February 28, 2025 12:44 PM

views 49

নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত আজি জাহা এ-খুছৰু ২০২৫ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত জাহা এ-খুছৰু ২০২৫ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ছুফী সংগীতৰ এই বিশাল মহোৎসৱৰ এইবাৰ ২৫ বছৰ উদযাপন কৰা হৈছে। আজিৰে পৰা দুদিনীয়কৈ আয়োজিত এই মহোৎসৱত আমিৰ খুশ্ৰুৰ পৰম্পৰা উদযাপনৰ উদ্দেশ্যে বিশ্বৰ ভিন্ন প্ৰান্তৰ বহুতো শিল্পীৰ সমাগম ঘটিব। বিখ্যা...

February 28, 2025 12:40 PM

views 13

প্রধানমন্ত্ৰীৰ অধ্যক্ষতাত আয়ুষ খণ্ডৰ এখন উচ্চস্তৰীয় পর্যালোচনা বৈঠক অনুষ্ঠিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত আয়ুষ খণ্ডৰ এখন উচ্চস্তৰীয় পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্রধানমন্ত্ৰীয়ে প্ৰতিষেধমূলক স্বাস্থ্যসেৱা, ঔষধি উদ্ভিদৰ খেতিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ বিকাশ আৰু পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থিতি সবল কৰাত খণ্ডটোৰ অৱদান সন্দৰ্ভত গুৰুত্ব আ...

February 28, 2025 12:38 PM

views 19

উর্দূলা ৱন ডেৰ লেয়েনৰ সৈতে প্রধানমন্ত্ৰীৰ আজি প্রতিনিধি পৰ্যায়ৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উর্দূলা ৱন ডেৰ লেয়েনৰ সৈতে প্রতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। ইউৰোপীয় আয়োগৰ অধ্যক্ষ লেয়েন কালি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। তেওঁৰ সৈতে ইউৰোপীয় আয়োগৰ ২৭ গৰাকী আয়ুক্তৰ ভিতৰত ২২ গৰাকী আয়ুক্তও ভাৰতলৈ আহিছে। ইউৰোপীয...

February 28, 2025 12:35 PM

views 13

মহাকুম্ভৰ পৰম্পৰাই ভাৰতৰ জাতীয় চেতনা পুনৰুজ্জিৱীত কৰাৰ লগতে দেশ তথা সমাজক নতুন পথৰ সন্ধান দি আহিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰুজ্জিৱীত কৰি তুলি আহিছে আৰু দেশ তথা সমাজলৈ নতুন পথৰ সন্ধান দি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে কালি সামাজিক মাধ্যমৰ এটা ব্লগ যোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এইবাৰ ১৪৪ বছৰ পাছত মহাকুম্ভৰ যোগ পৰিছে আৰ...

February 27, 2025 8:27 PM

views 12

বৰষুণৰ বাবে আই চি চি চেম্পিয়নছ ট্ৰফীৰ পাকিস্তান আৰু বাংলাদেশৰ খেল পৰিত্যক্ত

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ৰাৱালপিণ্ডি ক্রিকেট ষ্টেডিয়ামত আজি পাকিস্তান আৰু বাংলাদেশৰ মাজত হ'বলগীয়া খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। সুদীর্ঘ ২৯ বছৰত প্ৰথমবাৰৰ বাবে আই চি চি টুর্ণামেণ্টৰ আয়োজন কৰা পাকিস্তানে এখনো খেলত জয় লাভ নকৰাকৈ এই প্ৰতিযোগিতাৰ পৰ...

February 27, 2025 8:24 PM

views 15

আহমেদাবাদৰ আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগালৰ

প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগালে যুৱ-যুৱতীসকলক জড়িত কৰা আৰু চহৰ অঞ্চলতো ৰেডিঅ'ৰ প্ৰচাৰ সম্প্ৰসাৰণ কৰাত গুৰুত্ব আৰোপ কৰে। শ্ৰী ছেহগালে আজি গুজৰাটৰ আহমেদাবাদত থকা আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন কৰি এই দৰে কয়। শ্ৰী ছেহগালে কেন্দ্ৰটোৰ ষ্টুডিঅ', বাতৰি আৰু অনুষ্ঠান বিভাগৰ কাৰ্যকলাপৰ পৰ্যালোচনা কৰে। ...

February 27, 2025 8:19 PM

views 18

কেন্দ্ৰীয় মন্ত্ৰী মনখুস মান্দাভিয়াৰ বিজ্ঞান বিকশিত ভাৰত সমাৱেশ উদ্বোধন

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনখুস মান্দাভিয়াই আজি ভার্চুৱেল মাধ্যমেৰে বিজ্ঞান বিকশিত ভাৰত সমাৱেশ উদ্বোধন কৰে। ন'বেল বঁটা বিজয়ী ছাৰ চি ভি ৰমনৰ জয়ন্তী উপলক্ষে চেন্নাইৰ তিৰুচিৰাপল্লীত এই সমাৱেশৰ আয়োজন কৰা হয় । যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে তিৰুচিৰাপল্লীৰ ৰাষ্ট্ৰীয় বিদ্যালয়...

February 27, 2025 8:13 PM

views 12

মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰ সজীৱ কৰি তুলিছে : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰ সজীৱ কৰি তুলিছে আৰু দেশ তথা সমাজলৈ নতুন পথৰ সন্ধান দিছে। শ্ৰী মোদীয়ে কয়, যে এইবাৰৰ মহাকুম্ভ ১৪৪ বছৰ পাছত অনুষ্ঠিত হৈছে আৰু এই মহাকুম্ভই ভাৰতৰ উন্নয়নৰ যাত্ৰাত এটা নতুন দিশ সূচনাৰ বাৰ্তা বহন কৰিছে।...

February 27, 2025 8:06 PM

views 16

অইল ইণ্ডিয়া লিমিটেড আৰু গোৱালপাৰা জিলা আয়ুক্তৰে বুজাবুজি চুক্তিত স্বাক্ষৰ

২০০ খন বিছনাযুক্ত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে আজি অইল ইণ্ডিয়া লিমিটেডৰ গোৱালপাৰা জিলা আয়ুক্তৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, অতিৰিক্ত জিলা আয়ুক্ত নৱজিৎ‍ পাঠক, স্বাস্থ্য বিভাগৰ যুটীয...

February 27, 2025 8:02 PM

views 11

ধেমাজিত কৃষি সামগ্ৰী বিতৰণ কাৰ্যসূচীত মন্ত্রী ডাঃ ৰণোজ পেগুৰ অংশ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ দ্বাৰা আয়োজিত কৃষি সামগ্ৰীৰ বিতৰণ কাৰ্যসূচীত অংশ লৈ আত্মসহায়ক গোটসমূহক ১৫ খন ট্ৰেক্টৰ, ১৮ খন পাৱাৰ টিলাৰ, পাৱাৰ উইদাৰ আৰু মৰণা মৰা যন্ত্ৰ বিতৰণ কৰে। কৃষি যান্ত্ৰিকীকৰণ উপ আঁচনি তথা ধৰত্ৰি আবা জনজাতীয় গ্রাম্য উৎকর্ষ আঁচনিৰ অধীন...