ধেমাজিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সংবাদমেল

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এইবাৰৰ বাজেটখনক এখন নতুন তথা বিকশিত অসম সৃষ্টি কৰিব পৰা বাজেট বুলি মন্তব্য কৰে। বাজেটখনে ৰাজ্যৰ কৃষি খণ্ড আৰু ঔদ্যোগিক খণ্ডৰ বিকাশৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ বিকাশতো অৰিহণা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এক লাখ ৫৫ হাজাৰ ৪২৮ কোটি ৭৫ লাখ টকাৰ এই বাজেটে পৰৱৰ্তী বছৰটোৰ বাবে ৰাজ্যৰ আন্তঃগাঁথনিগত উন্নয়ন আৰু জনকল্যাণমুখী আঁচনিৰ ৰূপৰেখা দাঙি ধৰিছে বুলি তেওঁ উল্লেখ কৰে । মন্ত্ৰী গৰাকীয়ে আজি ধেমাজিৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী অনুষ্ঠানৰ সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ আগেয়ে তেওঁ গোগামুখৰ গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত শিপিনীসকলৰ মাজত সূতা বিতৰণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।