March 5, 2025 12:18 PM

views 46

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত আজি নিউজিলেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত পাকিস্তানৰ লাহোৰত আজি হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে খেলোৱা হ'ব। আনহেত ডুবাইত অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত কালি ভাৰতে ...

March 5, 2025 12:11 PM

views 52

আজি মিচিং জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ পঃৰাগ বা নৰাছিগা বিহু উদযাপন

মিচিং জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ পঃৰাগ বা নৰাছিগা বিহু আজি জনগোষ্ঠীটো বসতিপ্রধান বিভিন্ন অঞ্চলত উদযাপন কৰা হ'ব। ধেমাজি জিলাৰ জোনাইৰ অৰুণাচল সীমান্তৰ পুৰণা জেলমগাঁৱত আজিৰেপৰা তিনিদিনীয়াকৈ এই উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। উল্লেখযোগ্য যে জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুসৰি সৃষ্টিকর্তা, মাতৃ, পৃথ...

March 5, 2025 12:10 PM

views 15

ড° শুভ্রকিংকৰ গোস্বামীলৈ ভাৰতীয় চিকিৎসা সন্থাৰ চলিত বছৰৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা

ভাৰতীয় চিকিৎসা সন্থাই ৰাজ্যৰ এগৰাকী বিশিষ্ট লেখক তথা চকুৰোগ বিশেষজ্ঞ ড° শুভ্রকিংকৰ গোস্বামীলৈ চলিত বছৰৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা আগবঢ়াইছে। অহা ৭ আৰু ৮ মাৰ্চত শিলচৰত হ'বলগীয়া সন্থাৰ দ্বিবার্ষিক অধিৱেশনত ডাঃ গোস্বামীক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। শেহতীয়াকৈ প্রকাশিত উপন্যাস ‘নীল নক্ষত্ৰৰ স...

March 5, 2025 12:08 PM

views 14

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বন ঘৰচীয়া ঘোঁৰাৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়ক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ তদন্ত আৰম্ভ

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বন ঘৰচীয়া ঘোঁৰাৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এই সন্দৰ্ভত সেউজ ন্যায়াধীকৰণে ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰি ৪ সপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে চোৰাং চ...

March 5, 2025 12:06 PM

views 33

স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত বিগত বৰ্ষৰ দৰে এইবাৰো গামোচা ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যৰ শিপিনীসকলক ন্যূনতম সমর্থন মূল্যত বস্ত্ৰ বিক্ৰীৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত বিগত বৰ্ষৰ দৰে এইবাৰো শিপিনী আৰু উদ্যোগীসকলৰ পৰা গামোচা ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ বাবে বিভিন্ন জিলাত ২৯টা ক্রয় কেন্দ্ৰ স্থাপন কৰা হৈছে। এই আঁচনিৰ অধীনত জিলা...

March 5, 2025 12:05 PM

views 25

নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৯৬ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাবুলি নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ প্ৰকাশ

ধেমাজি জিলাৰ গেৰুকামুখত নির্মীয়মান নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৯৬ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ২০০০ মেগাৱাট শক্তিসম্পন্ন এই প্ৰকল্পটোৰ মুঠ ৮ টা টার্বাইনৰ ভিতৰত ৪ টা টার্বাইন সম্পূর্ণ হৈ উঠিছে আৰু অহা মাহৰ পৰা প্ৰকল্পটোৰ প্ৰতিটো গোটে ২৫০ মেগাৱাটকৈ বিদ্যুৎ শক্তি উৎপাদন কৰিব। ১১৬ মিটাৰ...

March 5, 2025 12:04 PM

views 22

অসম আৰক্ষীৰ ২০২টা পদৰ লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্রক পদৰ লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। www.slprbassam.in ৱেৱছাইটযোগে দিনৰ এঘাৰ বজাত ফলাফল উপলব্ধ হ'ব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে জাবি কৰা এখন জাননী অনুসৰি প্ৰাৰ্থীসকলে সংশ্ল...

March 5, 2025 12:02 PM

views 12

গৃহ মন্ত্ৰ্যালয়ৰ ৰাজভাষা বিভাগৰ উদ্যোগত আজি ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণী সমাৰোহ

গৃহ মন্ত্ৰ্যালয়ৰ ৰাজভাষা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত পূব আৰু উত্তৰ-পূব ক্ষেত্ৰৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণী সমাৰোহৰ আয়োজন কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ এয়া হৈছে তৃতীয়খন এনেধৰণৰ সন্মিলন। সন্মিলনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গৃহ পৰিক্ৰমা ব...

March 5, 2025 12:00 PM

views 20

ফাকুৱাৰ সময়ত দুখন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ফাকুৱাৰ সময়ত যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি নাৰেঙ্গী আৰু গোড়খপুৰ, কামাখ্যা আৰু আনন্দবিহাৰৰ মাজত দুখন বিশেষ ৰে'লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। ০৫৬৩৩ নম্বৰৰ বিশেষ ৰে’লগাড়ীখনে কাইলৈৰ পৰা ২৭ মাৰ্চলৈকে প্ৰতি বৃহস্পতিবাৰে মুঠ ৪ বাব নাৰেঙ্গীৰ পৰা গোড়খপুৰলৈ যাত্ৰা কৰিব৷ ০২৫...

March 5, 2025 11:55 AM

views 16

চলিত মাহতে ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীসভাৰ উপ-সমিতিৰ প্ৰতিবেদন দাখিল

ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত চলিত মাহতে মন্ত্ৰীসভাৰ উপ-সমিতিৰ প্ৰতিবেদন দাখিল কৰা হ'ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি বিধানসভাত প্ৰকাশ কৰে। বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই উত্থাপন কৰা সংকল্প প্ৰস্তাৱৰ উত্তৰত জনজাতি পৰিক্ৰমা মন্ত্রী ডাঃ পেগুৱে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে চলিত বা...