March 13, 2025 8:37 PM

views 14

প্রধানমন্ত্ৰী আৱাস যোজনাৰ ৩.৮০ লাখ হিতাধিকাৰীক গৃহ নিৰ্মাণৰ বাবে ১৯ মাৰ্চত প্ৰথমটো কিস্তিৰ ধন

ৰাজ্য চৰকাৰে অহা ১৯ মাৰ্চত প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ লাখ ৮০ হাজাৰ হিতাধিকাৰীলৈ গৃহ নিৰ্মাণৰ বাবে প্ৰথমটো কিস্তিৰ ধন বেংকযোগে হস্তান্তৰ কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি এখন সংবাদমেলত এই কথা প্রকাশ কৰি কয়, যে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে তেওঁৰ শেহতীয়া অসম ভ্...

March 13, 2025 8:34 PM

views 25

তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব। কাইলৈ নিশাটো দেৰগাঁৱত কটোৱাৰ পাছত পৰহিলৈ পুৱাৰ ভাগত তেওঁ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকী যোৰহাট হৈ আইজললৈ যাত্ৰা কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধ...

March 13, 2025 8:33 PM

views 7

ৰাজ্যৰ অভিযান্ত্রিক প্ৰতিষ্ঠানত কৰ্মৰত অংশকালীন প্রবক্তাসকলৰ স্থায়ী নিযুক্তিৰ দাবী সদৌ অসম পলিটেকনিক প্রতিষ্ঠাপক প্রবক্তা সংস্থাৰ

সদৌ অসম পলিটেকনিক প্রতিষ্ঠাপক প্রবক্তা সংস্থাই ৰাজ্যখনত বিভিন্ন অভিযান্ত্রিক প্ৰতিষ্ঠানত কৰ্মৰত অংশকালীন প্রবক্তাসকলৰ স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। আজি গুৱাহাটী মহানগৰীৰ চচলৰ প্ৰতিবাদস্থলীত আয়োজিত এখন সংবাদমেলত সংস্থাৰ উপদেষ্টা ড০ নেত্ৰমণি বৰুৱাই কয়, যে ২০১৭ চনত ৰাজ্যখ...

March 13, 2025 8:31 PM

views 10

শিলচৰত অহা ৩ মাহৰ ভিতৰত উৰণ সেতু নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ হ’বঃ কৌশিক ৰায়

শিলচৰত অহা তিনি মাহৰ ভিতৰত উৰণ সেতু নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ হ'ব বুলি বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে প্ৰকাশ কৰিছে। আজি কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়ত চলিত বছৰৰ ৰাজ্যিক বাজেট সন্দৰ্ভত আয়োজিত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই বাজেটক ঐতিহাসিক আৰু দূৰদৰ্শী বুলি অভিহিত কৰে। বৰাক উপত্যাকা...

March 13, 2025 8:29 PM

views 19

বিশ্ব বৃক্ক দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃক্ক ৰোগৰ সজাগতা অনুষ্ঠান

বিশ্ব বৃক্ক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃক্ক ৰোগৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হয়। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে বিশ্বৰ ৮ কোটি ৫০ লাখৰো অধিক লোক দীর্ঘম্যাদী বৃক্কজনিত ৰোগত আক্ৰান্ত হ'ব বুলি আশংকা প্ৰকাশ কৰা হৈছে। ভাৰতত অন্তিম পৰ্যায়ৰ বৃক্ক ৰোগত আক্ৰান্তৰ সং...

March 13, 2025 8:27 PM

views 10

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অহা শনিবাৰ মনোনয়ন পত্ৰ সংগ্ৰহ-দাখিলৰ অন্তিম দিন

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল প্ৰক্ৰিয়া চলি আছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ ২০ টা সমষ্টিৰ মনোনয়ন পত্ৰ বিতৰণ আৰু গ্ৰহণৰ বাবে জিলা প্রশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। পৰহিলৈ বিয়লি ৩ বজালৈকে প্রার্থীসকলে মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল কৰিব পাৰিব। আজি কেই...

March 13, 2025 8:26 PM

views 14

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অহা শনিবাৰৰ ‘দৃষ্টিপাত’ত ‘ফাকুৱা বা দৌল উৎসৱৰ ৰং’ শীৰ্ষক বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাতত ফাকুৱা বা দৌল উৎসৱৰ ৰং শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনত থকা আকাশবাণীৰ কেইবাগৰাকীও সংবাদদাতা আৰু কেইবাগৰাকীও শ্রোতাই সময়ৰ সোঁতত এই উৎসৱৰ পৰিৱৰ্তন আৰু আকৰ্ষণ সম্পৰ্কত মতামত ব্যক্ত কৰিব। এই ...

March 13, 2025 8:24 PM

views 20

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অহা দেওবাৰৰ ‘সংবাদ চলন্তিকা’ত গুৱাহাটীত কৰ্মৰত সাংবাদিকে পৰিৱেশন কৰা ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰা গান্ধাৰীৰ অভিশাপ নামৰ ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণ দাসৰ আৰু পৰিচালনা ড০ দীপেন দাসৰ। গুৱাহাট...

March 13, 2025 8:23 PM

views 13

ধেমাজিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সংবাদমেল

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এইবাৰৰ বাজেটখনক এখন নতুন তথা বিকশিত অসম সৃষ্টি কৰিব পৰা বাজেট বুলি মন্তব্য কৰে। বাজেটখনে ৰাজ্যৰ...

March 13, 2025 8:21 PM

views 40

ধেমাজিত ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত তিনিজন লোকক কাৰাদণ্ড

ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে আজি ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত এজন লোকক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। ন্যায়াধীশ কৌশিক হাজৰিকাৰ বিচাৰপীঠে আজি ধেমাজি বৰবাম দিহিঙীয়া গাঁৱৰ নিৰেন চুতীয়া নামৰ লোকজনক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায...