March 30, 2025 8:21 PM

views 21

ছট্টিশগড়ত ৩৩,৭০০ কোটিতকৈও অধিক ধনৰ ব্যয়সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছট্টিশগড়ৰ বিলাসপুৰ জিলাৰ মোহভট্টাত গৃহ নিৰ্মাণ, শিক্ষা, তেল আৰু গেছ, ৰে'ল, পথ তথা বিদ্যুৎ শক্তি সম্পৰ্কীয় ৩৩,৭০০ কোটিতকৈও অধিক ধনৰ ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক উন্নয়নমূলক প্রকল্প মুকলি কৰে। এই উপলক্ষে আ...

March 30, 2025 7:15 PM

views 33

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত

● ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত কেইঘণ্টামান বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। গোৱালপাৰা আৰু কামৰূপৰ ৩৩টা পৰিষদীয় সমষ্টিত অহা ২ এপ্ৰিলত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে বিজেপি, মিত্রদল অসম গণ পৰিষদ আৰু ৰাভা হাচং যৌথ সংগ্রাম সমিতিয়ে ...

March 30, 2025 6:55 PM

views 29

শিশু আৰু কিশোৰ-কিশোৰী আলোচনী মুকুতাৰ উদ্যোগত শিশুৰ আবৃত্তি কর্মশালা

● অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰ-কিশোৰী আলোচনী মুকুতাৰ উদ্যোগত আজি শিশুৰ আবৃত্তি কর্মশালা অনুষ্ঠিত হয়। পৰিষদৰ সভাগৃহত অনুষ্ঠিত কুঁহিপাত পদ্য আবৃত্তি শীর্ষক কর্মশালাখন প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তথা অভিধান প্রণেতা সুমন্ত চলিহাই উদ্বোধন কৰে। কর্মশালাখনত বিশিষ্ট আবৃত্তিকাৰ, ঘোষক অৱনী ...

March 30, 2025 6:49 PM

views 30

ঈদ-উল-ফিটৰ উদযাপনৰ বাবে সাজু ইছলাম ধৰ্মাৱলম্বী লোকসকল

● ৰমজান মাহজোৰাৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কাইলৈ ঈদ-উল-ফিটৰ উদযাপনৰ বাবে সাজু হৈছে। ঈদ-উল-ফিটৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে। ঈদৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ বজাৰত বিভিন্ন সামগ্ৰীৰে উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। একেদৰে ঈদ নামাজৰ বাবে ঈদগাহ আৰু মছজিদসমূহ সজ...

March 30, 2025 6:34 PM

views 26

কামপুৰত কপিলী নৈৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

● মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁৱৰ কামপুৰত কপিলী নৈৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ শুভ উদ্বোধন কৰে। ২৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা দলংখন উন্মোচন কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কামপুৰ ৰে'লৱে উৰণ সেতুও মুকলি কৰে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁও জিলাৰ পুৰণিগুডামৰ ঐতিহ্যমণ্ডিত বাপুজী ভৱ...

March 30, 2025 6:06 PM

views 25

বেংগালুৰু-গুৱাহাটী কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত

ওড়িশাৰ কটক জিলাৰ নিৰগুন্দি ৰে'লৱে ষ্টেচনৰ সমীপত আজি বেংগালুৰু-গুৱাহাটী কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ১১টা দবা লাইনচ্যুত হৈ এজন লোক নিহত হোৱাৰ লগতে কমেও ৭ জন লোক আহত হৈছে। আহত যাত্রীসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে ঘটনাস্থলীত ৰে'ল বিভাগৰ ...

March 30, 2025 5:52 PM

views 36

নাগপুৰত উপস্থিত প্রধানমন্ত্ৰী মোদীঃ ভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মহাৰাষ্ট্ৰৰ নাগপুৰত উপস্থিত হৈছে। তাত তেওঁ স্মৃতি মন্দিৰ দৰ্শন কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ড° কেশৱ হেডগেৱাৰ আৰু মাধৱৰাও গলৱাকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভগত, কেন্দ্রীয় মন্ত্রী নীতিন গাড...

March 30, 2025 4:39 PM

views 53

মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী মোদীৰ মনৰ ভাৱ ব্যক্ত

■ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ'বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাড়ী উৎস...

March 30, 2025 3:40 PM

views 36

চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেটত আই আই টি গুৱাহাটীৰ বিজয়ৰ খিতাপ

■ ডিব্ৰুগড় বিশ্ববিদ্যালয় খেলপথাৰত কালি অনুষ্ঠিত চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেট প্রতিযোগিতাত আই আই টি গুৱাহাটীয়ে বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। কালি অনুষ্ঠিত চূড়ান্ত খেলত আই আই টি গুৱাহাটীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। ডিব্ৰুগড় জিলা ক্রীড়া ...

March 30, 2025 3:35 PM

views 26

ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

◆ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ অন্যতম প্রধান নগৰ-ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰিছে। এই সম্পৰ্কত ডিব্ৰুগড়ৰ নাগৰিকসকলৰ অভিমতৰ ভিত্তিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আকাশবা...