March 30, 2025 3:30 PM

views 33

ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰিত প্ৰসাদ খাই ৫০ জনৰো অধিক লোক অসুস্থ

■ ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰিত প্ৰসাদ খাই ৫০ জনৰো অধিক লোক শৌচ, বমি, পেটৰ বিষ, মূৰৰ বিষত আক্ৰান্ত হৈছে। অসুস্থ লোকসকলক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমানেও চিকিৎসালয়ত ৪০ জনৰো অধিক লোক চিকিৎসাধীন হৈ আছে। গুৰুতৰভাৱে অসুস্থ সকলক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাতলৈ প্ৰেৰণ ...

March 30, 2025 2:25 PM

views 39

শ্রীভূমিত ৪জন বাংলাদেশী নাগৰিকক আটক

■ শ্রীভূমি আৰক্ষীয়ে কালি ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা চলোৱা চাৰিজন বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ ওভতাই পঠিয়াই। এই লোক কেইজনক মহম্মদ শ্বাৱন, মহম্মদ এছ এম পলাছ, আদ্দাছ মল্লিক আৰু ৰুকছানা বেগম বুলি চিনাক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে। যোৱা ব...

March 30, 2025 2:13 PM

views 47

যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰে’লৱে উৰন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ

যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰে'লৱে উৰন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰিব। উৰণ সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট মিছন হাস্পতালৰ সমীপত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ কথা। সেই উদ্দেশ্...

March 30, 2025 1:40 PM

views 22

বঢ়মপুৰ সমষ্টিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰকল্পৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰিব

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বঢ়মপুৰ সমষ্টিত কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব৷ কামপুৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত দিনৰ ২ বজাত আয়োজিত ৰাজহুৱা সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্রী পীযূষ হাজৰিকা, সাংসদ কামাখ্যা প্ৰসাত তাছা আৰু বিধায়ক জিতু গোস্বামীয়ে অ...

March 30, 2025 1:15 PM

views 29

ছাত্ৰ-ছাত্ৰীসকলে শিকিবৰ বাবে বৰ্তমান বহু নতুন নতুন উপায় ওলাইছেঃ প্রধানমন্ত্ৰী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ'বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাড়ী উৎস...

March 29, 2025 9:13 PM

views 9

যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ বাৰ্ষিক প্ৰযুক্তি সমাৰোহ টেকন’ভাছ মুকলি মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ তথ্য প্রযুক্তি বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই আজি যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ বাৰ্ষিক প্ৰযুক্তি সমাৰোহ টেকন’ভাছ মুকলি কৰে। কৃত্রিম বুদ্ধিমত্তাক মূল বিষয়বস্তু হিচাপে লৈ এই সমাৰোহৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ৰূপম বৰুৱাৰ লগতে কে...

March 29, 2025 9:11 PM

views 18

গেৰুকামুখত নির্মীয়মাণ সোৱনশিৰি জলবিদ্যুৎ প্রকল্পত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু

ধেমাজী জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নির্মীয়মান সোৱনশিৰি জলবিদ্যুৎ প্রকল্পত কৰ্মৰত অৱস্থাত আজি এগৰাকী শ্ৰমিকৰ মৃত্যু হয়। শ্রমিকজন গোগামুখৰ ওখমাটি বদতিৰ অবিনাশ দলে বুলি জানিব পৰা গৈছে। পাৱাৰ হাউছত কাম কৰি থকা অৱস্থাত সুউচ্চ স্থানৰ পৰা তললৈ পৰি যোৱাৰ ফলত শ্রমিকজনৰ মৃত্যু হয়। উল্লেখযোগ্য...

March 29, 2025 9:09 PM

views 14

লখিমপুৰ লালুক ক্রীড়া সন্থাৰ খেলপথাৰত সদৌ অসম আন্তঃজিলা ছিনিয়ৰ মহিলা হেণ্ডবল প্রতিযোগিতা

লখিমপুৰ লালুক ক্রীড়া সন্থাৰ খেলপথাৰত আজি একবিংশ অচ্যুত বৰুৱা সোৱৰণি সদৌ অসম আন্তঃজিলা ছিনিয়ৰ মহিলা হেণ্ডবল প্রতিযোগিতাৰ উদ্বোধন কৰা হয়। লখিমপুৰ জিলা হেণ্ডবল সন্থাৰ উদ্যোগত তথা লখিমপুৰ জিলা ক্রীড়া বিষয়াৰ কাৰ্যালয় আৰু লালুক ক্ৰীড়া সন্থাৰ সহযোগত আয়োজিত এই প্রতিযোগিতাত প্ৰতিযোগিতাখনৰ সভাপতি, সম্...

March 29, 2025 8:47 PM

views 12

পাঠশালাত ১০ লাখ টকা ব্যয় সাপেক্ষ ক্রীড়া সামগ্ৰী আৰু পাঠশালা টাউন ক্লাবৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ চেক প্ৰদান

পাঠশালাত ১০ লাখ টকা ব্যয় সাপেক্ষ ক্রীড়া সামগ্ৰী আৰু পাঠশালা টাউন ক্লাবৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি ৫ লাখ টকাৰ চেক প্ৰদান কৰে। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তত্ত্বাৱধানত অনুষ্ঠিত এটা অনুষ্ঠানত মন্ত্ৰী দাসে ভাষণ দি কয়, ...

March 29, 2025 11:55 AM

views 21

আই পি এলৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত চেন্নাই ছুপাৰ কিংছ ৫০ ৰাণত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক ৫০ ৰাণত পৰাস্ত কৰে। চেন্নাইয়ে ১৯৭ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৪৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ৰাচিন ...