February 22, 2025 11:53 AM

views 12

ইউক্রেইন-ৰাছিয়াৰ যুদ্ধৰ অৱসানৰ উদ্দেশ্যে হ’বলগীয়া আলোচনাত ইউক্রেইনৰ ৰাষ্ট্ৰপতি উপস্থিত থকাৰ আৱশ্যকতা নাই : ডনাল্ড ট্ৰাম্প

মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে কয়, যে ইউক্রেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে হ'বলগীয়া আলোচনাত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কি উপস্থিত থকাৰ আৱশ্যকতা নাই। ফক্স নিউজৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই বৈঠকত জেলেনস্কি উপস্থিত থকাটো গুৰুত্বপূৰ্ণ নহয়...

February 22, 2025 11:49 AM

views 15

কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২০২৪ চনৰ ডিচেম্বৰত প্ৰায় ১৭ লাখ নতুন কৰ্মচাৰীৰ নামভৰ্তি

কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২০২৪ চনৰ ডিচেম্বৰত প্ৰায় ১৭ লাখ নতুন কৰ্মচাৰীক নামভৰ্তি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অস্থায়ী পে ৰোলৰ প্ৰকাশিত তথ্য অনুসৰি চলিত মাহত ২০,৩৬০টা নতুন প্রতিষ্ঠান এই আঁচনিৰ সামাজিক সুৰক্ষাৰ পৰিসৰৰ অধীনলৈ অনা হয় । ইয়া...

February 22, 2025 11:46 AM

views 20

নতুন দিল্লীত কৃষি বিজ্ঞান মেলা ২০২৫ৰ আয়োজন

নতুন দিল্লীত আজি কৃষি বিজ্ঞান মেলা ২০২৫ৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই মেলা উদ্বোধন কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা এই কৃষি মেলাৰ মূল বিষয়বস্তু হৈছে উন্নত কৃষি-বিকশিত ভাৰত। কৃষি বিজ্ঞান মেলাৰ মূল আকৰ্ষণ হৈছে ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠানে বিকশাই তোলা ...

February 22, 2025 11:43 AM

views 7

জোহান্সবার্গত অনুষ্ঠিত জি-২০ বিদেশ মন্ত্ৰীৰ বৈঠকত মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে জি-২০য়ে ইয়াৰ নেতৃত্বৰ ধাৰা অব্যাহত ৰাখিবলৈ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত চলি থকা জি-২০ বিদেশ মন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰি কালি ড০ জয়শংকৰে কয় যে এই প্ৰত্যাহ্বানসমূহৰ ভিতৰত খাদ্য, শক্তি...

February 22, 2025 11:38 AM

views 20

২১ সংখ্যক আফ্রিকীয়-এছিয় গ্রাম্য উন্নয়ন সংস্থা সন্মিলনত উপ-ৰাষ্ট্ৰপতিৰ উদ্বোধনী ভাষণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে বহনক্ষম উন্নয়ন এতিয়া কোনো বিকল্প নহয়, বৰং এয়া হৈছে একমাত্র উপায়। নতুন দিল্লীত কালি ২১ সংখ্যক আফ্রিকীয়-এছিয় গ্রাম্য উন্নয়ন সংস্থা সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দি শ্রীধনখড়ে এইদৰে কয়। তেওঁ কয়, যে গ্ৰাম্য খণ্ডৰ সহায়ৰ জৰিয়তেহে বহনক্ষম উন্নয়নৰ ভেঁটি স্থাপন ...

February 22, 2025 11:33 AM

views 21

পৰহিলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ অসমৰ চাহৰ ২০০ বছৰীয়া ঐতিহ্য উদযাপনৰ উদ্দেশ্যে হ'বলগীয়া ঝুমইৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠান উপভোগ কৰাৰ বাবে গুৱাহাটীলৈ আহিব। সেইদিনাই তেওঁ দুখন জনগোষ্ঠীয় প্রদর্শনীতো ভাগ ল'ব। প্রধানমন্ত্ৰীয়ে ২৫ ফেব্ৰুৱাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ...

February 21, 2025 8:34 PM

views 10

প্রয়াগৰাজৰ মহাকুম্ভক বিশ্বাস, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ মিলন বুলি অভিহিত কাঞ্চন প্ৰসাদৰ

দূৰদৰ্শনৰ সঞ্চালক প্রধান কাঞ্চন প্ৰসাদে প্রয়াগৰাজৰ মহাকুম্ভক বিশ্বাস, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ মিলন বুলি অভিহিত কৰে। মহাকুম্ভস্থলীৰ চেক্টৰ-৪ত থকা কুম্ভবাণী কেন্দ্ৰত ভাষণ দি শ্রীমতী প্রসাদে আজি কয় যে কুম্ভমেলাৰ দৰে ঐশ্বৰিক অনুষ্ঠানৰ বাণীসমূহ জনসাধাৰণৰ হৃদয়লৈ লৈ যোৱাত কুম্ভবাণী কেন্দ্রই অবিশ্বাস্...

February 21, 2025 8:33 PM

views 30

কংগ্ৰেছে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপৰ বাবে বিদেশী শক্তিৰ সমৰ্থন গ্ৰহণ কৰিছে বুলি বিজেপিৰ অভিযোগ

কংগ্ৰেছে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপৰ বাবে বিদেশী শক্তিৰ সমৰ্থন গ্ৰহণ কৰিছে বুলি বিজেপিয়ে অভিযোগ কৰে। দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপি নেতা গৌৰৱ ভাটিয়াই কয় যে নির্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ বাবে আমেৰিকাৰ সাহায্য গ্ৰহণ কৰা হৈছে। বিদেশী শক্তিৰ সমৰ্থন পালেও প্...

February 21, 2025 8:31 PM

views 26

অমিত শ্বাহৰ অধ্যক্ষতাত পুনেত কাইলৈ ২৭ সংখ্যক পশ্চিম মাণ্ডলিক পৰিষদৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ পুনেত কাইলৈ ২৭ সংখ্যক পশ্চিম মাণ্ডলিক পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। পশ্চিম মাণ্ডলিক পৰিষদত গুজৰাট, গোৱা, মহাৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য দাদৰা আৰু নগৰ হাভেলীৰ লগতে দমন আৰু দিউ অন্তৰ্ভুক্ত। বৈঠকত আঞ্চলিক পর্যায়ত আন্তঃগাঁথনি, খনন, পৰিৱেশ আৰু বনাঞ্চল,...

February 21, 2025 8:30 PM

views 24

বম্বে উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ নিযুক্তি প্ৰস্তাৱত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ অনুমোদন

মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বম্বে উচ্চ ন্যায়ালয়ত অতিৰিক্ত তিনিগৰাকী ন্যায়াধীশক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কালি অনুষ্ঠিত এখন বৈঠকত কলেজিয়ামে ন্যায়াধীশ শৈলেশ প্রমোদ ব্রহ্মে, ফিদোষ ফিৰোজ পুনিৱালা আৰু জিতেন্দ্ৰ শান্...