ৰাষ্ট্ৰীয়

July 15, 2024 6:39 PM July 15, 2024 6:39 PM

views 8

লাডাখৰ কাৰ্গিল যুদ্ধ স্মাৰকত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে লাডাখত কালি কাৰ্গিল বিজয় দিৱস উপলক্ষে দাচৰ কাৰ্গিল যুদ্ধ স্মাৰকত অপাৰেচন বিজয়ৰ সাহসী সৈনিক সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ১৯৯৯ চনত ভাৰতীয় সৈনিক সকলে কার্গিল যুদ্ধত দিয়া বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। শ্ৰীৰিজিজ...

July 15, 2024 6:35 PM July 15, 2024 6:35 PM

views 9

নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কে পি শর্মা অ’লীক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কে পি শর্মা অ'লীক শুভেচ্ছা জনাইছে। শ্রীমোদীয়ে এটা বাৰ্তাত কয় যে, তেওঁ ভাৰত আৰু নেপালৰ মাজৰ বন্ধুত্বক আৰু অধিক দৃঢ় কৰি তোলাৰ লগতে দ্বিপাক্ষীক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত একেলগে কাম কৰি যাব।

July 15, 2024 6:31 PM July 15, 2024 6:31 PM

views 12

অসম, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বাৰ্তালাপ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যকেইখনৰ বান পৰিস্থিতিৰ বুজ লয়। শ্ৰীশ্বাহে ৰাজ্যকেইখনৰ মুখ্য নদীসমূহৰ পানীৰ বৰ্ধিত স্তৰৰ বুজ লয়। তেওঁ লগতে ৰাজ্যকেইখনলৈ কেন্দ্ৰই ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সমৰ্থনৰ লগতে প্রয়োজনীয় সকলো স...

July 15, 2024 6:25 PM July 15, 2024 6:25 PM

views 11

মাৰ্ছেল দ্বীপপুঞ্জত সমুদায় বিকাশৰ ৪টা প্ৰকল্প ৰূপায়ণত ভাৰতৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰত আৰু মাৰ্ছেল দ্বীপপুঞ্জৰ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কৰ এটা দীঘলীয়া ইতিহাস আছে। এই সম্পর্ক বিগত বছৰসমূহত অধিক সুদৃঢ় হৈ পৰিছে বুলিও ড০ জয়শংকৰে প্ৰকাশ কৰে। মাৰ্ছেল দ্বীপপুঞ্জত সমুদায় বিকাশৰ চাৰিটা প্ৰকল্প ৰূপায়ণৰ বাবে বুজাবুজিৰ চুক্তিত স্বা...

July 15, 2024 5:58 PM July 15, 2024 5:58 PM

views 16

ভাৰতে তিস্তা প্ৰকল্প ৰূপায়ন কৰাটো বিচাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই কৈছে যে, তেওঁ ভাৰতে তিস্তা প্ৰকল্প ৰূপায়ণ কৰাতো বিচাৰে যিহেতু এই বিষয়টো চুবুৰীয়া দেশৰ সৈতে জড়িত। শ্ৰীমতি হাছিনাই তেওঁৰ শেহতীয়া চীন ভ্রমণ সন্দৰ্ভত ঢাকাত এখন সংবাদমেলত এটা প্ৰশ্নৰ উত্তৰত এইদৰে কয়। প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, চীনে তিস্তা প্রকল্প সন্...

July 15, 2024 6:02 PM July 15, 2024 6:02 PM

views 11

কে পি শর্মা অ’লীৰ চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ

কে পি শর্মা অ'লীয়ে আজি চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। দেশখনৰ ৰাষ্ট্ৰপতি ভৱনৰ শীতল নিবাসত ৰাষ্ট্ৰপতি ৰামচন্দ্র পাউড়েলে শ্রীঅলীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ২১ গৰাকী নৱ নিযুক্ত মন্ত্রীকো পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। অ'লী নেতৃত...

July 15, 2024 3:29 PM July 15, 2024 3:29 PM

views 13

দেশৰ বিদেশ সচিব হিচাপে বিক্ৰম মিস্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ

বিক্ৰম মিস্ত্ৰীয়ে আজি দেশৰ বিদেশ সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বৰ বিদেশ সচিব বিনয় মোহন কোৱাট্টাৰ কাৰ্যকাল কালি শেষ হয়। শ্রীমিস্ত্রী হৈছে ১৯৮৯ বেটছৰ ভাৰতীয় বিদেশ সেৱাৰ এগৰাকী বিষয়া। তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ সচিবালয়ত উপ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা হিচাপে কৰ্মৰত আছিল। তদুপৰি তেও...

July 15, 2024 3:22 PM July 15, 2024 3:22 PM

views 13

ভাৰত আৰু মাৰ্ছেল দ্বীপপুঞ্জৰ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কৰ এটা দীঘলীয়া ইতিহাস আছেঃ ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰত আৰু মাৰ্ছেল দ্বীপপুঞ্জৰ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কৰ এটা দীঘলীয়া ইতিহাস আছে। এই সম্পর্ক বিগত বছৰসমূহত অধিক সুদৃঢ় হৈ পৰিছে বুলিও ড০ জয়শংকৰে প্ৰকাশ কৰে। মাৰ্ছেল দ্বীপপুঞ্জত সমুদায় বিকাশৰ চাৰিটা প্ৰকল্প ৰূপায়নৰ বাবে বুজাবুজিৰ চুক্তিত স্বা...

July 15, 2024 12:29 PM July 15, 2024 12:29 PM

views 20

সাংসদ গৌৰৱ গগৈক লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি হিচাপে পুনৰ নিযুক্তি

যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈক লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে সামাজিক মাধ্যম যোগে জনোৱা অনুসৰি কংগ্ৰেছ দলৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে শ্ৰী গগৈক কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি, কে সুৰেশক মুখ্য হুইপ, মণিকাম ঠাকুৰ আৰু ...

July 15, 2024 10:37 AM July 15, 2024 10:37 AM

views 7

ভাৰতীয় মূলধনী বজাৰত জুলাই মাহৰ প্ৰথমভাগত বিদেশী বিনিয়োগকাৰীৰ প্ৰায় ২৪ হাজাৰ কোটি টকা বিনিয়োগ

● ভাৰতীয় মূলধনী বজাৰত জুলাই মাহৰ প্ৰথমভাগতে বিদেশী বিনিয়োগকাৰীয়ে প্ৰায় ২৪ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি এই সময়ছোৱাত বিদেশী বিনিয়োগকাৰীয়ে ইকুইটিত বজাৰত ১৫,৩৫২ কোটি টকা আৰু ঋণৰ বজাৰত ৮,৪৮৪ কোটি টকা বিনিয়োগ কৰিছে। জুন মাহত এই বিনিয়োগৰ পৰিমান আছিল 26,565 কোটি টকা।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।