ৰাষ্ট্ৰীয়

August 14, 2024 12:17 PM

views 8

লালকিল্লাত স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ মহিলা প্রতিনিধিকে ধৰি দেশৰ ৪০০গৰাকী প্ৰতিনিধিক বিশেষ অতিথি হিচাপে আমন্ত্রণ

কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ মহিলা প্রতিনিধিকে ধৰি সমগ্ৰ দেশৰ ৪০০গৰাকী প্ৰতিনিধিক বিশেষ অতিথি হিচাপে আমন্ত্রণ জনাইছে। ইপিনে, পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি নতুন দিল্লীত পঞ্চায়তৰ নেত্ৰীসকলৰ বাবে এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজ...

August 14, 2024 12:16 PM

views 12

লালকিল্লাত স্বাধীনতা দিৱস অনুষ্ঠানলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬১গৰাকী ক্ষেত্ৰ কৰ্মীক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ

নতুন দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সাক্ষী হ'বলৈ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰি থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬১ গৰাকী ক্ষেত্ৰ কৰ্মীক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি অংগনৱাড়ী, সখী ...

August 14, 2024 12:14 PM

views 13

আৱাসিক চিকিৎসক সংস্থা সংঘৰ ধর্মঘট প্রত্যাহাৰৰ সিদ্ধান্ত

আৱাসিক চিকিৎসক সংস্থা সংঘই কলকাতাৰ এগৰাকী চিকিৎসকৰ হত্যাৰ প্ৰতিবাদত আহ্বান জনোৱা ধর্মঘট প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। আৱাসিক চিকিৎসক সংস্থা সংঘৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ মাজত কালি নতুন দিল্লীত হোৱা বৈঠকত এই মর্মে এটা সিদ্ধান্ত লোৱা হয়। সমগ্ৰ দেশৰ চিকিৎসকসকলে কলকাতাৰ...

August 14, 2024 12:13 PM

views 18

বায়ুসেনাৰ ছুখয়-থাৰ্টী এম কে-ৱান শ্ৰেণীৰ বিমানৰ পৰা গৌৰৱ নামৰ দীৰ্ঘ দূৰত্বভেদি গ্লাইড বোমাৰ পৰীক্ষণ সফলতাৰে সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা ডি আৰ ডি অ’ই ভাৰতীয় বায়ুসেনাৰ ছুখয়-থাৰ্টী এম কে-ৱান শ্ৰেণীৰ বিমানৰ পৰা গৌৰৱ নামৰ দীৰ্ঘদূৰত্ব ভেদি গ্লাইড বোমাৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে ওড়িশাৰ উপকূল ভাগৰ সমীপত এহেজাৰ কিলোগ্ৰামৰ শ্ৰেণীৰ এই দীর্ঘ দূৰত্বভেদি বোমা...

August 14, 2024 12:12 PM

views 17

সন্ত্ৰাসবাদক সমূলঞ্চে উৎখাতৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদৃঢ় কৰাৰ আৱশ্যকতাত ভাৰত-অষ্ট্ৰেলিয়াৰ গুৰুত্ব আৰোপ

ভাৰত আৰু অষ্ট্ৰেলিয়াই সকলোধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিছে আৰু সন্ত্ৰাসবাদক সমূলঞ্চে উৎখাত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদৃঢ় কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী যুটীয়া কাৰ্যগোটৰ চতুৰ্দশ বৈঠকৰ অন্তত দুয়োখন দেশে এইদৰে বিবৃতি দি...

August 14, 2024 12:10 PM

views 12

হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ ভাৰতীয় নির্বাচন আয়োগ সাজু

ভাৰতীয় নির্বাচন আয়োগে হাৰিয়ানা আৰু কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, কালি নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু এছ এছ সন্ধুৰ সৈতে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে চণ্ডীগড়ৰ হাৰিয়ানাত আগ...

August 14, 2024 12:09 PM

views 14

ক্রীড়া ছালিচি আদালতৰ অস্থায়ী খণ্ড বিচাৰপীঠত ৱিনেশ ফোগটৰ আবেদনৰ ৰায়দান পুনৰ স্থগিত

ক্রীড়া ছালিচি আদালতৰ অস্থায়ী খণ্ড বিচাৰপীঠে পেৰিছ অলিম্পিকৰ মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাৰ মল্লযুদ্ধৰ ফাইনেলৰ বাবে অযোগ্য ঘোষণা কৰাৰ বিৰুদ্ধে ৱিনেশ ফোগটে জনোৱা আবেদনৰ ৰায়দান পুনৰ স্থগিত ৰাখিছে। সেই অনুসাৰে বিচাৰপীঠখনে ১৬ আগষ্টত ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৯ বজাত এই সন্দৰ্ভত ৰায়দান কৰিব। ক্রীড়া...

August 14, 2024 12:06 PM

views 18

মহাৰাষ্ট্ৰত প্রাকৃতিক দুৰ্যোগ প্ৰতিৰোধ প্রকল্পৰ বাবে ২৭৬৬ কোটি টকাৰ পুঁজিৰ অনুমোদন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই প্রাকৃতিক দুৰ্যোগ প্ৰতিৰোধৰ সৈতে জড়িত ১৯৫০টা প্রকল্প হাতত লোৱাৰ বাবে ২৭৬৬ কোটি টকাৰ পুঁজিৰ অনুমোদন জনাইছে। এই কামসমূহৰ ভিতৰত ভূমিস্খলন আৰু বানৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ, নলা নিৰ্মাণ আৰু খনন, বনানীকৰণ, পুখুৰী খনন, দলং নিৰ্মাণ আৰু মেৰামতি আদি অন্তৰ্ভ...

August 13, 2024 3:27 PM

views 28

৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান উদযাপন নাগপুৰ পৌৰ নিগমৰ

নাগপুৰ পৌৰ নিগমে যোৱা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে উদ্যম আৰু উৎসাহেৰে গ্ৰহণ কৰা হৰ ঘৰ তিৰংগা অভিযান উদযাপন কৰিছে। এই উদযাপনৰ অংশ হিচাপে আজি তিৰংগা মাৰাথন আয়োজন কৰা হয়। নাগপুৰ পৌৰ নিগমৰ সহকাৰী পৌৰ আয়ুক্ত প্রকাশ ৱাহেঁড়ে ছেইণ্ট উছুলা বিদ্যালয়ত অনুষ্ঠিত মাৰাথন দৌৰৰ পতাকা জোকা...

August 13, 2024 3:25 PM

views 41

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰশাসনে নিৰাপত্তা আৰু স্বাধীনতা দিৱসৰ অনুষ্ঠান সুকলমে উদযাপন কৰাৰ ক্ষেত্ৰত যাতে কোনো সুৰুঙা ৰৈ নাযায়, তাৰ নিশ্চিত ব্যৱস্থা হাতত লৈছে। স্বাধীনতা দিৱসৰ মূল অনুষ্ঠান...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।