March 17, 2025 12:53 PM

views 19

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদ পূৰণৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদ পূৰণৰ বাবে বিদ্যালয় শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকগৰাকীক প্রধানশিক্ষক পদৰ বাবে বাছনি কৰা হ'ব। তদুপৰি প্রাথমিক সঞ্চালকালয়ৰ অধীনত হোৱা বিশেষ নিযুক্তি প্ৰক্ৰিয়াত শিক্ষক এগৰাকীৰ নিযুক্তিৰ ত...

March 17, 2025 12:52 PM

views 28

অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে ৬ এপ্ৰিলত লিখিত পৰীক্ষা

অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে লিখিত পৰীক্ষা ২৩ মাৰ্চৰ পৰিৱৰ্তে ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে কালি এখন জাননীযোগে এই কথা প্ৰকাশ কৰে। প্ৰশাসনিক কাৰণত পৰীক্ষাৰ দিন সলনি কৰা হৈছে বুলি পৰিষদে জানিবলৈ দিছে। উল্লেখযোগ্য যে বিজ্ঞাপন অনুসৰি নি...

March 17, 2025 12:51 PM

views 21

ফাকুৱাৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত ১৩৭টা পথ দুৰ্ঘটনা

ফাকুৱাৰ সময়ছোৱাত ৰাজ্যখনত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত ভালেসংখ্যক লোক গুৰুতৰভাৱে আহত হয়। যোৱা ১৪ মাৰ্চত ৰাজ্যখনৰ বিভিন্ন জিলাত মুঠ ১৩৭টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে। মৃত্যুঞ্জয় ১০৮ সেৱাৰ পৰা লাভ কৰা তথ্য অনুসৰি ইয়াৰে ১১৬টা দুৰ্ঘটনা দুচকীয়া বাহনৰ, ১১টা তিনিচকীয়া আৰু ১০টা চা...

March 17, 2025 12:49 PM

views 16

বঙাইগাঁৱত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত ভূমি খননত নিষেধাজ্ঞা

বঙাইগাঁও জিলা আয়ুক্তই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত ভূমিস্খলন আৰু প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে ভূমি খননৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি জিলাখনৰ কোনো স্থানতে ব্যক্তি, দল অথবা কোনো অনুষ্ঠান সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি অবিহনে চৰকাৰী ভূমি খনন কৰিব নোৱাৰিব...

March 17, 2025 12:47 PM

views 11

যশস্বী চলচ্চিত্র নির্মাতা-পৰিচালক জাহ্নু বৰুৱাক ‘মঘাই ওজা বঁটা’ প্ৰদান

যশস্বী চলচ্চিত্র নির্মাতা, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাক কালি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটত আয়োজন কৰা অনুষ্ঠানত মঘাই ওজা বঁটা প্ৰদান কৰে। পৰিষদৰ উদ্যোগত আয়োজিত পঞ্চদশ বাৰ্ষিক মঘাই ওজা দিৱসৰ অংশ হিচাপে এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে গামোচা, চেলেং, শ...

March 17, 2025 12:45 PM

views 25

লখিমপুৰ জিলাৰ নাওবৈচা পকনীয়া ঘাটত সোৱণশিৰিৰ ভয়াৱহ খহনীয়া

লখিমপুৰ জিলাৰ নাওবৈচা পকনীয়া ঘাটত সোৱণশিৰিৰ খহনীয়াই অঞ্চলটোৰ জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। খহনীয়াৰ ফলত নাওবৈচা আৰু লখিমপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পমুৱা খাবলু, নামেচুক, কাৱৈভুৰুকা আৰু পকনীয়া ঘাটৰ বিস্তীর্ণ কৃষিভূমি, বাসগৃহ আদি নৈৰ বুকুত জাহ হৈছে। খহনীয়াৰ ফলত পাভ বনাঞ্চ...

March 17, 2025 12:42 PM

views 5

গুৱাহাটীৰ সৰুসজাই ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা ২৩ বছৰ অনূৰ্ধ্ব প্ৰথম ৰাষ্ট্ৰীয় বাস্কেট বল প্রতিযোগিতা

অসম বাস্কেট বল সংস্থাই ভাৰতীয় বাস্কেট বল ফেডাৰেচনৰ সহযোগত আজিৰে পৰা সৰুসজাই ইনড'ৰ ষ্টেডিয়ামত ২৩ বছৰ অনূৰ্ধ্ব প্ৰথম ৰাষ্ট্ৰীয় বাস্কেট বল প্রতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাখনৰ আজি সন্ধিয়া উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ২৪ মাৰ্চত এই প্ৰত...

March 17, 2025 12:41 PM

views 15

বেংককত অনুষ্ঠিত বিংশ বিশ্ব মুৱাইথাই ফেডাৰেচন চেম্পিয়নশ্বিপত অসমৰ লোপামুদ্ৰা বৰাৰ ৰূপৰ পদক অৰ্জন

থাইলেণ্ডৰ বেংককত যোৱা ৯ মাৰ্চৰ পৰা অনুষ্ঠিত বিংশ বিশ্ব মুৱাইথাই ফেডাৰেচন চেম্পিয়নশ্বিপৰ ১৮ বছৰ অনূর্ধ্ব ৪৫ কিলোগ্রাম শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ লোপামুদ্ৰা বৰাই ৰূপৰ পদক লাভ কৰিছে। গোলাঘাট জিলাৰ সৰুপথাৰৰ ক্ৰীড়াবিদগৰাকীৰ এই সাফল্যত ৰাজ্যবাসীয়ে সন্তোষ প্রকাশ কৰিছে।

March 17, 2025 12:39 PM

views 13

ইণ্টাৰনেচনেল মাষ্টাৰ্ছ লীগ টি-টুৱেণ্টী ক্রিকেট প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন শচীন তেণ্ডুলকাৰ নেতৃত্বাধীন ইণ্ডিয়া মাষ্টাৰ্ছ

শচীন তেণ্ডুলকাৰ নেতৃত্বাধীন ইণ্ডিয়া মাষ্টাৰ্ছে ইণ্টাৰনেচনেল মাষ্টাৰ্ছ লীগ টি-টুৱেণ্টী ক্রিকেট প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত কালি অনুষ্ঠিত প্রতিযোগিতাৰ চূড়ান্ত খেলখনত দলটোৱে ব্রায়ান লাৰা নেতৃত্বাধীন ৱেষ্ট ইণ্ডি...

March 17, 2025 12:37 PM

views 27

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সর্বোচ্চ ৩০ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৯ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী ...