ৰাষ্ট্ৰীয়

August 14, 2024 7:06 PM

views 25

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬১ গৰাকী ক্ষেত্ৰ কৰ্মীক ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰি থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬১ গৰাকী ক্ষেত্ৰ কৰ্মীক নতুন দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সাক্ষী হ'বলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ তথ্য অনুসৰি অংগনৱাড়ী, ...

August 14, 2024 7:04 PM

views 13

দৰ্শনাৰ্থীৰ বাবে ২০২৪ বৰ্ষৰ গ্ৰীষ্মকালীন বার্ষিক অমৃত উদ্যান মুকলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত দৰ্শনাৰ্থীৰ বাবে ২০২৪ বৰ্ষৰ গ্ৰীষ্মকালীন বার্ষিক অমৃত উদ্যান মুকলি কৰে। এই উদ্যানখন জনসাধাৰণৰ দৰ্শনৰ বাবে অহা শুকুৰবাৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈ মুকলি থাকিব। উঠি অহা প্ৰজন্মক অমৃত উদ্যানৰ মানসিকতাৰে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যেৰে বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী...

August 14, 2024 7:36 PM

views 18

স্বাধীনতা দিৱসত ১০৩৭ জন জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্রদান কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী, অগ্নিনির্বাপক, গৃহৰক্ষী তথা অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সেৱাৰ এহেজাৰ ৩৭ জন জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্রদান কৰিছে। তেলেংগানা আৰক্ষীৰ মুখ্য কনিষ্টবল চাদুহু য়াদেয়াক বীৰত্বৰ বাবে ৰাষ্ট্ৰপতি পদক প্ৰদান কৰা হয়। গৃহ মন্ত্ৰ্যালয়ে জনোৱা মতে ২১৩ জন জো...

August 14, 2024 6:59 PM

views 11

সমগ্ৰ দেশৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ ৪০০ গৰাকী প্ৰতিনিধিক ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ মহিলা প্রতিনিধিকে ধৰি সমগ্ৰ দেশৰ ৪০০ গৰাকী প্ৰতিনিধিক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাইছে। ইপিনে, পঞ্চায়তীৰাজ মন্ত্রালয়ে আজি নতুন দিল্লীত পঞ্চায়তৰ নেত্ৰীসকলৰ বাবে এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়...

August 14, 2024 6:57 PM

views 24

ত্ৰিপুৰাৰ জনসাধাৰণৰ কৃতজ্ঞতা জ্ঞাপন অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে স্থানীয় নিকায়ৰ নিৰ্বাচনত বিজেপিক ঐতিহাসিক বিজয়ৰ আশীৰ্বাদ দিয়াৰ বাবে ত্ৰিপুৰাৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী শ্বাহে কয় যে, এই জয় ত্ৰিপুৰাৰ জনসাধাৰণৰ জয়। তেওঁ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডº মানিক সাহা, ৰাজ্যিক বিজেপিৰ সভাপতি...

August 14, 2024 6:54 PM

views 17

অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে দিল্লীৰ পূৰ্বৰ সুৰা নীতিক কেন্দ্ৰ কৰি ৰুজু হোৱা দুৰ্নীতিৰ গোচৰটোৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনৰ আবেদন আজি নাকচ কৰিছে। মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে জনোৱা জামিন আবেদনৰ প্ৰসংগত চিবিআইক উত্তৰ দিবলৈ আহ্বান জনাই সর্বোচ্চ আদালতখনে গোচৰটোৰ শুনানী...

August 14, 2024 6:49 PM

views 29

২০২৫ বৰ্ষৰ হজ যাত্ৰাৰ বাবে আবেদন পত্ৰ মুকলি

২০২৫ বৰ্ষৰ হজ যাত্ৰাৰ বাবে আবেদন পত্ৰ মুকলি কৰি দিয়া হৈছে। অহা ৯ ছেপ্তেম্বৰ আবেদন দাখিলৰ শেষ দিন হিচাপে ধাৰ্য কৰা হৈছে। সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে তেওঁৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী জৰ্জ কুৰিয়ানৰ সৈতে কালি নতুন দিল্লীত হজ আৱেদন পত্র ২০২৫ মুকলি কৰে।

August 14, 2024 6:08 PM

views 23

স্বাধীনতা দিৱসৰ প্ৰাক্-সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ আজি প্ৰাক্-সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীৰ ৰাষ্ট্ৰীয় নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলযোগে সন্ধিয়া সাত বজাত প্ৰথমে হিন্দীত আৰু পাছত ইংৰাজীত এই ভাষণ প্ৰচাৰ কৰা হ'ব। দূৰদৰ্শনে ইয়াৰ পাছতে ৰাষ্ট্ৰপতিৰ ভাষণৰ আঞ্চলিক ভাষা...

August 14, 2024 12:20 PM

views 15

ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে ৭৮সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্‌-সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ৭৮সংখ্যক স্বাধীনতা দিৱসৰ আজি প্ৰাক্‌-সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীৰ ৰাষ্ট্ৰীয় নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলযোগে সন্ধিয়া সাত বজাত প্ৰথমে হিন্দীত আৰু পাছত ইংৰাজীত এই ভাষণ প্ৰচাৰ কৰা হ'ব। দূৰদৰ্শনে ইয়াৰ পাছতে ৰাষ্ট্ৰপতিৰ ভাষণৰ আঞ্চলিক ভাষান্তৰ ...

August 14, 2024 12:19 PM

views 12

অৰুণাচল প্ৰদেশত হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৬০০ ফুট দৈৰ্ঘ্যৰ পতাকা কঢ়িয়াই উলিওৱা ৰেলীক লৈ প্ৰধানমন্ত্ৰী মোদীৰ আনন্দ প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশত হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ছশ ফুট দৈৰ্ঘ্যৰ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা কঢ়িয়াই উলিওৱা ৰেলীক লৈ আনন্দ প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশ এনে এখন ৰাজ্য য'ত প্ৰতিজন নাগৰিকৰ হৃদয়ত দেশপ্ৰেম গভীৰভাৱে শিপাই আছে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।