আঞ্চলিক সংবাদ

August 11, 2025 12:24 PM

views 18

বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান

■ বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ আজি কিছু সময়ৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। কেইবাখনো চলচ্চিত্ৰত অভিনয়, শতাধিক নাট আৰু পাঁচ শতাধিক গীত ৰচনাৰে অসমৰ অভিনয় আৰু সাহিত্য জগতত অৱদান আগবঢ়াই যোৱা গীতিকাৰগৰাকীয...

August 11, 2025 12:18 PM

views 41

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩১ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী ...

August 11, 2025 12:09 PM

views 86

অসম সাহিত্য সভাৰ উদ্যোগত সদৌ অসম ভিত্তিত কবিতা আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতা সম্পন্ন

● অসম সাহিত্য সভাৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত স্ব-নির্বাচিত কবিতা আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতাত গুৱাহাটীৰ ৰাগিনী কাশ্যপ ‘ক’ শাখাৰ শ্রেষ্ঠ আবৃত্তিকাৰ আৰু তৰ্ক প্ৰতিযোগিতাত পাঠশালাৰ হিয়া কলিতা শ্রেষ্ঠ তার্কিক হিচাপে নিৰ্বাচিত হৈছে। একেদৰে ‘খ’ শাখাত জুচিপৰ্ণা ডেকা শ্রেষ্ঠ আবৃত্তিকাৰ আৰু যোৰহাটৰ প...

August 11, 2025 12:06 PM

views 15

তেজপুৰ ভাওনা সমাৰোহ ২০২৫ৰ সামৰণি

● যোৱা ৩ আগষ্টৰ পৰা অনুষ্ঠিত তেজপুৰ ভাওনা সমাৰোহ ২০২৫ৰ কালি সামৰণি পৰে। সামৰণিৰ দিনা কালি বিশেষ ধর্মালোচনা সভা অনুষ্ঠিত হয়। জামুগুৰিহাটৰ চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱদেৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত বৰালীমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ শোভন মহন্তই কয়, যে গুৰুজনাই সত্ৰ নামঘৰ পৰিচালনাৰ লগতে শৰন-ভজনৰো ...

August 11, 2025 12:03 PM

views 30

মাদকদ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

● অসম আৰক্ষীয়ে মাদকদ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী জিলাৰ গৌৰীপুৰত কালি আৰক্ষীয়ে বুজন পৰিমাণৰ মাদক দ্রব্যসহ তিনিজন সৰবৰাহকাৰীক আটক কৰে। গৌৰীপুৰ বালাজান দ্বিতীয় খণ্ড গাঁৱত মাদকদ্রব্য বিক্ৰী কৰি থকাৰ সময়তে অঞ্চলটোৰ লোকে সৰবৰাহকাৰীকেইজনক ধৰি আৰক্ষীক গতাই দিয়ে। ধৃত যুৱককেইজন লালকুৰাৰ ...

August 11, 2025 12:00 PM

views 20

স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা

● সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা উলিওৱা হৈছে। বিশ্বনাথ জিলাত কালি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, সাকোমাথা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জন ৰাউতিয়াকে ধৰি প্ৰায় তিনি শতাধিক লোকে এই ত্ৰিৰংগ যাত্ৰাত অং...

August 11, 2025 11:56 AM

views 23

স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

● স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্ৰপন্থী সংগঠনসমূহে কোনো ধৰণৰ কূটাঘাটমূল কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্য...

August 11, 2025 11:54 AM

views 24

মানকাচৰত কেইবাটাও কার্যসূচীত অংশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

● সম জিলা উন্নয়নৰ বাৰ্তাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি মানকাচৰত কেইবাটাও কার্যসূচীত অংশ লয়। মন্ত্ৰীগৰাকীয়ে হাটশিঙিমাৰী জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ পথ, খহনীয়া, স্বাস্থ্য সেৱাকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণ...

August 11, 2025 11:49 AM

views 35

ইটানগৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপীঠৰ নতুন ভৱন মুকলি

● ইটানগৰত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপীঠৰ নতুন ভৱন মুকলি কৰা হয়। এই ভৱন মুকলি অনুষ্ঠানত অংশগ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভায়ে ন্যায় প্রদান ব্যৱস্থাক শাসক আৰু ক্ষমতাশালীৰ মাজত আৱদ্ধ নাৰাখি জনতাৰ দৰবাৰলৈ নিব লাগে বুলি মন্তব্য কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয...

August 11, 2025 11:45 AM

views 28

ৰাজ্যত পুনৰ ১০ খন নতুন সমজিলা সংযোজন কৰা হ’ব

● ৰাজ্যত পুনৰ ১০ খন নতুন সমজিলা সংযোজন কৰা হ'ব। কাইলৈ কামৰূপ, শোণিতপুৰ, যোৰহাট, তিনিচুকীয়া, কাছাৰ আৰু গোৱালপাৰাত সমজিলা সংযোজন কাৰ্যসূচীত কেইবাগৰাকী মন্ত্ৰীয়ে অংশগ্রহণ কৰিব। পৰহিলৈ শোণিতপুৰ আৰু তিনিচুকীয়াত সমজিলা সংযোজনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াৰ লগে লগে ৰাজ্যত মুঠ সমজিলাৰ সংখ্যা ৪৯ লৈ বৃদ্ধি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।