February 22, 2025 9:20 PM

views 18

গাজা যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে ৫জন ইজৰাইলী পনবন্দীক মুকলি হামাছৰ

পেলেষ্টাইনী গোট হামাছে গাজা যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে ৫ জন ইজৰাইলী পনবন্দীক মুকলি কৰি দিছে। ইয়াৰে ভিতৰত ৰাফাহত দুজন আৰু নুছেৰতত তিনিজন পনবন্দীক মুকলি কৰি দিয়া হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলে ৬০০ৰো অধিক পেলেষ্টাইনী কয়দী আৰু আটকাধীন লোকক মুকলি কৰি দিবলৈ সাজু হৈছে। ইয়াৰে ভিতৰত ৬০ জন দী...

February 22, 2025 9:18 PM

views 10

পুনে এটিপি ছেলেঞ্জাৰ হান্ড্ৰেড প্রতিযোগিতাত জীৱন নেদুনছেঝিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল

ভাৰতৰ শীৰ্ষ বাছনিপ্ৰাপ্ত জীৱন নেদুনছেঝিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তই পুনে এ টি পি ছেলেঞ্জাৰ হান্ড্ৰেড প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। জীৱন আৰু বিজয়ৰ যুটিটোৱে আজি ফাইনেলত দ্বিতীয় বাছনিপ্রাপ্ত অষ্ট্ৰেলিয়াৰ ব্লেক বেল্ডন আৰু মেথিউ ৰোমিঅ'ছ যুটিক ৩-৬, ৬-৩, ১০–০ ছেটত পৰাস্ত কৰে।

February 22, 2025 7:17 PM

views 7

আই আই টি গুৱাহাটীত থিংক ইণ্ডিয়া উত্তৰ-পূব সন্মিলনৰ শুভাৰম্ভ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি আই আই টি গুৱাহাটীত থিংক ইণ্ডিয়া উত্তৰ-পূব সন্মিলনৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে ভাৰত বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ অৱদান আছে বুলি মন্তব্য কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলক বিষয় হিচাপে এই সন...

February 22, 2025 7:16 PM

views 17

সৰুসজাইত ২৪ ফেব্ৰুৱাৰীত ঝুমইৰ বিনন্দিনী অনুষ্ঠান, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া চহকী ঐতিহ্য উদযাপনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আয়োজন কৰা ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ সৰুসজাইত চলি থকা কেন্দ্ৰীয় আখৰাত ৰাজ্যৰ ৯ হাজাৰৰো অধিক শিল্পীয়ে ভাগ লৈছে। পৰহিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত  হ'বলগীয়া এই সৰ্ববৃহৎ ঝুমুৰ নৃত্য অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ...

February 22, 2025 7:14 PM

views 10

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত শিৱসাগৰত নাগৰিক সভা

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আজি শিৱসাগৰত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত শিৱসাগৰৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকে এই বাজেট সন্দৰ্ভত মত প্ৰকাশ কৰে৷ শিৱসাগৰ জিলা বিজেপিয়ে আজি এখন সংবাদমেলযোগে এই বাজেট সন্দৰ্ভত অৱগত কৰে। সংবাদমেলত মন্ত্রী যোগেন মহনে বাজেটখনক জনমুখী বুলি অভ...

February 22, 2025 7:13 PM

views 25

যোৰহাটৰ ভিন্ন স্থানত ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ ৩১সংখ্যক মৃত্যু তিথি উদযাপন

যোৰহাট জিলাৰ বিভিন্ন স্থানত আজি ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ ৩১ সংখ্যক মৃত্যু তিথি উদযাপন কৰা হৈছে। কবি সন্মিলন আৰু মুকলি সভাৰ আয়োজনেৰে প্ৰয়াত কবিগৰাকীক যোৰহাট, টীয়ক আৰু মৰিয়নিৰ বৌদ্ধিক সমাজে আজি স্মৰণ কৰে। ১৯০১ চনত যোৰহাটৰ টীয়কত জন্মগ্ৰহণ কৰা বিশিষ্ট সাহিত্যিকগৰাকীয়ে ১৯৬৬ চনত অসম সাহিত্য সভ...

February 22, 2025 7:12 PM

views 17

লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ বাবে নিৰীক্ষণ সমিতিৰ বৈঠক

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ বাবে নিৰীক্ষণ সমিতিৰ এখন বৈঠক আজি লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। ইয়াৰ লগতে বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা, ঢকুৱাখনাৰ বিধায়ক নৱ দলে আৰু ল...

February 22, 2025 7:11 PM

views 11

কামৰূপৰ চাংসাৰিত কেম্পা এণ্ড বেভাৰেজেছৰ বটলিং প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ চাংসাৰিত পানীয় উৎপাদনকাৰী প্ৰতিষ্ঠান কেম্পা এণ্ড বেভাৰেজেছৰ সহযোগত বটলিং প্ৰকল্পৰ উদ্বোধন কৰে। প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই নতুন প্ৰকল্পটোৱে ৰাজ্যখনৰ ঔদ্যোগিক বিকাশ আৰু অসমত গঢ় লৈ উঠা উদ্যোগৰ বাবে অনুকূল পৰিৱেশ সন্দৰ্ভত ইতিবা...

February 22, 2025 7:09 PM

views 9

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অবৈধ উপায়েৰে সহায়ৰ নামত ধন লোৱাৰ অভিযোগত USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ অবৈধ উপায়েৰে সহায়ৰ নামত ধন লোৱাৰ অভিযোগত বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি মহবুবুল হকৰ প্ৰতিষ্ঠানটোৱে শ্ৰীভূমিৰ পাথাৰকান্দি কেন্দ্ৰীয় বিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান পৰীক্ষাত অৱতীৰ্ণ হোৱা ২১৪জন প্ৰা...

February 22, 2025 7:07 PM

views 9

মানকাচৰৰ হাটশিঙিমাৰীত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা-চক্ৰ

মানকাচৰৰ হাটশিঙিমাৰীত আজি জিলা বিজেপিৰ উদ্যোগত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এখন আলোচনা-চক্ৰ অনুষ্ঠিত হয়। হাটশিঙিমাৰী প্ৰেছ ক্লাবত অনুষ্ঠিত এই আলোচনাচক্ৰত বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ, জ্যেষ্ঠ নাগৰিক আৰু কেইবাগৰাকী বিজেপি কর্মী উপস্থিত থাকে। ধুবুৰী পৌৰ নিগমৰ পৌৰপতি ডাঃ দেবময় স্যানাল মুখ...