March 13, 2025 8:19 PM

views 10

যোৰহাট সদৰ থানাৰ উপ-পৰিদৰ্শক ইন্দ্ৰেশ্বৰ সন্দিকৈ, কনিষ্টবল দীনেশ শীলক উৎকোচ লোৱাৰ অভিযোগত নিলম্বন

যোৰহাট সদৰ থানাৰ উপ-পৰিদৰ্শক ইন্দ্ৰেশ্বৰ সন্দিকৈ আৰু কনিষ্টবল দীনেশ শীলক উৎকোচ লোৱাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। উল্লেখযোগ্য যে ৮জন লোকক থানাৰ পৰা মুকলি কৰিবৰ বাবে এই দুয়োগৰাকী আৰক্ষীৰ লোকে ৮ হাজাৰ টকা উৎকোচ বিচাৰি হাতে-লোটে ধৰা পৰা পাছত তেওঁলোকক নিলম্বন কৰা হয় ৷

March 13, 2025 8:17 PM

views 16

গোলাঘাটত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

গোলাঘাটত হ'বলগীয়া অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন উপলক্ষে আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাইকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে। ইয়াৰ পাছতে অধিৱেশনৰ শীৰ্ষ গীতটো মুকলি ...

March 13, 2025 8:15 PM

views 21

ৰাজ্যৰ প্ৰান্ত প্রান্তে আজি পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে দৌল উৎসৱ আৰম্ভ

ৰাজ্যৰ প্ৰান্ত প্রান্তে আজিৰে পৰা পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। পৰস্পৰক আবিৰৰ সানি ফাকুৱা উদযাপন কৰিবলৈও সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। বৰপেটা সত্ৰত আজি সন্ধিয়া গন্ধযাত্ৰাৰে ...

March 13, 2025 8:13 PM

গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ‘নতুন ফৌজদাৰী আইন- ইয়াৰ লক্ষ্য আৰু প্ৰত্যাহ্বান’ শীৰ্ষক আলোচনা-চক্র

গুৱাহাটী বাৰ কাউন্সিলৰ সহযোগত উকিল সন্থাই আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদৰ প্ৰেক্ষাগৃহত নতুন ফৌজদাৰী আইন- ইয়াৰ লক্ষ্য আৰু প্ৰত্যাহ্বান শীৰ্ষক এখন আলোচনাচক্র অনুষ্ঠিত কৰে। গুৱাহাটী উকিল সন্থাৰ সভাপতি বিৰাজ কুমাৰ চৌধুৰীৰ সভাপতিত্বত আয়োজিত আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি গুৱাহা...

March 13, 2025 3:32 PM

views 30

অষ্ট্ৰেলিয়ান অ’পেন স্কোৱাছ প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ ৱেলাৱন ছেন্থিল কুমাৰ

ভাৰতৰ ৱেলাৱন ছেন্থিল কুমাৰে অষ্ট্ৰেলিয়ান অ’পেন স্কোৱাছ প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেন্থিল কুমাৰে কালি বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত অষ্ট্ৰেলিয়াৰ যোছেফ হোৱাইটক ৩-০ ফলাফলত পৰাস্ত কৰে। বিশ্বৰ ৪৩ সংখ্যক স্থানৰ ভাৰতীয় খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্...

March 13, 2025 3:24 PM

views 26

সন্ধিয়া ৭.৩০ বজাত মহিলা প্রিমিয়াৰ লীগ ক্রিকেটত মুম্বাই ইণ্ডিয়ানছ-গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলখনত আজি মুম্বাই ইণ্ডিয়ানছ-গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুম্বাইৰ ব্ৰবৰ্ণ ষ্টেডিয়ামত খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। পইণ্ট তালিকাৰ শীৰ্ষত থকা দেলহী কেপিটেলছে ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে। তালিকাৰ দ্বিতীয় স্থানৰ মুম্বাই ইণ্ডিয়ান...

March 13, 2025 3:21 PM

views 38

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দিল্লীত গোলকীয় সম্প্ৰদায়ৰ সৈতে মত-বিনিময় কৰিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰ আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত গোলকীয় সম্প্ৰদায়ৰ সৈতে মত-বিনিময় কৰিব। বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন, ‘ৱেভ্ছ’ৰ পূৰ্বে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই শীৰ্ষ সন্মিলনৰ জৰিয়তে চৰকাৰে দ্ৰুতগতিত ...

March 13, 2025 3:17 PM

views 21

আৰ বি আয়ে একাউণ্ট সংগ্ৰাহক ব্যৱস্থা তদাৰক কৰাৰ উদ্দেশ্যে স্ব-নিয়ামক সংস্থাৰ বাবে আবেদন বিচাৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক -আৰ বি আয়ে একাউণ্ট সংগ্ৰাহক ব্যৱস্থা তদাৰক কৰাৰ উদ্দেশ্যে স্ব-নিয়ামক সংস্থাৰ বাবে আবেদন বিচাৰিছে। আৰ বি আয়ে জাৰি কৰা পৰিপত্ৰ অনুসৰি ইচ্ছুক আবেদনকাৰীয়ে প্ৰৱাহ প'ৰ্টেলৰ মাধ্যমেৰে ১৫ জুনলৈকে আবেদন পত্র দাখিল কৰিব পাৰিব। আবেদন নিৰ্দিষ্ট আৰ্হিৰ হ'ব লাগিব বুলি আৰ বি আয়ে স্পষ্ট কৰ...

March 13, 2025 3:14 PM

views 31

একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ১০০ দিনীয়া ক্ষণগণনাৰ অংশ হিচাপে যোগ মহোৎসৱ, ২০২৫ মুকলি

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপৰাও যাধৱে ২১ জুনত সমগ্ৰ বিশ্বত পালন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ১০০ দিনীয়া ক্ষণগণনাৰ অংশ হিচাপে আজি নতুন দিল্লীত যোগ মহোৎসৱ, ২০২৫ মুকলি কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে ১০০ দিনৰ ভিতৰত দেশৰ বিভিন্ন অংশত ১০ টা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি ঘোষণা কৰে।...

March 13, 2025 3:09 PM

views 29

গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তেওঁৰ সংসদীয় সমষ্টি গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰে'ল, স্থলপথ আৰু স্বাস্থ্য খণ্ডৰ প্ৰকল্পসমূহক সামৰি লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি গ...