিয়মীয়া পানীযোগান, ৰাজহুৱা আন্তঃগাঁ...

July 3, 2025 1:20 PM July 3, 2025 1:20 PM

views 2

ৰাজ্যত ৩৫২টা ভুৱা পঞ্জীয়নৰ জৰিয়তে এমাহতে ১,৪০০ কোটি টকাৰ কৰ ফাঁকি

ৰাজ্যত এমাহতে অসাধু ব্যৱসায়ীয়ে ১,৪০০ কোটি টকাৰ কৰ ফাঁকি দিছে। যোৱা মাহত ৩৫২টা ভুৱা পঞ্জীয়নৰ জৰিয়তে ব্যৱসায়ীসকলে কোনো সামগ্রী ক্রয়-বিক্রয় নকৰাকৈ এই বৃহৎ পৰিমাণৰ ধনৰাশি আত্মসাৎ কৰে। ৰাজ্যৰ যুটীয়া কৰ আয়ুক্ত অৰুণিমা চৌধুৰীয়ে কালি এখন সংবাদমেলযোগে কয়, যে ভুৱা পঞ্জীয়ন কৰা ৪৩ জন ব্যৱসায়ীক যোৱা...

July 3, 2025 1:18 PM July 3, 2025 1:18 PM

views 6

উত্তৰ-পূৰ্বাঞ্চললৈ আগবঢ়োৱা কেন্দ্ৰীয় কৰৰ ১০ শতাংশ পুঁজি হস্তান্তৰৰ ক্ষেত্ৰত অসমক সুকীয়া দৃষ্টিকোণেৰে বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্তাৱ

উত্তৰ-পূৰ্বাঞ্চললৈ বাধ্যতামূলকভাৱে আগবঢ়োৱা কেন্দ্ৰীয় কৰৰ ১০ শতাংশ পুঁজি হস্তান্তৰৰ ক্ষেত্ৰতো অসমক সুকীয়া দৃষ্টিকোণেৰে বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাৱ আগবঢ়াইছে। ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাৰিয়াক কালি নতুন দিল্লীত সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে অসমকে ধৰি সমগ...

July 3, 2025 1:16 PM July 3, 2025 1:16 PM

views 4

ৰাজ্যৰ মথাউৰিসমূহৰ ৩৩১টা দুর্বল স্থান ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ বিভাগৰ অভিযন্তা-বিষয়াক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নিৰ্দেশ

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই কালি ৰাজ্যৰ মথাউৰিসমূহৰ ৩৩১ টা দুর্বল স্থান ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ বিভাগৰ অভিযন্তা বিষয়া-বৰ্গক কঠোৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কয়, যে ৰাজ্য চৰকাৰে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে আধুনিক প্রযুক্তিৰে নতুন মথাউৰি নিৰ্মাণ কৰি প্ৰতিৰোধী কাম অব্যাহত ৰাখিছে। মন্ত্ৰী শ...

July 3, 2025 1:15 PM July 3, 2025 1:15 PM

views 4

অসমৰ চাহৰ ঐতিহ্য অধ্যয়নৰ লক্ষ্যৰে যোৰহাটত দক্ষিণ কোৰিয়াৰ ২৪জনীয়া প্ৰতিনিধিৰ দল

২০০ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ অসমৰ চাহৰ ঐতিহ্য অধ্যয়ন কৰাৰ লক্ষ্যৰে দক্ষিণ কোৰিয়াৰ ২৪ জনীয়া প্ৰতিনিধিৰ দল কালি যোৰহাটত উপস্থিত হৈছে। দলটোৱে মেলেং চাহ বাগিচাত পাত তোলাৰ পৰা প্ৰসংস্কৰণলৈকে সমগ্ৰ প্ৰক্ৰিয়া পৰ্যৱেক্ষণ কৰে। এনে অধ্যয়নমূলক ভ্রমণে চাহৰ বিশ্বজনীন সম্ভাৱনীয়তাক অধিক প্ৰসাৰিত কৰিব বুলি মু...

July 2, 2025 8:32 PM July 2, 2025 8:32 PM

views 6

শনিবাৰে আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত শচীন গগৈৰ সৈতে মুকলি বাৰ্তালাপ প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা ৫ জুলাই, শনিবাৰে নিশা ৮ বাজি দুই মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত বি বি চিৰ নতুন দিল্লীস্থিত সম্পাদনা মেজৰ সাংবাদিক শচীন গগৈৰ সৈতে এটা মুকলি বাৰ্তালাপ প্ৰচাৰ কৰিব। শ্ৰী গগৈৰ সৈতে এই অন্তৰংগ বাৰ্তালাপত ভাগ ল’ব আকাশবাণী গুৱাহাটীৰ...

July 2, 2025 8:29 PM July 2, 2025 8:29 PM

views 4

ৰাজ্যত নিষিদ্ধ গো-মাংসৰ বিৰুদ্ধে অভিযান অব্যাহত

ৰাজ্যত নিষিদ্ধ গো-মাংসৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। শ্রীভূমি জিলাৰ ৩ টাকৈ স্থানত আৰক্ষীয়ে অভিযান চলাই গো-মাংসসহ দুজন লোকক আটক কৰাৰ লগতে এজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লগতে অভিযান চলোৱা হোটেলকেইখন চীল কৰি দিয়ে।

July 2, 2025 8:27 PM July 2, 2025 8:27 PM

views 8

গ্রীষ্মবন্ধত কোনো ধৰণৰ বাধ্যতামূলক শ্ৰেণীৰ বাবে নির্দেশনা জাৰি কৰা নাই বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ

গ্রীষ্মবন্ধৰ সময়ত কোনো ধৰণৰ বাধ্যতামূলক শ্ৰেণীৰ বাবে বিদ্যালয় শিক্ষা বিভাগ বা সমগ্র শিক্ষা অভিযানে কোনো নির্দেশনা জাৰি কৰা নাই বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। তেওঁ অৱশ্যে বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয় পৰিচালনা তথা উন্নয়ন সমিতিক গ্রীষ্মকালিন বন্ধৰ সময়ত স্বেচ্ছাই আগ্রহী শ...

July 2, 2025 8:24 PM July 2, 2025 8:24 PM

views 12

ৰাজ্য চৰকাৰ তথ্য প্রযুক্তি বিভাগ আৰু এইচ ডি এফ চি বেংকৰ যৌথ উদ্যোগত দক্ষতা বিকাশৰ বিশেষ কাৰ্যসূচী

ৰাজ্য চৰকাৰ তথ্য প্রযুক্তি বিভাগ আৰু এইচ ডি এফ চি বেংকৰ যৌথ উদ্যোগত বিত্ত প্রযুক্তি বিষয়ক দক্ষতা বিকাশৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তথ্যপ্রযুক্তি আৰু বিজ্ঞান মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত জিলিঙণী শীর্ষক এই কাৰ্যসূচী উদ্বোধন কৰে। অনুষ্ঠানত মন্ত্ৰীগ...

July 2, 2025 8:13 PM July 2, 2025 8:13 PM

views 2

১ জুলাইৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে শস্য বীমা সপ্তাহ, ২০২৫ অনুষ্ঠিত

ৰাজ্যৰ প্ৰতিখন জিলাতে ১ জুলাইৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে শস্য বীমা সপ্তাহ, ২০২৫ অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বীমা কোম্পানীৰ উদ্যোগত কৃষকৰ মাজত শস্য বীমাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে চলোৱা এই অভিযানৰ অধীনত প্ৰত্যেক কৃষি উন্নয়ন চক্ৰত পঞ্চায...