April 1, 2025 12:28 PM

views 39

বতৰৰ বতৰাঃ

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৬.৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান ...

April 1, 2025 12:25 PM

views 35

দিনৰ ১.২০ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘প্ৰাসংগিক’ অনুষ্ঠানত ‘আপুনি কেনে আছে’ শীৰ্ষক অনুষ্ঠান

● যোৱা ২৯ মাৰ্চত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আয়োজন কৰা ‘আপুনি কেনে আছে' শীৰ্ষক অনুষ্ঠানৰ আধাৰত প্ৰস্তুত কৰা এটা বিশেষ অনুষ্ঠান আজি দিনৰ ১ বাজি ২০ মিনিটত প্ৰাসংগিক অনুষ্ঠানত শুনিবলৈ পাব। অনুষ্ঠানটি প্রযোজনা কৰিব আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।

April 1, 2025 11:57 AM

views 42

সম্পত্তি কৰ আদায়ৰ সময়সীমা বৃদ্ধি কৰা নহ’বঃ গুৱাহাটী পৌৰ নিগম

● গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই সম্পত্তি কৰ আদায়ৰ সময়সীমা বৃদ্ধি কৰা নহ'ব বুলি প্ৰকাশ কৰিছে। এই সময়সীমা বৃদ্ধি কৰাৰ বাবে একাংশ লোকে আহ্বান জনাইছিল যদিও নিগমে সময়সীমা বৃদ্ধি নকৰাৰ কথা স্পষ্ট কৰি দিয়ে। আজিৰেপৰা অতিৰিক্ত ২০ শতাংশ কৰ আদায় কৰা হ'ব বুলিও পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই প্ৰকাশ কৰিছে। ন...

April 1, 2025 11:48 AM

views 17

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ উমৈহতীয়া পেন্সন আঁচনি আজিৰেপৰা কাৰ্যকৰী

● কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে উমৈহতীয়া পেন্সন আঁচনি আজিৰেপৰা কাৰ্যকৰী হৈছে। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত এটা বিকল্প হিচাপে এই আঁচনি প্ৰৱৰ্তন কৰিছিল। পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ - পি এফ আৰ ডি এ-য়ে শেহতীয়াকৈ এই আঁচনিৰ কাৰ্য্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকা...

April 1, 2025 11:29 AM

views 27

ধান আৰু সৰিয়হৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি অসম চৰকাৰৰ

● কৃষকৰ আয় বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ধান আৰু সৰিয়হৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কৃষি বিভাগে জনোৱা অনুসৰি সংগৃহীত ধানৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত ২৫০ টকাকৈ আৰু সৰিয়হত প্ৰতি কুইণ্টলত ৫০০ টকাকৈ বৃদ্ধি কৰা হৈছে। ফলস্বৰূপে এতিয়াৰে পৰা ধানত পূৰ্বৰ নিৰ্ধাৰিত ন্য...

April 1, 2025 11:16 AM

views 34

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলঃ নতুনকৈ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ মুখ্যমন্ত্রীৰ আহ্বান

● উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিল হোৱা তিনিটা বিষয়ৰ পৰীক্ষা নতুনকৈ অনুষ্ঠিত নকৰাৰ কথা বিবেচনা কৰিবলৈ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আৰু শিক্ষা বিভাগক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে কালি সামাজিক মাধ্যমযোগে এই পৰামৰ্শ আগবঢ়ায়। তেওঁ কয়, যে দ্...

April 1, 2025 11:10 AM

views 14

আজিৰেপৰা ঘৰুৱা বিদ্যুৎ গ্রাহকৰ বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ প‍ইচাৰ পৰা ১ টকালৈ হ্ৰাস

■ ৰাজ্যত আজিৰেপৰা ঘৰুৱা বিদ্যুৎ গ্রাহকৰ বাবে বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ প‍ইচাৰ পৰা এটকালৈকে হ্ৰাস কৰা হ'ব। সাধাৰণ গ্ৰাহকৰ উপৰি উদ্যোগ, কাৰখানা, কৃষি ইত্যাদি বাণিজ্যিক সংযোগ থাকা গ্ৰাহকসকলৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ২৫ পইচাকৈ মাচুল হ্ৰাস পাব। অৱশ্যে গ্ৰাহকসকলে মে' মাহৰ মাচুলতহে ইয়াৰ প্ৰতিফলন দেখা পাব...

April 1, 2025 10:55 AM

views 35

কাইলৈ ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

● ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব। গোৱালপাৰা আৰু কামৰূপৰ মুঠ ৩৩টা পৰিষদীয় সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত ১৯টা আৰু কামৰূপ জিলাত ১৪টা সমষ্টি আছে। নিৰ্বাচনৰ বাবে জিলা দুখনৰ প্ৰশাসন সম্পূৰ্ণৰূপে সা...

April 1, 2025 10:37 AM

views 39

৫ এপ্ৰিলৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনাঃ মুখ্যমন্ত্রী

● অহা ৫ এপ্ৰিলৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্বনাথত আয়োজিত অনুষ্ঠানত প্ৰকাশ কৰে। পঞ্চায়ত নিৰ্বাচনৰ লগতে বি টি আৰ নিৰ্বাচনৰ বাবেও ৰাজ্যিক বিজেপিয়ে যাৱতীয় তৎপৰতা আৰম্ভ কৰিছে। এই অনুসৰি কালি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকী...

March 31, 2025 9:29 PM

views 13

ম্যানমাৰত ভূমিকম্পত এতিয়ালৈকে দুহেজাৰতকৈও অধিক লোকৰ মৃত্যু

ম্যানমাৰক যোৱা সপ্তাহত জোকাৰি যোৱা ভয়ংকৰ ভূমিকম্পত এতিয়ালৈ মৃত্যু হোৱা লোকৰ সংখ্যা দুহেজাৰতকৈও অধিক হৈছেগৈ। যোৱা শুকুৰবাৰে ম্যানমাৰত ৭ দশমিক ৭ প্রাবল্য আৰু ৬ দশমিক ৭ প্রাবল্যৰ ওপৰা-উপৰিকৈ অহা দুটা ভূমিকম্পই দেশখনৰ মান্দালেই অঞ্চলক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। দেশখনত অহা এই ভয়ংকৰ ভূমিকম্পই থাইলেণ্ড,...