আঞ্চলিক সংবাদ

July 6, 2025 7:16 PM July 6, 2025 7:16 PM

views 2

নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি

গোলাঘাট জিলাৰ বিভিন্ন স্থানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি অহা পৰিলক্ষিত হৈছে। ধনশিৰি নৈৰ বাঢ়নি পানীয়ে ইতিমধ্যে সৰুপথাৰ, বৰপথাৰ, নুমলিগড়, খুমতাই, মৰঙি আদি অঞ্চলৰ দুকুৰিৰো অধিক গাওঁ প্লাৱিত কৰিছে। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান কৈৰী গাঁও, চেৱাগুৰি, শিঙিমাৰী, শিমলুচাপৰ...

July 6, 2025 7:07 PM July 6, 2025 7:07 PM

views 9

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বড়োলেণ্ড স্পীকছ ফ্রম ভীজন টু এক্সন শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বড়োলেণ্ড স্পীকছ ফ্রম ভীজন টু এক্সন শীৰ্ষক এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ উপস্থিতিত এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই ট্রেন্সফর্মিং বড়োলেণ্ড শীর্ষক এখন গ্রন্থও উন্মোচন কৰ...

July 6, 2025 1:38 PM July 6, 2025 1:38 PM

views 10

ৰাজ্য চৰকাৰে ঢকুৱাখনা জিলা ক্রীড়া সন্থালৈ আগবঢ়োৱা ক্রীড়া সামগ্ৰী আৰু অনুদানৰ চেক প্ৰদান

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ঢকুৱাখনা জিলা ক্রীড়া সন্থালৈ আগবঢ়োৱা ক্রীড়া সামগ্ৰী আৰু অনুদানৰ চেক কালি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা ক্রীড়া বিষয়া মানসজ্যোতি দাস, ঢকুৱাখনা জিলা ক্রীড়া সন্থাৰ কাৰ্যকৰী সভাপতি প্রদীপ চমুৱা, সাধাৰণ সম্পাদক অচ্...

July 6, 2025 1:21 PM July 6, 2025 1:21 PM

views 3

লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলত উচ্ছেদিত প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক চৰকাৰে ৯ বিঘাকৈ ভূমি প্রদান কৰিব

লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলত উচ্ছেদ কৰা প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক চৰকাৰে ৯ বিঘাকৈ ভূমি প্রদান কৰিব। শিক্ষামন্ত্রী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এইকথা প্রকাশ কৰে। তেওঁ কয়, যে এই ৯ বিঘা ভূমিৰ এবিঘা ঘৰৰ ভেটিৰ বাবে আৰু বাকী ৮ বিঘা ভূমি খেতি কৰাৰ বাবে দিয়া হ'...

July 6, 2025 1:08 PM July 6, 2025 1:08 PM

views 16

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীক ৰাজ্য চৰকাৰে হেৰিটেজ ব্লক এণ্ড বেল্টৰ অধীনলৈ অনাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাত জিলাখনত আনন্দৰ জোৱাৰ

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীক ৰাজ্য চৰকাৰে হেৰিটেজ ব্লক এণ্ড বেল্টৰ অধীনলৈ অনাৰ সিদ্ধান্ত কাৰ্যকৰী কৰা জিলাখনত আনন্দৰ জোৱাৰ উঠিছে। চৰকাৰে এটা নিৰ্দেশনাযোগে এতিয়াৰে পৰা মাজুলীৰ ভূমি ক্রয়-বিক্রয়ৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্ধাৰণ কৰিছে। এই অনুসৰি মাজুলীত যিকোনো লোকে ভূমি ক্রয়-বিক্রয় কৰিব নো...

July 6, 2025 1:01 PM July 6, 2025 1:01 PM

views 15

সংবাদ মাধ্যমৰ বাবে সাম্প্ৰতিক সময়ত প্ৰকৃত নিৰপেক্ষতা বৰ্তাই ৰখাটো প্ৰত্যাহ্বান হৈ পৰিছেঃ দৃষ্টিপাতত সাংবাদিক শচীন গগৈ

সংবাদ মাধ্যমৰ বাবে সাম্প্ৰতিক সময়ত প্ৰকৃত নিৰপেক্ষতা বৰ্তাই ৰখাটো প্ৰত্যাহ্বান হৈ পৰিছে। দৃষ্টিপাত অনুষ্ঠানত বি বি চিৰ নতুন দিল্লীস্থিত সম্পাদনা মেজৰ সাংবাদিক শচীন গগৈয়ে কালি আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা অন্তৰংগ বাৰ্তালাপত এই কথা প্রকাশ কৰে। সম্প্ৰতি অসমত ব্...

July 6, 2025 12:55 PM July 6, 2025 12:55 PM

views 3

২০২৬ৰ জানুৱাৰীৰ পৰা গুৱাহাটীৰ জি এছ ৰোডৰ ২৩ আৰু ৩৬ নম্বৰ পথত কেৱল বিদ্যুৎচালিত তথা চি এন জি বাছহে চলাচল কৰিব

অহা বছৰ জানুৱাৰীৰ পৰা মহানগৰীৰ জি এছ ৰোডৰ ২৩ আৰু ৩৬ নম্বৰ পথত কেৱল বিদ্যুৎচালিত তথা চি এন জি বাছহে চলাচল কৰিব পাৰিব। এই সন্দৰ্ভত কালি আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব আৰু সহকাৰী পৰিবহণ আয়ুক্ত তামচিন আফতাবৰ তত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। ইয়াৰ ফলত জি এছ ...

July 6, 2025 12:46 PM July 6, 2025 12:46 PM

views 5

প্রসিদ্ধ বুৰঞ্জীবিদ, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীৰ দেহাৱসান

প্রসিদ্ধ বুৰঞ্জীবিদ, পূৰ্বৰ কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা স্তম্ভ লেখক উদয়াদিত্য ভৰালীৰ আজি পুৱতি নিশা প্রায় ৩ বজাত নিজ বাসগৃহত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰা উদয়াদিত্য ভৰালীয়ে শৈক্ষিক ক্ষেত্ৰৰ লগতে নানান সামাজিক কামত সক্ৰিয় ভূমিকা পালন কৰিছিল...

July 6, 2025 12:34 PM July 6, 2025 12:34 PM

views 2

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগত বৰ্তমানলৈকে ৯ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৬৭ জন লোক আক্ৰান্ত হৈছে। একেদৰে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত ২৬ জন লোক নিহত আৰু ৪৪৩ জন লোক আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। ৰাজ্যখনত ডেংগিত ১৪৭ জন আৰু মেলেৰিয়...

July 6, 2025 12:16 PM July 6, 2025 12:16 PM

views 11

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া গুৱাহাটীৰ ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰিব

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া গুৱাহাটীৰ ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰিব। ১১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চাৰিটা লেনযুক্ত ৬৭০ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনে ছয়মাইল, ডাউন টাউন, ৰুক্মিনীগাঁৱৰ যানজঁট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। ২০২৪ চনৰ অক্টোবৰত উৰণ সেতুখনৰ নি...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।