আঞ্চলিক সংবাদ

August 25, 2025 10:34 AM

views 32

৩১ আগষ্টত কটন বিশ্ববিদ্যালয়ত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বিশিষ্ট সমাজবাদী নেতা গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠান

■ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, স্বাধীনতা যুঁজাৰু, বিশিষ্ট সমাজবাদী নেতা গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠান অহা ৩১ আগষ্টৰ বিয়লি কটন বিশ্ববিদ্যালয়ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। ইতিমধ্যে জন্ম শতবার্ষিকী অনুষ্ঠানৰ বাবে গোলাপ বৰবৰা জন্ম শতবর্ষ উদযাপন ...

August 25, 2025 10:27 AM

views 58

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৭ সংখ্যক তিৰোভাব তিথি

● জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৭ সংখ্যক তিৰোভাব তিথি। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহত এক শৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক গুৰুজনাক স্মৰণ কৰি নাম-কীৰ্তন পৰিৱেশন কৰাৰ লগতে বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত...

August 25, 2025 10:22 AM

views 35

দেশৰ ৰে’ল মানচিত্ৰত মিজোৰামৰ ৰাজধানী আইজল অন্তৰ্ভুক্ত

● দেশৰ ৰে'ল মানচিত্ৰত মিজোৰামৰ ৰাজধানী আইজল অন্তৰ্ভুক্ত হৈছে। আইজলৰ নিকটৱৰ্তী ছাইৰাঙৰ পৰা দেশৰ বাকী অংশলৈ যাত্ৰীবাহী ৰে'লৰ চলাচল আনুষ্ঠানিকভাৱে আৰম্ভ হ'বলৈ প্ৰায় এপষেকহে বাকী।

August 25, 2025 10:19 AM

views 30

অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি

■ মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি মুম্বাই কৰ্তৃপক্ষই অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত দিছে। দেশৰ বাণিজ্যিক ৰাজধানীখনত অসমৰ জনসাধাৰণৰ বাবে যাৱতীয় ৰাজহুৱা আন্তঃগাঁথনিৰ বিকাশ তথা সুচল ব্যৱস্থা গঢ়ি তোলাৰ বাবে অসম চৰকাৰে এই ভূমিত এটা নিজা চৌহদ স্থাপন কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ...

August 25, 2025 10:13 AM

views 57

ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ’ব: মুখ্যমন্ত্রী

● ৰাজ্যত উচ্ছেদ অভিযান চলোৱা স্থানৰ ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণ কৰি কালি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ আগত কয়, যে য...

August 24, 2025 8:48 PM

views 31

আহমেদাবাদত কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ পাঁচগৰাকী খেলুৱৈৰ অংশগ্ৰহণ

আহমেদাবাদত আজি আৰম্ভ হোৱা কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ পাঁচগৰাকী প্ৰতিভাবান খেলুৱৈয়ে অংশ লৈছে। কাইলৈ ধৰ্মজ্যোতি দেওঘৰীয়াই ল'ৰাৰ যুৱ শাখাৰ ৫৬ কিলোগ্রাম শাখাত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত অংশ লোৱা অসমৰ আনকেইগৰাকী ভাৰোত্তোলক হৈছে- ৫৮ কিলোগ্রাম শাখাত ভাবনা গগৈ, ৭১ কিলোগ্ৰাম শাখাত হ...

August 24, 2025 8:44 PM

views 10

বঙাইগাঁৱৰ বীৰঝৰা ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত মাতৃভাষা সজাগতা সভা

প্ৰণামো মাতৃভাষাৰ উদ্যোগত আৰু বঙাইগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত আজি বঙাইগাঁৱৰ বীৰঝৰা ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত মাতৃভাষা সজাগতা সভা অনুষ্ঠিত হয়। কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ৰমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মাতৃভাষা মাধ্যমত শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ পোষকতা কৰি...

August 24, 2025 8:42 PM

views 12

নগাঁৱৰ ৰাইদঙিয়াত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কেতবোৰ নথিপত্র উদ্ধাৰ হোৱাক লৈ জিলা আয়ুক্ত দেৱাশীষ শর্মাৰ স্পষ্টীকৰণ

নগাঁও চহৰৰ সমীপৱৰ্ত্তী ৰাইদঙিয়াত যোৱা নিশা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কেতবোৰ নথিপত্র উদ্ধাৰ হোৱাক লৈ আজি জিলাখনৰ আয়ুক্ত দেৱাশীষ শর্মাই এখন সংবাদ মেলত স্পষ্টীকৰণ দিয়ে। তেওঁ কয় যে জিলাখনৰ জুৰিয়া উন্নয়ন খণ্ডৰ পূব-পশ্চিম অংশৰ ৰামপুৰ সত্ৰ গাঁও পঞ্চায়ত, আলিটাঙনী জামগুৰি গাঁও পঞ্চায়তৰ পূব-পশ্চিম অংশৰ...

August 24, 2025 8:40 PM

views 10

নগাঁৱৰ বৰকোলাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত শ্ৰী গুৰুগ্ৰন্থ চাহেবজীৰ ৪২১সংখ্যক প্ৰথম প্ৰকাশ দিৱস উদযাপন

নগাঁও জিলাৰ কলং আৰু হাৰিয়াপাৰৰ শিখ বসতিপ্ৰধান বৰকোলাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত আজি শ্ৰী গুৰুগ্ৰন্থ চাহেবজীৰ ৪২১ সংখ্যক প্ৰথম প্ৰকাশ দিৱস উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি বৰকোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুৰুমুখ সিঙে শিশু সাহিত্যিক উত্তম সিঙৰ পাগুৰী নামৰ এখন গ্ৰন্থ উন্মোচন কৰে।...

August 24, 2025 8:38 PM

views 15

ধেমাজিৰ তুলসীবাৰীত বৃদ্ধ পেন্সন কল্যাণ পৰিষদৰ ভৱন উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ তুলসীবাৰীত মিছিং স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা বৃদ্ধ পেন্সন কল্যাণ পৰিষদৰ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। পৰিষদৰ ২৪ লাখ টকা পুঁজিৰে ভৱনটো নিৰ্মাণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অংশ লোৱাৰ উপৰি জিল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।