March 15, 2025 7:00 PM

views 24

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়া সমাপ্ত

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ অন্তিম দিনটোত ভালেসংখ্যক প্রার্থীয়ে তেওঁলোকৰ মনোনয়ন পত্র দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ ৩৬টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাত ২০টা আৰু কামৰূপ জিলাত থকা ১৬টা সমষ্টি আছে। গোৱালপাৰা জিলাৰ ২০টা সমষ্ট...

March 14, 2025 8:31 PM

views 17

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক প্ৰতিনিধি জেমিছন গ্ৰীৰ সৈতে মন্ত্রী পীযুষ গোৱেলৰ আলোচনা

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক প্ৰতিনিধি জেমিছন গ্ৰীৰ সৈতে পাৰস্পৰিক লাভজনক দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ ভৱিষ্যৎ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীগোৱেলে কয় যে চৰকাৰে ভাৰত প্ৰথম, বিকশিত ভাৰত আৰু সামগ্রিক কৌশলগত অংশীদাৰিত...

March 14, 2025 8:28 PM

views 15

দেশত প্ৰথম বাৰৰ বাবে খনিৰ অন্বেষণৰ অনুজ্ঞাপত্ৰ নিলাম

ভাৰতৰ খনি খণ্ডক উন্নীত কৰাৰ বাবে খনি মন্ত্ৰালয়ে গোৱা চৰকাৰৰ সহযোগত প্ৰথম বাৰৰ বাবে খনিৰ অন্বেষণৰ অনুজ্ঞাপত্ৰ নিলাম কৰিছে। কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডী আৰু গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্রমোদ ছাৱন্তে গোৱাৰ এটা অনুষ্ঠানত এই অনুজ্ঞাপত্ৰৰ নিলাম মুকলি কৰে। জিংক, কপাৰ, হীৰা আদিৰ দৰে জটিল খনি...

March 14, 2025 8:25 PM

views 14

ইছৰোৰ উপগ্রহ উৎক্ষেপনৰ জৰিয়তে প্রায় ১৪৩ মিলিয়ন আমেৰিকান ডলাৰ বৈদেশিক মুদ্ৰা আহৰণ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে উপগ্রহ উৎক্ষেপনৰ জৰিয়তে প্রায় ১৪৩ মিলিয়ন আমেৰিকান ডলাৰ বৈদেশিক মুদ্ৰা আহৰণ কৰিছে। বিগত দশকটোত ইছৰোৱে ৩৯৩টা বিদেশী উপগ্ৰহৰ লগতে তিনিটা ভাৰতীয় উপগ্রহ ব্যৱসায়িক ভিত্তিত উৎক্ষেপন কৰা বুলি মহাকাশ সংস্থাটোৰ সূত্ৰই প্ৰকাশ কৰিছে। ২০১৫ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ডিচেম...

March 14, 2025 8:14 PM

views 11

এবছুৰ ৫৭ সংখ্যক কেন্দ্রীয় অভিৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্রী ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি কোকৰাঝাৰ জিলাৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক কেন্দ্রীয় অভিৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বড়োলেণ্ড অঞ্চলৰ যুৱক-যুৱতীসকলৰ সৱলীকৰণ আৰু বিকশিত ভাৰত বিষয়বস্তুৰে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এটা মত বিনিময় কাৰ্যসূচীৰো আয়োজন কৰা হয়। এই মত...

March 14, 2025 8:11 PM

views 16

গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম চৰকাৰৰ অধিবক্তা মাখন ফুকনক নিযুক্তি

জনসাধাৰণক নিৰপেক্ষ আৰু ক্ষীপ্ৰ ন্যায় প্ৰদানৰ বাবে চৰকাৰে পূৰ্বে ঘোষণা কৰা বিচাৰ নিৰীক্ষণ সঞ্চালকালয় গঠনৰ কাম সম্পূৰ্ণ হৈছে। এই সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম চৰকাৰৰ অধিবক্তা মাখন ফুকনক নিযুক্তি দিয়া হৈছে। অধিবক্তা ধনশে দাস, শান্তনু ভট্টাচার্য আৰু মানস হালৈক উ...

March 14, 2025 8:08 PM

views 16

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপিৰ ছটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে আজি ছটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলৰ ৰাজ্যিক নিৰ্বাচন সমিতিৰ সিদ্ধান্ত অনুসৰি এই প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰা হৈছে। আজি ঘোষণা কৰা তালিকা অনুসৰি সুচিত্ৰা নাথ, ভৈৰৱ কছাৰী, প্রেমাজলি ৰাভা, মেঘালী ৰাভা, অজি...

March 14, 2025 8:05 PM

views 14

ৰাজ্যত পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন

ৰাজ্যৰ বিভিন্ন স্থানত পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত কালি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। বৰপেটাৰ পাটবাউসী, গনককুছি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল- মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্...

March 14, 2025 8:02 PM

views 42

গজমিত্ৰ আঁচনিত গোলাঘাট জিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ’ব : মন্ত্রী অজন্তা নেওগ

ৰাজ্য চৰকাৰৰ গজমিত্ৰ আঁচনিত অহা এপ্ৰিলৰ পৰা গোলাঘাট জিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব বুলি বিত্ত মন্ত্রী অজন্তা নেওগে আজি এখন সংবাদমেলত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, অসম বিধানসভাৰ বাজেট অধিৱেশনত শেহতীয়াকৈ ঘোষণা কৰা অনুসৰি গজমিত্ৰ আঁচনিত ৰাজ্যখনৰ হাতী-মানুহৰ সংঘাত থকা ৫ খন জিলাক অন্তৰ্ভুক্ত কৰা হৈছিল। দ...

March 14, 2025 7:57 PM

views 26

বহিঃৰাজ্যৰ গামোচা বেচা-কিনাত বাধা দিয়াৰ বাবে জিলা প্ৰশাসনসমূহৰ গুৰুত্ব আৰোপ

অসমৰ গামোচাই ভৌগোলিক মান্যতা লাভ কৰাৰ পাছত জিলা প্ৰশাসনসমূহে বহিঃৰাজ্যৰ গামোচা যাতে বেচা-কিনা নহয় এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। হোজাই জিলা প্রশাসনে ব্যক্তি অথবা ব্যৱসায় প্রতিষ্ঠানক থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত হাতে বোৱা গামোচা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযো...