আঞ্চলিক সংবাদ

August 26, 2025 12:47 PM

views 14

মৰাণত ভাদমহীয়া নাম-কীৰ্তনৰ মাহ-প্ৰসাদ খাই কমেও ৬৭ জন লোক অসুস্থ

ডিব্ৰুগড় জিলাৰ মৰাণৰ দুই নম্বৰ দিখাৰী গাঁৱত ভাদমহীয়া নাম-কীৰ্তনৰ মাহ-প্ৰসাদ খোৱাৰ পাছত বিষক্ৰিয়া হৈ শিশু-মহিলাসহ কমেও ৬৭ জন লোক অসুস্থ হৈ পৰিছে। অসুস্থসকলক মৰাণ তিলৈ সামুহিক স্বাস্থ্য কেন্দ্ৰ, খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু লেঙেৰী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে গুৰুতৰভাৱে অসুস্...

August 26, 2025 12:45 PM

views 9

নিমাতিঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াবহ ৰূপ ধাৰণ

যোৰহাট জিলাৰ নিমাতিঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে। খহনীয়াৰ কবলত পৰি যোৰহাটকে ধৰি বিস্তীর্ণ অঞ্চলৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। খহনীয়াৰ ফলত নিমাতি হাটীশাল শৈলবান্ধৰ এটা বৃহৎ অংশ খহি যায়। খহনীয়াৰ ফলত ঐতিহাসিক ক'কিলাপথাৰো নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে। মাজুলীৰ বেচামৰা দিশৰ পৰা নদীখনে ...

August 26, 2025 12:43 PM

views 12

ডিগবৈ থানাক ৰাজ্যৰ শ্ৰেষ্ঠ থানা হিচাপে বাছনি গৃহ মন্ত্ৰ্যালয়ৰ

গৃহ মন্ত্ৰ্যালয়ে তিনিচুকীয়া জিলাৰ ডিগবৈ থানাক ৰাজ্যৰ শ্ৰেষ্ঠ থানা হিচাপে বাছনি কৰিছে। দেশৰ ৭৬ খন থানাৰ ভিতৰত ডিগবৈ থানাই স্মাৰ্ট আৰক্ষী সেৱাৰ জৰিয়তে এই সন্মান লাভ কৰিছে। আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত ডিগবৈ থানাক শ্রেষ্ঠ থানা হিচাপে প্রশংসা পত্র প্রদান কৰা হ'ব। অসম আৰক্ষীৰ পৰিদৰ্শক দি...

August 26, 2025 12:41 PM

views 19

দেৱজিৎ ঘোষ ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত

ডিব্ৰুগড়ৰ নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ ঘোষ ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এইকথা সদৰি কৰিছে। বাৰ্তাটোত তেওঁ কয়, যে এই সন্মানে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনক গৌৰৱান্বিত কৰাই নহয়, চাহ বাগিচা অঞ্চ...

August 26, 2025 12:40 PM

views 28

বিগত ৫ বছৰত অসমত ২,২৬৫ টা অনলাইন বিত্তীয় প্রবঞ্চনাৰ ঘটনা সংঘটিত হৈছে বুলি বিত্ত মন্ত্ৰ্যালয়ৰ প্রকাশ

বিগত পাঁচ বছৰত অসমত দুহেজাৰ ২৬৫ টা অনলাইন বিত্তীয় প্রবঞ্চনাৰ ঘটনা সংঘটিত হৈছে বুলি বিত্ত মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই ঘটনাসমূহৰ জৰিয়তে প্ৰবঞ্চকে তিনি কোটি ৭৭ লাখ টকা লুটি নিছে। এই বৃহৎ অংকৰ ধনৰ ভিতৰত আৰক্ষী প্ৰশাসনে মাত্র ২৮ লাখ টকাহে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে ...

August 26, 2025 12:37 PM

views 10

যোৱা ২০ আগষ্টত তামুলপুৰত সংঘটিত ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ

যোৱা ২০ আগষ্টত তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত সুৱাগপুৰ ভৰালী চ'কত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত লোকৰ আক্ৰমণত এজন যুৱক নিহত হোৱা ঘটনা সম্পৰ্কত তামুলপুৰৰ জিলা দণ্ডাধীশৰ নিৰ্দেশ মর্মে গোৰেশ্বৰৰ চক্ৰ বিষয়া ত্ৰিলিনা টাইডে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কালি অভিষেক দাস নামৰ মৃত যুৱকজনৰ চাৰিজন...

August 26, 2025 12:35 PM

views 14

সাময়িকভাৱে স্থগিত ৰখাৰ পিছত উৰিয়ামঘাটত আজি পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান

গোলাঘাট জিলাৰ উৰিয়ামঘাটত প্ৰশাসন আৰু বন বিভাগে চলাই থকা উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে যদিও আজি পুনৰ এই উচ্ছেদ অভিযান আৰম্ভ কৰা হয়। প্ৰশাসন আৰু বন বিভাগে আজি দিনৰ চাৰে ৯ বজাৰ পৰা ৰেংমা বনাঞ্চলৰ ১ নম্বৰ মধুপুৰ, ৰাণানগৰ আৰু হাতীডুবি অঞ্চলত তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলায়।  ইয়াৰ বাবে প্...

August 26, 2025 12:32 PM

views 24

বি টি চিৰ পৰ্বতঝোৰাৰ জনসভাত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বি টি চিৰ পৰ্বতঝোৰাত এখন জনসভাত অংশগ্ৰহণ কৰিছে। বি টি চিৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইখন জনসভাতো মুখ্যমন্ত্ৰীগৰাকী ভি চি ডি চিৰ বিৰুদ্ধে সৰৱ হৈ উঠে। ভি চি ডি চি ব্যৱস্থাই সৰ্বসাধাৰণ দৰিদ্ৰ জনতাক শোষণ কৰা বুলি অভিযোগ কি ড° শৰ্মাই কয় যে, এইবাৰ বি টি চিত বিজেপি...

August 26, 2025 12:20 PM

views 51

ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত বিগত ৫ বছৰত অসমলৈ ৩,৫৫৯ কোটি ১৯ লাখ টকা মুকলি

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত বিগত ৫ বছৰত অসমলৈ ৩ হাজাৰ ৫৫৯ কোটি ১৯ লাখ টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কালি তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ এটা প্ৰশ্নৰ উত্তৰত ৰাজ্য সভাত এই তথ্য প্ৰকাশ কৰিছে। কেন্দ্ৰী...

August 25, 2025 9:48 PM

views 17

আকাশবাণী গুৱাহাটী কেন্দ্ৰত মহিলাৰ বিশ্ৰাম কোঠা উদ্বোধন

আকাশবাণী গুৱাহাটী কেন্দ্ৰত আজি এটা মহিলাৰ বিশ্ৰাম কোঠা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। আকাশবাণীৰ উত্তৰ পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালকপ্রধান আশীষ ভাটনাগৰে উদ্বোধন কৰা এই শীতোতাপযুক্ত বিশ্রাম কোঠাত মহিলা বিষয়া-কৰ্মচাৰীসকলে বিশ্রাম লোৱাৰ লগতে তেওঁলোকৰ উদ্ভাৱনী প্ৰতিভাৰ বিকাশ ঘটোৱাতো সহায়ক হ'ব। এই অনুষ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।