March 5, 2025 12:51 PM

views 30

প্রশ্নোত্তৰ শিতানেৰে অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি সপ্তম দিনৰ কাৰ্যক্ৰমণিকা আৰম্ভ

অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি সপ্তম দিনৰ কাৰ্যক্ৰমণিকা প্রশ্নোত্তৰ শিতানেৰে আৰম্ভ হয়। প্রশ্নোত্তৰ কালত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই ৰাজ্যত যোৱা ৩১ জানুৱাৰী পৰ্যন্ত ১ লাখ ৬৫ হাজাৰ ৯৯২জন বিদেশী নাগৰিক চিনাক্ত কৰা বুলি আৰু ইয়াৰে ৩০ হাজাৰ ১১৫জনক নিজ দেশলৈ ঘূৰাই পঠিওৱা বুলি প্ৰকাশ কৰে।

March 5, 2025 12:49 PM

views 10

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলৰ কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি বেতনসহ বকেয়া প্রদান, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সম কাম-সম বেতন আৰু সমান সুযোগ সুবিধাৰ দাবীত তিনিদিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে। কামৰূপ জিলাত আজি দ্বিতীয় দিনা এহেজাৰ...

March 5, 2025 12:48 PM

views 15

অহা ৮ মাৰ্চত ৰাজ্যৰ বিভিন্ন অংশত লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে অহা ৮ মাৰ্চত ৰাজ্যৰ বিভিন্ন অংশত লোক আদালতৰ আয়োজন কৰা হৈছে। সেইদিনা ডিব্ৰুগড়ৰ ফুলবাগানস্থিত আদালত চৌহদত লোক আদালত অনুষ্ঠিত কৰা হ'ব। অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সৌজন্যত আয়োজিত এই লোক আদালতত সৰু-সুৰা গোচৰ, চেক বাউন্সৰ গোচৰ, মটৰ দুৰ্ঘটনাজনিত গোচৰ, বুজাবুজি আৰু স...

March 5, 2025 12:47 PM

views 23

তেজপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ শিক্ষা বৰ্ষৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ

তেজপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ শিক্ষা বৰ্ষৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিশ্ববিদ্যালয়খনৰ অধীনৰ স্নাতক, স্নাতকোত্তৰ, পি এইচ ডি, ডিপ্লোমা আৰু অন্যান্য পাঠ্যক্ৰমৰ বাবে আগ্রহী ছাত্র-ছাত্রীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব। আবেদন জমা দিয়া অন্তিম তাৰিখ ৩০ এপ্ৰ...

March 5, 2025 12:40 PM

views 27

কিদাম্বি শ্রীকান্তৰ ২০২৫ অৰলিন্স মাষ্টাৰ্ছ বেডমিণ্টনৰ মূল প্রতিযোগিতাত স্থান নিশ্চিত

ভাৰতৰ কিদাম্বি শ্রীকান্তে ফ্ৰান্সৰ অৰলিন্সত অনুষ্ঠিত ২০২৫ অৰলিন্স মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ যোগ্যতা নির্ণয়কাৰী নিজৰ দুয়োখন খেলতে জয়লাভ কৰি মূল প্রতিযোগিতাত স্থান নিশ্চিত কৰিছে। কালি খেলুৱৈগৰাকীয়ে বিশ্বৰ ৫২ নম্বৰ স্থানৰ মেড্‌জ ক্রিষ্ট’ফেৰ্ছেনক ২১–৮, ২১-১৪ আৰু বিশ্বৰ ৬৩ নম্বৰ বাছনিৰ আনৰ্ড ম...

March 5, 2025 12:38 PM

views 29

ইউক্রেইনত শান্তি বৰ্তাই ৰখাৰ বাবে ড’নাল্ড ট্রাম্পৰ নেতৃত্বৰ অধীনত কাম কৰিবলৈ সাজু বুলি প্ৰকাশ ভ’ল’ডিমিৰ জেলেনস্কিৰ

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে দেশখনত শান্তি বৰ্তাই ৰখাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ নেতৃত্বৰ অধীনত কাম কৰিবলৈ সাজু বুলি প্ৰকাশ কৰিছে। যোৱা শুকুৰবাৰে হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পাছতে জেলেনস্কিয়ে এই কথা প্রকাশ কৰিছে। আমেৰ...

March 5, 2025 12:37 PM

views 9

বেলজিয়ামৰ ৰাজকুমাৰী এষ্টি ডেৰ নেতৃত্বত ভাৰতলৈ অহা প্ৰতিনিধিসকলৰ সৈতে অশ্বিনী বৈষ্ণৱৰ বৈঠক

কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত বেলজিয়ামৰ ৰাজকুমাৰী এষ্টি ডেৰ নেতৃত্বত ভাৰতলৈ অহা প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত স্বচ্ছ প্রযুক্তি, প্ৰতিৰক্ষা আৰু বৈদ্যুতিন বিষয়কে ধৰি অন্যান্য ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা সন্দৰ্ভত আলোচনা কৰা হয়। শ...

March 5, 2025 12:33 PM

views 34

লণ্ডনৰ 10 Downing Street ত ব্ৰিটেইনৰ প্রধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ ড° এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে কালি লণ্ডনৰ 10 Downing Street ত ব্ৰিটেইনৰ প্রধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ কৰে। এই সাক্ষাতকালত ড° জয়শংকৰে দ্বিপাক্ষিক অর্থনৈতিক সহযোগিতা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয...

March 5, 2025 12:31 PM

views 17

নতুন দিল্লীত আজি আদর্শ মহিলা অনুকুল গাঁও পঞ্চায়ত মুকলি

পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীত আদর্শ মহিলা অনুকুল গাঁও পঞ্চায়ত মুকলি কৰে। মন্ত্ৰ্যালয়ে এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ লক্ষ্য হৈছে প্ৰতিখন জিলাতে কমেও এখনকৈ আদর্শ মহিলা অনুকুল গাঁও পঞ্চায়ত স্থাপন কৰা। ইয়াৰ জৰিয়তে লিংগ সংবেদনশীল আৰু ক...

March 5, 2025 12:28 PM

views 14

ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বাজেটোত্তৰ নিয়োগ সম্পৰ্কীয় এখন ৱেবিনাৰত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে বাজেটোত্তৰ নিয়োগ সম্পৰ্কীয় এখন ৱেবিনাৰত ভাগ ল'ব। মানৱ সমাজত বিনিয়োগ, অর্থনীতি আৰু উদ্ভাৱন আদি বিষয় সামৰি ল'বলগীয়া ৱেবিনাৰখনত প্রধানমন্ত্ৰীয়ে ভাষণো দিব। চৰকাৰে নিয়োগ সৃষ্টিৰ দিশটোক বিশেষ অগ্ৰাধিকাৰ দি আহিছে আৰু প্ৰধানমন্ত্ৰী শ্ৰী ম...