ৰাষ্ট্ৰীয়

November 22, 2024 8:27 PM

views 7

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ৬৭ ৰাণ সংগ্ৰহ

অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে পাৰ্থত অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি প্ৰথম দিনৰ খেলৰ সামৰণি পৰলৈকে প্ৰথম ইনিংছত ৭ উইকেটৰ বিনিময়ত ৬৭ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ যশপ্রীত বুমৰাই চাৰিটা উইকেট দখল কৰে। মহম্মদ চিৰাজে দুটা আৰু হৰ্ষিত ৰাণাই এটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভা...

November 22, 2024 8:25 PM

views 27

চিৰাগ চেট্টী আৰু সাত্বিকছাইৰাজ ৰণকীৰেড্ডি চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ চিৰাগ চেট্টী আৰু সাত্বিকছাইৰাজ ৰণকীৰেড্ডিৰ যুটীটো চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ কৰিছে। চিৰাগ আৰু সাত্বিকছাইৰাজৰ যুটীটোৱে আজি কোৱাৰ্টাৰ ফাইনেলত ডেনমার্কৰ প্ৰতিদ্বন্দ্বীক ২১-১৬, ২১-১৯ গেমত পৰাস্ত কৰে। ইপিনে, পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত লক্ষ্য সেন স...

November 22, 2024 8:24 PM

views 23

একমাত্র কন্যা শিশুৰ মেধা বৃত্তি আঁচনিৰ বাবে অনলাইন আবেদন কৰিবলৈ আহ্বান কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে কোনো পৰিয়ালৰ একমাত্র কন্যা শিশুৰ মেধা বৃত্তি আঁচনিৰ বাবে যোগ্য শিক্ষার্থীক অনলাইন আবেদন কৰিবলৈ আহ্বান জনাইছে। শিক্ষা পৰিষদে জনোৱা অনুসৰি ২০২৪ চনত চি বি এছ ইৰ পৰা দশম শ্ৰেণীত উত্তীৰ্ণ হৈ চি বি এছ ইৰ অন্তর্গত বিদ্যালয়ত একাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা কোনো পৰিয়ালৰ একম...

November 22, 2024 8:23 PM

views 24

দিল্লীৰ আইন-শৃংখলাৰ ক্ষেত্ৰত কোনো শিথিলতা সহ্য নকৰে বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্ৰীয় চৰকাৰে অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ অধীনত দিল্লীৰ আইন-শৃংখলাৰ ক্ষেত্ৰত কোনো শিথিলতা সহ্য নকৰে বুলি গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীয়ে আজি দিল্লী আৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, চোৰাংচোৱা ব...

November 22, 2024 8:21 PM

views 31

বেনাৰস হিন্দু বিশ্ববিদ্যালৰ আৰু শিক্ষা মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ সহায় সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে বেনাৰস হিন্দু বিশ্ববিদ্যালৰ আৰু শিক্ষা মন্ত্ৰালয়ে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। নতুন দিল্লীত সম্পাদিত এই চুক্তি অনুসৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়...

November 22, 2024 8:20 PM

views 18

নাইজেৰিয়া, ব্রাজিল আৰু গায়েনা ভ্ৰমণৰ সময়ছোৱাত বিশ্ব নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ কেইবাখনো দ্বিপাক্ষিক বৈঠক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাঁচদিনীয়া নাইজেৰিয়া, ব্রাজিল আৰু গায়েনা ভ্ৰমণৰ সময়ছোৱাত বিশ্ব নেতাসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হয়। শ্রীমোদীয়ে এই ত্রিদেশীয় ভ্রমণ কালত ৩১খন দ্বিপাক্ষিক বৈঠকৰ লগতে বিশ্ব নেতাসকলৰ সৈতে অনানুষ্ঠানিক আলোচনাতো মিলিত হয়। এই ভ্রমণ কালত শ্রীমোদীয়ে নাইজেৰ...

November 22, 2024 8:18 PM

views 16

দেওবাৰে আকাশবাণীৰ যোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৬ সংখ্যক খণ্ড। - আকাশবাণী – দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী নিউজৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, ...

November 22, 2024 5:58 PM

views 14

নেচনেল পিপ’ল্‌ছ পাৱাৰ দলৰ ২৯ গৰাকী সদস্যক উপ মন্ত্ৰী হিচাপে নিযুক্তি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে আজি তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। দিশানায়াকাই আজি শাসনাধিষ্ঠিত নেচনেল পিপ’ল্‌ছ পাৱাৰ দলৰ ২৯ গৰাকী সদস্যক উপ মন্ত্ৰী হিচাপে নিযুক্তি দিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছত দিশানায়কাই যোৱা সোমবাৰে ২১ গৰাকী মন্ত্ৰীক কেবিনেট মন্ত্ৰীৰূপে...

November 22, 2024 5:56 PM

views 27

দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত বিধানসভাৰ উপ-নির্বাচনৰ ভোটগণনাৰ সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত বিধানসভাৰ উপ-নির্বাচনৰ ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ হ'বলগীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ভোটগণনা প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ বাবে নিৰ্বাচন আয়োগ আৰু জিলা ...

November 22, 2024 5:54 PM

views 37

ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত ১০জন মাওবাদী নিহত

ছত্তীশগড়ত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও ১০জন মাওবাদী নিহত হয়। চুকমা জিলাৰ কন্টা অঞ্চলত চি আৰ পি এফ আৰু জিলা ৰিজাৰ্ভ গার্ড-ডি আৰ জিৰ যুটীয়া দল এটাই অঞ্চলটোত মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত তালাচী অভিযান চলাইছিল। অভিযানৰ সময়ত ভেজ্জী অঞ্চলৰ জংঘল আৰু পাহাৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।