March 19, 2025 2:45 PM

views 19

৪৫ দিনীয়া পুনর্বাসন কাৰ্যসূচীত অংশ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ

● মহাকাশত ৯ মাহ অতিবাহিত কৰাৰ পাছত নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰে যাতে পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ মাজতো সহজে জীৱন ধাৰণ কৰিব পাৰে, তাৰবাবে মহাকাশচাৰী দুগৰাকীয়ে ৪৫ দিনীয়া পুনর্বাসন কাৰ্যসূচীত অংশ লৈছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দীৰ্ঘদিন ধৰি ভাৰহীন অৱস্থাত থকা মহাকাশচাৰী দুগ...

March 19, 2025 12:38 PM

views 19

অসম-মেঘালয় সীমান্তত বন বিষয়াক অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত যোৱানিশা অচিনাক্ত দুৰ্বৃত্তই এগৰাকী বন বিষয়াক আক্ৰমণ কৰে। জিলাখনৰ তাপাত অঞ্চলত কালি বিয়লি খান্দুলিৰ খণ্ড বন বিষয়া জয়ন্তৰাম ক্ৰ'ৱে এটি সাতজনীয়া দলসহ তহল দি নিশা বন বিভাগৰ কাৰ্যালয়লৈ উভতি অহাৰ পাছত দুৰ্বৃত্তই বিষয়াগৰাকীৰ বাহনত আক্ৰমণ কৰি পলায়ন কৰে।...

March 19, 2025 12:35 PM

views 24

কাৰ্বি আংলঙত সৈনিক স্কুল নিৰ্মাণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এশ কোটি টকাৰ অনুমোদন

প্ৰতিৰক্ষা মন্ত্ৰালয়ে কাৰ্বি আংলং জিলাৰ লাংৱকুত সৈনিক স্কুল নিৰ্মাণৰ বাবে এশ কোটি টকাৰ অনুমোদন দিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰে। ৩৩৫ কোটি ৮৭ লাখ টকাৰ মুঠ আৱণ্টনৰ পৰা এই ধনৰাশি মোকলাই দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। এই সৈনিক স্কুল নির্মাণে ৰাজ্যখনৰ শিক্ষাৰ্থীস...

March 19, 2025 12:31 PM

views 25

বিদেশী ন্যায়াধীকৰণ সংক্রান্তীয় বিচাৰাধীন বিষয় নিষ্পত্তিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয় নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধীকৰণ সংক্রান্তীয় বিভিন্ন বিচাৰাধীন বিষয় নিষ্পত্তিৰ উপযুক্ত পদক্ষেপ গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰক পুনৰ এমাহ সময় দিছে। ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে কালি এই সন্দৰ্ভত শুনানি গ্রহণ কৰি ন্যায়ালয়ে ইতিপূৰ্বে চিনাক্ত কৰা চাৰিটা বিষয় সন্দৰ্ভত কিয় উচিত ব্যৱস্থা লো...

March 19, 2025 12:24 PM

views 27

মুখ্যমন্ত্ৰীয়ে ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহ অনুমোদন পত্ৰ প্ৰদানৰ কাৰ্যসূচী মুকলি কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৮৮ হাজাৰ ৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহ অনুমোদন পত্ৰ প্ৰদানৰ কাৰ্যসূচী মুকলি কৰিব। কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৃহ অনুমোদন পত্ৰ প্ৰদানৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্...

March 19, 2025 12:17 PM

views 19

খেলো ইণ্ডিয়া পেৰা গেমছ ২০২৫ৰ বাবে গীত, শুভংকৰ আৰু ল’গ’ উন্মোচন

নতুন দিল্লীত কালি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ উপস্থিতিত খেলো ইণ্ডিয়া পেৰা গেমছ ২০২৫ৰ বাবে গীত, শুভংকৰ আৰু ল'গ' উন্মোচন কৰা হয়। অহা ২০মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ ৰাজধানী নতুন দিল্লীত পেৰা গেমছ অনুষ্ঠিত হব। কালিৰ অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে খেলো ইণ্ডিয়াৰ ...

March 19, 2025 12:03 PM

views 19

কাবাডী বিশ্বকাপত ভাৰত আৰু স্কটলেণ্ডৰ মাজৰ খেলখন ৬৪-৬৪ পইণ্টত ড্র’

কাবাডী বিশ্বকাপত কালি নিশা ইংলেণ্ডৰ উলভাৰহেম্পটনত ভাৰত আৰু স্কটলেণ্ডৰ মাজত অনুষ্ঠিত খেলখন ৬৪ আৰু ৬৪ পইণ্টত ড্র' হয়। খেলখনত ভাৰতে প্ৰথম কেইমিনিটমানৰ ভিতৰতে ৭-৪ত অগ্রগতি লাভ কৰি শক্তিশালী প্ৰদৰ্শন কৰিছিল যদিও পৰৱৰ্তী ৰাউণ্ডত স্কটলেণ্ডেও সমান স্কৰ কৰিবলৈ সমৰ্থ হয় আৰু ৬৪-৬৪ পইণ্টত ৰোমাঞ্চকৰভাৱে খেলখন ...

March 19, 2025 12:00 PM

views 21

মধ্যপ্ৰদেশত মন্দিৰ দৰ্শনৰ বাবে যোৱা যাত্রীভর্তি নাও দুৰ্ঘটনাত পতিত

মধ্যপ্ৰদেশৰ শিৱপুৰি জিলাৰ মাতাটিলা ধামত কালি সন্ধিয়া মন্দিৰ দৰ্শনৰ বাবে যোৱা যাত্রীভর্তি এখন নাও দুৰ্ঘটনাত পতিত হয়। নাওখনত থকা ১৫ জন লোকক উদ্ধাৰ কৰা হয় যদিও এতিয়াও ৭ জন লোক সন্ধানহীন হৈ আছে । ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনীয়ে নিৰুদিষ্ট লোক কেইজনৰ সন্ধানত অভিযান অব্যহাত ৰাখিছে। এই দুৰ্ঘটনাৰ খবৰ পোৱ...

March 19, 2025 11:53 AM

views 18

মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত আলোচনা

মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত প্ৰায় ডেৰঘণ্টাজোৰা আলোচনাৰ অন্তত কালি নেতা দুগৰাকীয়ে সকলো শক্তি আন্তঃগাঁথনি খণ্ডত ৩০ দিনৰ যুদ্ধ বিৰতিত সন্মতি প্রকাশ কৰে। অৱশ্যে ইউক্রেইনে এতিয়ালৈকে সীমিত শক্তি যুদ্ধ বিৰতি প্ৰস্তাৱত কোনো ধৰণৰ সহমত অথবা প্রতিক্রিয়া প...

March 19, 2025 11:50 AM

views 39

নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ বৈঠক

নেপালৰ বিদেশ মন্ত্ৰী ড০ আর্জু ৰানা দেওবা আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ কালি নতুন দিল্লীত এখন বৈঠকত মিলিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে আয়োজন কৰা দশম ৰাইছিনা ডায়লগ শীর্ষ সন্মিলনৰ সুযোগতে মন্ত্ৰী দুগৰাকী আলোচনাত মিলিত হয়। নেপালৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ড০ জয়শংকৰ সৈতে এই বৈঠক...