ৰাষ্ট্ৰীয়

August 29, 2024 8:46 PM August 29, 2024 8:46 PM

views 6

ত্ৰিপুৰাৰ ৪খন জিলাত আন্তঃমন্ত্ৰ্যালয় পৰ্যায়ৰ কেন্দ্ৰীয় দলৰ বানৰ প্ৰকোপ মূল্যায়ন

আন্তঃমন্ত্ৰ্যালয় পৰ্যায়ৰ এটা কেন্দ্ৰীয় দলে ত্ৰিপুৰাৰ চাৰিখন জিলাত বানৰ প্ৰকোপৰ মূল্যায়ন আৰম্ভ কৰিছে। কেন্দ্ৰীয় জল আয়োগৰ সঞ্চালক মহেশ কুমাৰৰ নেতৃত্বত দলটোৱে গোমতী জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। অতিৰিক্ত জিলা দণ্ডাধীশ বিনয় ভূষণ দাসে কয় যে, গোমতী জিলাত প্রায় এহেজাৰ ১০০ কোটি টকাৰ...

August 29, 2024 7:15 PM August 29, 2024 7:15 PM

views 2

কেন্দ্ৰীয় লোকসেৱা আয়োগক স্বেচ্ছামূলকভাৱে প্ৰাৰ্থীসকলৰ পৰিচয়ৰ পৰীক্ষাৰ বাবে আধাৰভিত্তিক সত্যাসত্য নিৰূপণৰ অনুমতি

চৰকাৰে কেন্দ্ৰীয় লোকসেৱা আয়োগক স্বেচ্ছামূলকভাৱে প্ৰাৰ্থীসকলৰ পৰিচয়ৰ পৰীক্ষাৰ বাবে আধাৰভিত্তিক সত্যাসত্য নিৰূপণৰ অনুমতি প্ৰদান কৰিছে। নাম পঞ্জীয়নৰ সময়ত আৰু পৰীক্ষা তথা নিয়োগৰ বিভিন্ন পৰ্যায়ত সত্যাসত্য নিৰূপণৰ এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা যাব। ভুৱা প্ৰমাণ-পত্ৰ দেখুৱাই অসামৰিক সেৱাৰ পৰীক্ষাত ...

August 29, 2024 7:14 PM August 29, 2024 7:14 PM

views 8

জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২৭৯গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৪৪গৰাকীৰ মনোনয়ন বৈধ

কেন্দ্রীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা ২৭৯গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৪৪গৰাকীৰ মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। ৩৫গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হৈছে। প্ৰথম পৰ্যায়ত জম্মু-কাশ্মীৰৰ ২৪টা বিধানসভা সমষ্টিত ১৮ ছেপ্তেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব। নির্বাচন আয়...

August 29, 2024 7:12 PM August 29, 2024 7:12 PM

views 10

জম্মু-কাশ্মীৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

দেশৰ নিৰ্বাচন আয়োগে জম্মু কাশ্মীৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে মনোনয়ন-পত্র দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা ৫ ছেপ্তেম্বৰত মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন আৰু অহা ৬ ছেপ্তেম্বৰত মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। প্ৰাৰ্থীসকলে অহা ৯ ছেপ্তেম্বৰলৈ মনোনয়ন ...

August 29, 2024 7:10 PM August 29, 2024 7:10 PM

views 5

গুজৰাট, কর্ণাটক, কেৰালা, তেলেংগানা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু হাৰিয়ানাৰ ১৬ স্থানত এনআইএৰ ব্যাপক তালাচী

ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এন আই এ)ই কালি পাকিস্তানৰ ষড়যন্ত্ৰত হোৱা বিশাখাপট্টনম চোৰাংচোৱাগিৰি ঘটনা সন্দৰ্ভত দেশৰ ভালেমান ঠাইত তালাচী চলায়। ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ তথ্য অনুসৰি গুজৰাট, কর্ণাটক, কেৰালা, তেলেংগানা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু হাৰিয়ানাৰ ১৬টা স্থানত ব্যাপক তালাচী চলোৱা হয়। তদন্তকাৰী সংস্থ...

August 29, 2024 7:09 PM August 29, 2024 7:09 PM

views 3

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস, প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস। মহান হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। ভাৰতীয় হকীৰ ইতিহাসত মেজৰ ধ্যানচন্দৰ ঐতিহ্যৰ প্ৰতি সন্মান আৰু শাৰিৰীক গতিবিধি তথা খেল-ধেমালিৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতি বছৰে ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস পালন কৰা হয়। এই ...

August 29, 2024 7:07 PM August 29, 2024 7:07 PM

views 14

শ্রীলংকাৰ উত্তৰ অংশত নিৰ্মাণ কৰিবলগীয়া হাইব্রীড বিদ্যুৎ প্ৰকল্পৰ বাবে ভাৰতৰ প্রথম ধনৰাশি আদায়

ভাৰতে শ্রীলংকাৰ উত্তৰ অংশত নিৰ্মাণ কৰিবলগীয়া হাইব্রীড বিদ্যুৎ প্ৰকল্পৰ বাবে প্রথম ধনৰাশি আদায় দিছে। শ্রীলংকাত ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝাই শ্ৰীলংকাৰ শক্তিমন্ত্ৰী ড০ সুলক্ষনা জয়বর্ধনা আৰু দেশখনৰ বহনক্ষম শক্তি প্ৰাধিকৰণৰ অধ্যক্ষ ৰঞ্জিত ছেপালাক এই ধনৰাশি প্ৰদান কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত ২০২২ চন...

August 29, 2024 7:06 PM August 29, 2024 7:06 PM

views 5

দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত আজি ৫.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত আজি পুৱা ৰিখটাৰ স্কেলত ৫ দশমিক ৭ প্ৰাবল্যৰ এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰাষ্ট্রীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আফগানিস্তানত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। এতিয়ালৈকে এই ভূমিকম্পৰ ফলত ধন-জন হানি হোৱাৰ কোনো বাতৰি পোৱা নাই ৷

August 29, 2024 1:30 PM August 29, 2024 1:30 PM

views 23

পি এফ আইৰ অংশীদাৰী দেশৰ বৈঠকত ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি অনুষ্ঠিত প্রশান্ত মহাসাগৰীয় দ্বীপসমূহৰ গোট চমুকৈ পি এফ আইৰ অংশীদাৰী দেশসমূহৰ বৈঠকত অংশগ্ৰহণ কৰে। টংগাৰ নুকু’আলোফাত অনুষ্ঠিত হোৱা এই সভাত ভাৰতৰ লগতে দক্ষিণ কোৰিয়া, আমেৰিকা, জাপান, নৰৱে, ফ্রান্স আদিকে দৰি ২১ দেশে অংশ লয়। আলোচনাত অংশ ...

August 29, 2024 1:22 PM August 29, 2024 1:22 PM

views 6

দেশৰ ১৪০ কোটি জনতাই পেৰিছ পেৰালিম্পিকত ভাগ লোৱা খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে : প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ ১৪০ কোটি জনতাই পেৰিছ পেৰালিম্পিকত ভাগ লোৱা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীমোদীয়ে কৈছে যে, প্ৰতিগৰাকী খেলুৱৈৰ সাহস আৰু একাগ্ৰতা সমগ্ৰ দেশৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁ কৈছে যে, সকলোৱে তেওঁলোকৰ সফলতাৰ কামনা কৰি...