ৰাষ্ট্ৰীয়

September 20, 2024 6:31 PM September 20, 2024 6:31 PM

views 7

মহাৰাষ্ট্ৰৰ জালনাত সংঘটিত পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু, ১০ আহত

মহাৰাষ্ট্ৰৰ জালনা জিলাত আজি সংঘটিত এটি পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০ লোক গুৰুতৰভাৱে আহত হয়। আহত লোক কেইজনৰ ভিতৰত তিনিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷ ৰাজ্যখনৰ চাহাপুৰ অঞ্চলৰ সমীপৰ জালনা-ৱাডিগোড়ি পথত আজি পুৱা এখন ট্রাকে গেৱৰাই অঞ্চলৰ পৰা জালনা অভিমুখে গৈ থকা এখন বাছত খুন্দা...

September 20, 2024 6:28 PM September 20, 2024 6:28 PM

views 5

নক্সালবাদ আৰু নক্সালবাদৰ ধাৰণা নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে, চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ পূৰ্বে দেশৰ পৰা নক্সালবাদ আৰু নক্সালবাদৰ ধাৰণা নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত থকা নিজা বাসভৱনত আজি ছত্তিশগড়ৰ নক্সালবাদী হিংসাৰ বলি হোৱা প্ৰায় ৫৫ জন লোকৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা উল্লে...

September 20, 2024 6:24 PM September 20, 2024 6:24 PM

views 5

১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে চৰকাৰৰ মহিলা নেতৃত্বাধীন বিকাশৰ ক্ষেত্ৰত গুৰুত্ব

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ ১০০ দিন উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। সেই অনুসৰি মহিলাৰ দ্বাৰা ক্ৰয় কৰা সম্পত্তিৰ বাবে ষ্টাম্প শুল্ক কম কৰিবলৈ ৰাজ্যসমূহক উৎসাহ যোগোৱাৰ লগতে হোষ্টে...

September 20, 2024 6:04 PM September 20, 2024 6:04 PM

views 6

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ তিনিদিনীয়া ভ্ৰণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা তিনি দিনীয়া ভ্ৰণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব। এই ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ ল'ব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বায়ডেনে এই সন্মিলনৰ আয়োজন কৰিছে। পৰৱৰ্তী কোৱাড সন্মিলন ভাৰত...

September 20, 2024 6:01 PM September 20, 2024 6:01 PM

views 2

ৰাষ্ট্ৰীয় ‘পি এম বিশ্বকৰ্মা’ কাৰ্যসূচী মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱৰ্ধাত পি এম বিশ্বকৰ্মা আঁচনিৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰীয় ‘পি এম বিশ্বকৰ্মা' কাৰ্যসূচী মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ‘পি এম বিশ্বকর্মা’ আঁচনিৰ হিতাধিকাৰীসকলক প্ৰমাণ পত্ৰ আৰু ঋণ মোকলাই দিয়ে। এই আঁচনিৰ অধীনত শিল্পীসকলক দিয়া প্রতিশ্ৰুতিৰ প্...

September 20, 2024 1:34 PM September 20, 2024 1:34 PM

views 5

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱৰ্ধা ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱৰ্ধা ভ্ৰমণ কৰিব। পি এম বিশ্বকৰ্মা আঁচনিৰ এবছৰৰ অগ্ৰগতি উপলক্ষে ৰাষ্ট্ৰীয় ‘পি এম বিশ্বকর্মা’ কাৰ্যসূচীত প্রধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। কাৰ্যসূচীৰ সময়ত প্রধানমন্ত্রী মোডীয়ে প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিৰ হিতাধিকাৰীসকলক প্ৰমাণ-পত্ৰ আৰু ঋণ মোকলাই...

September 20, 2024 1:33 PM September 20, 2024 1:33 PM

views 5

মধ্যপ্ৰদেশ ভ্ৰমণ সামৰি ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু ঝাৰখণ্ডৰ ৰাঁচীত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুদিনীয়া মধ্যপ্ৰদেশ ভ্ৰমণ সামৰি কালি ঝাৰখণ্ডৰ ৰাঁচীত উপস্থিত হয়। ৰাঁচী বিমানবন্দৰত ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰ আৰু মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। আজি ৰাঁচীৰ ৰাষ্ট্ৰীয় মাধ্যমিক কৃষি প্রতিষ্ঠান আইচিএআৰৰ শতবার্ষিকী উদযাপনত ৰাষ্ট্ৰপতিগৰাক...

September 20, 2024 1:31 PM September 20, 2024 1:31 PM

views 6

দাদৰা আৰু নগৰ হাভেলী, দমন আৰু ডিউ ভ্ৰমণলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজিৰ পৰা দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ ভ্ৰমণ কৰিব। এয়া হ'ব কেন্দ্রীয়শাসিত অঞ্চলটোলৈ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথমটো ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক আৰু উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব।

September 20, 2024 1:30 PM September 20, 2024 1:30 PM

views 6

হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, জে পি নাড্ডাৰ নিৰ্বাচনী সভা

হাৰিয়ানাত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে৷ প্ৰচাৰ অভিযানৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জগত প্রকাশ নাড্ডাই কালি ৰোহটকত অনুষ্ঠিত দলীয় কর্মী সন্মিলনক সম্বোধন কৰে। শ্ৰীনাড্ডাই কয় যে বিজেপিৰ শাসনকালত হাৰিয়ানাই যোগ্যতাৰ ভিত্তিত চাকৰি ...

September 20, 2024 1:29 PM September 20, 2024 1:29 PM

views 4

পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষৰ পঞ্জীয়ন বাতিল

পশ্চিমবংগ চিকিৎসা পৰিষদে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষৰ পঞ্জীয়ন বাতিল কৰিছে। তেওঁ প্ৰতিষ্ঠানটোত সংঘটিত এগৰাকী যুৱ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত বৰ্তমান চি বি আইৰ জিম্মাত আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিগত ৬ ছেপ্টেম্বৰত সন্দীপ ঘোষক কাৰণ দৰ্শোৱাৰ জানন...