April 3, 2025 1:06 PM

views 23

ৰাণা প্রতাপ কলিতালৈ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান

২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্রদান ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই আজি বিয়লি ৩ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্রদান কৰিব। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতালৈ অসম বৈভৱ সন্মান...

April 3, 2025 1:02 PM

views 34

দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ

অসমত অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১১ এপ্ৰিললৈ মনোনয়ন পত্র দাখিল কৰিব পৰা যাব। ১২ এপ্রিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব আৰু ১৭ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰি...

April 3, 2025 12:52 PM

views 20

আই পি এলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ

গুজৰাট টাইটানছে যোৱানিশা বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুক ৮ উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটানছে ১৭০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু ৫টা বলত দুটা উইকেট হেৰুৱাই নির্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে ৰয়েল ছেল...

April 3, 2025 12:47 PM

views 14

ম্যানমাৰত হোৱা ভূমিকম্পত মৃত্যু হোৱাৰ লোকৰ সংখ্যাই ২,৮৮৬ অতিক্ৰম

ম্যানমাৰত যোৱা সপ্তাহত অহা ভূমিকম্পত মৃত্যু হোৱাৰ লোকৰ সংখ্যাই দুহেজাৰ ৮৮৬ অতিক্ৰম কৰিছে। ভূমিকম্পৰ ফলত চাৰি হেজাৰ ৬০০ৰো অধিক লোক আহত হৈছে আৰু ৩৭৩ জন লোক সন্ধানহীন হৈ আছে। দেশখনৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উদ্ধাৰকাৰী দলে ভূমিকম্পৰ ৫ দিন পাছত কালি ধবংসস্তূপৰ মাজৰ পৰা এজন যুৱকক জীৱন্তে উদ্ধাৰ ...

April 3, 2025 12:43 PM

views 16

লোকসভাত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ সম্পর্কীয় সাংবিধানিক প্রস্তাৱ গ্ৰহণ

লোকসভাই মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ সম্পর্কীয় সাংবিধানিক প্রস্তাৱ গ্ৰহণ কৰিছে। কংগ্ৰেছৰ শশী থাৰুৰ, এছ পিৰ লালজী বাৰ্মা, শিৱসেনাৰ অৰবিন্দ চাবন্ত, টি এম চিৰ চায়নী ঘোষ আৰু আন আনসকলে এই প্রস্তার সন্দৰ্ভত সদনত ভাষণ দি ৰাজ্যত হিংসাত্মক পৰিস্থিতি আৰু স্থানীয় জনসাধাৰণে সম্মুখীন হোৱা দুৰ্গতিৰ বিষয়টো উত্থাপ...

April 3, 2025 12:32 PM

views 43

লোকসভাত ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত

লোকসভাই বিৰোধী পক্ষই উত্থাপন কৰা সংশোধনৰ প্ৰস্তাৱ খাৰিজ কৰি ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত কৰিছে। লোকসভাত কালি ২৮৮ গৰাকী সাংসদে বিধেয়কখনৰ সপক্ষে আৰু ২৩২ গৰাকী সদস্যই ইয়াৰ বিপক্ষে ভোটদান কৰে। নিম্ন সদনত শেষ নিশালৈকে ১২ ঘণ্টাৰো অধিক সময় ধৰি বিধেয়কখনক লৈ আলোচনা কৰা হয়। ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ৰ মূল উ...

April 2, 2025 9:27 PM

views 23

সংসদে আপ্ৰৱাসন আৰু বিদেশী আইন ২০২৫ গ্ৰহণ কৰিছে

সংসদে আপ্ৰৱাসন আৰু বিদেশী আইন ২০২৫ গ্ৰহণ কৰিছে। ৰাজ্যসভাই আজি বিধেয়কখনত অনুমোদন জনায়। লোকসভাত বিধেয়কখন ইতিপূর্বে গৃহীত হৈছে। এই বিধেয়কখনৰ জৰিয়তে দেশত বিদেশীৰ আপ্ৰৱাসন, প্ৰবেশ আৰু বাস নিয়ন্ত্ৰণ কৰিব বিচৰা হৈছে আৰু আপ্ৰৱাসন আইনসমূহৰ আধুনিকীকৰণেই বিধেয়কখনৰ মূল উদ্দেশ্য।

April 2, 2025 9:23 PM

views 53

ডেৰ বছৰৰ ভিতৰত সকলো ৰে’ল ষ্টেচনতে পৰ্যাপ্ত সংখ্যাত চিচি টিভি কেমেৰা স্থাপন কৰা হ’বঃ অশ্বিনী বৈষ্ণৱ

ডেৰ বছৰৰ ভিতৰত সকলো ৰে'ল ষ্টেচনতে পৰ্যাপ্ত সংখ্যাত চিচি টিভি কেমেৰা স্থাপন কৰা হ'ব বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। লোকসভাত আজি প্রশ্নোত্তৰ কালত সোধা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰীবৈষ্ণৱে কয় যে দেশৰ বিভিন্ন প্ৰান্তত ৰে'ল ষ্টেচনত চিচি টিভি কেমেৰা স্থাপনৰ কাম চলি আছে। মহিলাসকলৰ নিৰাপত...

April 2, 2025 9:02 PM

views 35

দেশত ৭২৮ খন একলব্য আদর্শ আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে দেশত ৭২৮ খন একলব্য আদর্শ আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য স্থিৰ কৰিছে। এই বিদ্যালয়সমূহৰ পৰা অনুসূচিত জনজাতি সম্প্ৰদায়ৰ প্ৰায় চাৰে তিনি লাখ শিক্ষার্থী উপকৃত হ'ব বুলি অনুমান কৰা হৈছে। বৰ্তমানলৈকে ৭২১খন বিদালয়ত অনুমোদন জনোৱা হৈছে আৰু ইয়াৰে ভিতৰত ৪৭৭খন বিদ্যালয় কার্যক্ষম হৈ উঠিছে।...

April 2, 2025 8:58 PM

views 39

অসম ৰাজ্যিক নির্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা

অসম ৰাজ্যিক নির্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগে কৈছে যে ৰাজ্যখনত ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যিক নির্বাচন আয়ুক্ত অলোক কুমাৰে আজি গুৱাহাটীত এখন সংবাদ মেলত কয় যে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ষষ্ঠ অনুসূচীৰ এলেকাসমূহৰ বাহিৰে...