ৰাষ্ট্ৰীয়

October 23, 2024 7:43 PM

views 16

ৱায়নাড সংসদীয় সমষ্টিৰ উপ-নির্বাচনৰ বাবে প্রিয়ংকা গান্ধীৰ মনোনয়ন দাখিল

কংগ্ৰেছ প্রার্থী প্রিয়ংকা গান্ধীয়ে আজি কেৰালাৰ ৱায়নাড সংসদীয় সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰে। ১৩ নবেম্বৰত চেলক্কাৰা সংৰক্ষিত আৰু পলক্কড় বিধানসভা সমষ্টিৰ লগতে ৱায়নাড সংসদীয় সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ'ব।

October 23, 2024 7:41 PM

views 12

ডানা নামৰ ঘূৰ্ণী বতাহৰ পূর্বে ওড়িশাত এন ডি আৰ এফৰ ২০টা আৰু পশ্চিমবঙ্গত ১৩টা দল নিয়োগ

ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনী এন ডি আৰ এফে ডানা নামৰ ঘূৰ্ণী বতাহজাকে ভূভাগত খুন্দা মৰাৰ পূর্বে ওড়িশাত বাহিনীটোৰ ২০ টা আৰু পশ্চিমবঙ্গত ১৩ টা দল নিয়োগ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনীৰ উপ-মহাপৰিদৰ্শক মহচেন চাহিদে কয় যে, পশ্চিমবঙ্গত যিকোনো...

October 23, 2024 7:38 PM

views 34

ইন্ধনৰ আমদানি হ্ৰাস কৰাৰ ওপৰত মন্ত্ৰী নীতিন গাডকাৰীৰ গুৰুত্ব

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি দেশৰ ইন্ধনৰ আমদানি শীঘ্ৰেই হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে, বর্তমান প্ৰতি বছৰে ২২ লাখ কোটি টকা মূল্যৰ ইন্ধন আমদানি কৰা হয়। নতুন দিল্লীত অনুষ্ঠিত অষ্টাদশ অভিযান্ত্রিক সম্পদ ব্যৱস্থাপনাৰ বিশ্ব সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকী...

October 23, 2024 7:35 PM

views 37

ব্রিকছ শীর্ষ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি শ্বি ঝিনপিঙক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্রিকছ শীর্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে চীনৰ ৰাষ্ট্ৰপতি শ্বি ঝিনপিঙক সাক্ষাৎ কৰে। বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্য্যালোচনা চলায়। প্রধানমন্ত্ৰীৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিক্রম মিশ্রীয...

October 23, 2024 6:00 PM

views 25

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ বাবে শিৱসেনাৰ ৪৫ জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্রকাশ

মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শিৱসেনাই ৪৫ জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিছে। মুখ্যমন্ত্রী একনাথ সিন্দেই বর্তমান প্রতিনিধিত্ব কৰি থকা ক'প্ৰি-পাচপাখী বিধানসভা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব। ইফালে ৰাজ্যখনৰ মন্ত্ৰী আব্দুল ছাট্টাৰে ছিল্ল'ড, সঞ্জয় ৰাথোৰে দিগৰাজ, সন্তোষ বাংলাৰে ...

October 23, 2024 5:57 PM

views 11

বেংগালুৰুত নির্মীয়মান অট্টালিকা খহি পৰাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫লৈ বৃদ্ধি

কৰ্ণাটকৰ বেংগালুৰুত নির্মীয়মান অট্টালিকা খহি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫লৈ বৃদ্ধি পাইছে। বৰ্তমান উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। বেংগালুৰুৰ বাবুছাপল্যাত কালি ছমহীয়া অট্টালিকাটো খহি পৰাৰ সময়ত ২১ গৰাকী শ্রমিক ধ্বংসস্তূপত আবদ্ধ হৈ আছিল। হেৰ আৰক্ষী, এছ ডি আৰ এফ, এন ডি আৰ এফৰ লগতে আন সংশ...

October 23, 2024 5:51 PM

views 28

পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ হুৱাৰ্টন বিজনেছ স্কুলত মত বিনিময় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আয়ুষ্মমান ভাৰত আঁচনিখনক সবাতোকৈ উৎকৃষ্ট সামাজিক নিৰাপত্তামূলক আঁচনিসমূহৰ অন্যতম বুলি অভিহিত কৰিছে। আমেৰিকাৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ হুৱাৰ্টন বিজনেছ স্কুলত এটা মত বিনিময় অনুষ্ঠানত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে, এই আঁচনিৰ জৰিয়তে জনসাধাৰণৰ স্বাস্থ্য বীমা কৰা হৈছে...

October 23, 2024 11:46 AM

views 30

ক’লা ধন বৈধকৰণ আইনৰ অধীনত সীমান্তৰ সিপাৰৰ পৰা ৬ জন লোকক আটক

বিধি বলবৎকাৰী সঞ্চালকালয়ে ক'লা ধন বৈধকৰণ আইনৰ অধীনত সীমান্তৰ সিপাৰৰ পৰা ড্ৰাগছৰ চোৰাং নেটৱৰ্কৰ সৈতে জড়িত এটা ঘটনাৰ তদন্ত কৰি ৬ জন লোকক আটক কৰিছে। মুম্বাইৰ শ্বেৰা বন্দৰত আমদানিকৃত কণ্টেইনাৰৰ পৰা প্ৰায় ২৯৩ কিলোগ্রাম হেৰইন জব্দ কৰা ঘটনাৰ ওপৰত ভিত্তি কৰি এই তদন্ত চলাই আছে। ইয়াৰ উপৰি দিল্লী আৰক্ষীৰ ব...

October 23, 2024 11:34 AM

views 21

শ্ৰী কৰ্টাৰপুৰ চাহিব কৰিড’ৰ সম্পৰ্কীয় চুক্তিৰ ম্যাদ পাঁচ বছৰৰ বৃদ্ধি

ভাৰত আৰু পাকিস্তানে শ্ৰী কৰ্টাৰপুৰ চাহিব কৰিড'ৰ সম্পৰ্কীয় চুক্তিৰ ম্যাদ আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে চুক্তিৰ ম্যাদ পাঁচ বছৰৰ বাবে সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্তই পাকিস্তানলৈ যোৱা ভাৰতীয় তীর্থযাত্ৰীসকলৰ যাত্ৰা সূচল কৰি তুলিব। কৰ্টাৰপুৰ চ...

October 23, 2024 11:30 AM

views 19

নতুন দিল্লীত কালি ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি নতুন দিল্লীত অসম, ছিকিম আৰু মিজোৰামৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায়। বৈঠকত শ্ৰীগাডকাৰীয়ে অসমৰ এহেজাৰ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যক সামৰি ৫৭টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। আলোচনাত স্থায়ীত্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।