আন্তৰ্জাতিক সংবাদ

January 8, 2025 7:48 PM

views 27

ৰাচিয়াৰ চাৰাতোফ অঞ্চলত গণড্রোন আক্রমণ চলাই এটা শিল্প উদ্যোগৰ ক্ষতিসাধন ইউক্রেইনৰ সামৰিক বাহিনীৰ

ইউক্রেইনৰ সামৰিক বাহিনীয়ে ৰাচিয়াৰ চাৰাতোফ অঞ্চলত গণড্রোন আক্রমণ চলাই এটা শিল্প উদ্যোগৰ ক্ষতিসাধন কৰে। ইউক্রেইনৰ সেনা বাহিনীৰ জেনেৰেল ষ্টাফে জনোৱা অনুসৰি বিমানঘাটিলৈ ইন্ধনৰ যোগান ধৰা এঞ্জেলছৰ এটা ৰাছিয়ান তেল ডিপোত ইউক্রেইন বাহিনীয়ে আক্ৰমণ কৰে। চাৰাতোফৰ গৱৰ্ণৰ ৰোমান বুছাৰ্গিনে কয়, যে ইউক্রেইনৰ এই...

January 5, 2025 10:51 AM

views 19

পাকিস্তানৰ বেলুচিস্তানত আত্মঘাতী বোমা বিস্ফোৰণত  ৮ জন নিৰাপত্তাৰক্ষীৰ মৃত্যু, ৪০ জন আহত

পাকিস্তানৰ বেলুচিস্তানৰ তুৰবাটৰ ধাং অঞ্চলত যাত্রীবাহী বাহন আৰু আৰক্ষীৰ বাহনক লক্ষ্য কৰি কৰা এটা আত্মঘাতী বোমা বিস্ফোৰণত কমেও ৮ জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ লগতে ৪০ জনতকৈ অধিক লোক আহত হৈছে। বিচ্ছিন্নতাবাদী সংগঠন বেলুচ লিবাৰেচন আৰ্মীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এখন যাত্রীবাহী বাহন আৰু তাৰ...

January 5, 2025 10:44 AM

views 13

দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভান

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে আজি দুদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হ'ব। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই ভাৰত প্ৰশান্ত মহাসাগৰীয় বিষয়ৰ উপৰি নিৰাপত্তা বিষয়ক আলোচনাৰ লগতে মহাকাশ প্ৰতিৰক্ষা আৰু কৌশ...

January 4, 2025 7:08 PM

views 13

ম্যানমাৰৰ স্বাধীনতা দিৱস উপলক্ষে ১৮০জন বিদেশী লোক, প্ৰায় ৬ হাজাৰ কয়দীক মুকলি

ম্যানমাৰৰ স্বাধীনতা দিৱস উপলক্ষে দেশখনৰ সামৰিক চৰকাৰে ক্ষমাদান ব্যৱস্থাৰ অংশস্বৰূপে ১৮০জন বিদেশী লোককে ধৰি প্ৰায় ৬ হাজাৰ কয়দীক মুকলি কৰি দিব। ইয়াৰ উপৰি গণ ক্ষমাদান ব্যৱস্থাৰ অংশ হিচাপে অন্যান্য কয়দীৰ শাস্তিও হ্ৰাস কৰা হৈছে। এই কয়দীকলক দোষী সাব্যস্ত কৰাৰ কাৰণ নাইবা মুক্তিৰ পাছত স্বদেশলৈ পঠিয়াবল...

January 4, 2025 5:55 PM

views 20

গাজা ষ্ট্ৰীপত যুদ্ধবিৰতিৰ লক্ষ্যৰে দোহাত ইজৰাইলৰে পৰোক্ষ আলোচনা আৰম্ভ হৈছে : হামাছ

গাজা ষ্ট্ৰীপত যুদ্ধবিৰতিৰ লক্ষ্যৰে কাৰ্টাৰৰ দোহাত ইজৰাইলৰ সৈতে পৰোক্ষ আলোচনা আৰম্ভ হোৱা বুলি হামাছে নিশ্চিত কৰিছে। হামাছে এটা বিবৃতিত কয় যে শেহতীয়া আলোচনাত স্থায়ী যুদ্ধ বিৰতি স্থাপন আৰু গাজাৰ পৰা ইজৰাইলী বাহিনীৰ প্ৰত্যাহাৰ নিশ্চিত কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ'ব বুলি আশা কৰা হৈছে। ইয়াৰোপৰি স্...

January 4, 2025 1:52 AM

views 15

বলিভিয়াত সংঘটিত বনজুই প্রশমিত কৰিবলৈ ভাৰতৰ মানৱীয় সাহায্য প্ৰদান

বলিভিয়াত সংঘটিত বনজুই প্রশমিত কৰিবলৈ ভাৰতে দেশখনলৈ মানৱীয় সাহায্য প্ৰদান কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰত্নধীৰ জয়ছৱালে কয় যে অগ্নিনির্বাপক বাহিনীৰ সামগ্ৰী, চিকিৎসা কীট, ঔষধ আৰু অন্যান্য উপযোগী সামগ্রী দেশখনলৈ পঠিওৱা হৈছে। এই সাহায্য সামগ্ৰ...

January 2, 2025 4:07 PM

views 25

দক্ষিণ প্রশান্ত মহাসাগৰৰ দ্বীপ ৰাষ্ট্ৰ ৱানুৱাটুলৈ ৫ লাখ ডলাৰৰ আৰ্থিক সাহায্য ভাৰতৰ

ভাৰতে দক্ষিণ প্রশান্ত মহাসাগৰৰ দ্বীপ ৰাষ্ট্ৰ ৱানুৱাটুলৈ ৫ লাখ ডলাৰৰ আৰ্থিক সাহায্য আগবঢ়াইছে। ৱানুৱাটুৰ উপকূলৰ সমীপত যোৱা ১৭ ডিচেম্বৰত ৭.৪ প্রাবল্যৰ ভূমিকম্পই জোঁকাৰি যোৱাৰ ফলত দেশখনৰ বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে সম্পত্তিৰো বিস্তৰ ক্ষতি হয়। এই প্রাকৃতিক দুৰ্যোগত বহু ধন-জনৰ ক্ষতি হোৱাৰ বাবে ভাৰতে ৱা...

December 31, 2024 6:47 PM

views 14

নতুনকৈ অহা ৰহিংগীয়া শৰণাৰ্থীৰ পঞ্জীকৰণৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই : বাংলাদেশৰ গৃহ পৰিক্ৰমা বিভাগৰ উপদেষ্টা

বাংলাদেশৰ গৃহ পৰিক্ৰমা বিভাগৰ উপদেষ্টা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল মহম্মদ জাহাংগীৰ আলম চৌধুৰীয়ে কয়, যে চৰকাৰে দেশখনত নতুনকৈ অহা ৰহিংগীয়া শৰণাৰ্থীসকলৰ পঞ্জীকৰণৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। তেওঁ লগতে এই শৰণাৰ্থীসকলক বাংলাদেশত আশ্রয় প্ৰদান কৰাৰ ক্ষেত্ৰতো কোনো সিদ্ধান্ত লোৱা...

December 31, 2024 6:27 PM

views 13

সূৰ্যকিৰণ শীৰ্ষক অষ্টাদশ ভাৰত-নেপাল সামৰিক অনুশীলন আৰম্ভ

নেপালৰ ৰূপানদেহীৰ চলঝণ্ডীত আজি সূৰ্যকিৰণ শীৰ্ষক অষ্টাদশ ভাৰত-নেপাল সামৰিক অনুশীলন আৰম্ভ হৈছে। এই যুটীয়া সামৰিক অনুশীলনে অৰণ্যত যুদ্ধ, কঠিন ভৌগোলিক অঞ্চলত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু প্রাকৃতিক দুৰ্যোগৰ সময়ত মানৱীয় সাহায্য প্ৰদানৰ লগতে অন্যান্য বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। দুসপ্তাহ...

December 31, 2024 1:14 PM

views 25

সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ মধ্যস্থতাত ৰাছিয়া আৰু ইউক্রেইনে শ শ যুদ্ধবন্দীৰ বিনিময়

সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ মধ্যস্থতাত ৰাছিয়া আৰু ইউক্রেইনে শ শ যুদ্ধবন্দীৰ বিনিময় কৰিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এটা সূত্ৰই কয় যে তেওঁলোকে বন্দী হৈ থকা ১৫০ জন ইউক্রেইন সৈনিকক মুকলাই দিছে আৰু ইয়াৰ বিনিময়ত ইউক্রেনেও সমান সংখ্যক ৰাছিয়াৰ সৈন্য দেশখনলৈ ওভতাই পঠিয়াইছে। ইফালে ইউক্রেইনৰ ৰাষ্ট...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।