ৰাষ্ট্ৰীয়

October 24, 2024 8:59 PM

views 15

অহা ২৭ অক্টোবৰত গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অহা ২৭ অক্টোবৰত গুৱাহাটীত উপস্থিত হৈ এটা অনুষ্ঠানত অংশগ্রহণ কৰিব। এই ভ্রমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজ গুৱাহাটীৰ একবিংশ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত অংশ ল'ব। তেওঁ লগতে ৰাজভৱনলৈও যোৱাৰ কথা আছে।

October 24, 2024 8:51 PM

views 10

ঘূৰ্ণীবতাহ ‘ডানা’ৰ প্ৰভাৱত ৰাজ্যত বতৰ ডাৱৰীয়া, কোনো কোনো ঠাইত পাতলীয়া বৰষুণ

পূব মধ্য বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ডানাৰ প্ৰভাৱত অসমত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে কোনো কোনো ঠাইত পাতলীয়া বৰষুণ হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে আজি নিশা বা কাইলৈ নিচেই পুৱা এই বতাহজাকে ওড়িশাৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে। বিভাগে বতাহজাক প্রতি ঘণ্টাত ১০০ৰ পৰা ১২০ কিলোমিটাৰ বেগে...

October 24, 2024 8:47 PM

views 10

ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় টেষ্ট মেচত নিউজিলেণ্ডৰ ২৫৯ ৰানত প্ৰথম ইনিংছ সমাপ্ত, ভাৰতৰ ১৬ ৰান সংগ্ৰহ

পুনেত অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ আজি প্রথম দিনা নিউজিলেণ্ডে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ২৫৯ ৰান সংগ্ৰহ কৰে । ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে ৭টা উইকেট আৰু ৰবিচন্দ্রন অশ্বিনে তিনিটা উইকেট দখল কৰে। টছত জিকি প্রথমে বেটিং কৰা নিউজিলেণ্ডৰ হৈ ডে...

October 24, 2024 8:46 PM

views 6

ভাৰত-চীনৰ নিয়ন্ত্ৰণৰেখাৰ বিবাদ মীমাংসাৰ বাবে কূটনৈতিক আৰু সামৰিক পৰ্যায়ৰ বাৰ্তালাপ হোৱা উচিতঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে, ভাৰত আৰু চীনে নিয়ন্ত্ৰণৰেখাৰ সমীপৰ নিৰ্দিষ্ট অঞ্চলৰ বিবাদসমূহ মীমাংসাৰ বাবে কূটনৈতিক আৰু সামৰিক পৰ্যায়ৰ বাৰ্তালাপত মিলিত হোৱা উচিত। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা আলোচনা ২০২৪ৰ মুকলি অনুষ্ঠানত শ্ৰী সিঙে কয় যে, দুয়োপক্ষৰ পাৰস্পৰিক আৰু সমান নীতিৰ আধাৰ...

October 24, 2024 8:45 PM

views 32

মহাকাশ খণ্ডৰ বাবে ১,০০০ কোটি টকাৰ Venture Capital Fund গঠনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে আজি মহাকাশ খণ্ডৰ বাবে এহেজাৰ কোটি টকাৰ Venture Capital Fund গঠনত অনুমোদন জনাইছে। প্ৰস্তাৱিত Venture Capital Fundৰ ব্যৱহাৰৰ সময়সীমা পুঁজি সঞ্চালনাৰ আৰম্ভণিৰ দিনটোৰে পৰা ৫ বছৰ পৰ্যন্ত বৃদ্ধি কৰা হ'ব বুলি অৱগত কৰিছে। নতুন দিল্লীত আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈ...

October 24, 2024 8:44 PM

views 20

পথ সুৰক্ষাৰ পৰিৱেশ তন্ত্ৰত কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিবলৈ সকলোধৰণৰ আধুনিক প্রযুক্তি প্রয়োগঃ নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে, চৰকাৰে পথ সুৰক্ষাৰ পৰিৱেশ তন্ত্ৰত কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিবলৈ সকলোধৰণৰ আধুনিক প্রযুক্তি প্রয়োগ কৰিছে। নতুন দিল্লীত আজি দ্বাদশ Traffic Infratech Expoত সম্বোধন কৰি তেওঁ পথ নির্মাণ কার্যত নতুন আধুনিক প্রযুক্তি ব্যৱহাৰ কৰাৰ ...

October 24, 2024 8:43 PM

views 23

দেশৰ সেউজ ৰূপান্তৰণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বায়’ ই থ্ৰী নীতিয়ে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াবঃ ড০ জীতেন্দ্ৰ সিং

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্র সিঙে কৈছে যে, শেহতীয়াকৈ অনুমোদন লাভ কৰা বায়' ই থ্ৰী নীতিয়ে দেশৰ সেউজ ৰূপান্তৰণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব। বায়' ই থ্রী অর্থাৎ অর্থনীতি, জলবায়ু আৰু নিয়োগৰ বাবে জৈৱ প্ৰযুক্তি নীতি হৈছে দেশৰ জৈৱ উৎপা...

October 24, 2024 7:03 PM

views 27

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হিম বীৰসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ITBP অর্থাৎ ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হিম বীৰসকল আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ কয় যে প্রতিকুল পৰিৱেশৰ মাজতো ব্যাপক প্ৰত্যাহ্বান নেওচি সাহস আৰু সমৰ্পনেৰে আই টি বি পিৰ হিম বীৰসকলে জনসাধাৰণক সুৰক্ষা...

October 24, 2024 7:01 PM

views 27

ঘূৰ্ণীবতাহ ‘ডানা’ৰ বাবে ওড়িশা-পশ্চিমবংগৰ উপকূলত ভাৰতীয় নৌসেনা বাহিনীৰ মানৱীয়-দুৰ্যোগ সাহায্য প্ৰদানৰ প্ৰস্তুতি

ঘূৰ্ণীবতাহ ‘ডানা’ৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নৌসেনা বাহিনীয়ে ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য প্ৰদানৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিজ্ঞপ্তিত জানিবলৈ দিয়া অনুসৰি প্ৰস্তুতিৰ অংশ হিচাপে ঘূর্ণী বতাহ প্ৰভাৱিত অঞ্চলসমূহত প্রয়োজনীয় বস্ত্ৰ,...

October 24, 2024 7:00 PM

views 33

ভাৰতত শিক্ষাৰ ক্ষেত্ৰত ব্যয় চীন-জাপানতকৈ অধিক বুলি ইউনেস্ক’ৰ প্ৰতিবেদনত প্ৰকাশ

ভাৰতত শিক্ষাৰ ক্ষেত্ৰত ব্যয় চীন আৰু জাপানৰ দৰে দেশতকৈ অধিক বুলি ইউনেস্ক'ৰ এটা প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি মধ্য আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ ঘৰুৱা মুঠ উৎপাদনৰ শতাংশ আৰু চৰকাৰী খৰচতকৈ ভাৰতে শিক্ষাৰ ক্ষেত্ৰত অধিক ধন ব্যয় কৰিছে। ভাৰতত শিক্ষাৰ প্ৰসাৰৰ বাবে ২০১৫ ৰ পৰা ২০২৪ চনৰ ভিতৰত ঘৰু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।